ETV Bharat / state

পুনৰ পৰাধীন হোৱাৰ দিশে আমি: কিয় ক্ষোভ উজাৰিলে প্ৰবীণ মুক্তিযোদ্ধাই ? - FREEDOM FIGHTER OF ASSAM

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 4:28 PM IST

Freedom fighter of Assam: বৃহস্পতিবাৰে 78 সংখ্যক স্বাধীনতা দিৱস ৷ ইয়াৰ পূৰ্বে পৰাধীনতাৰ পৰা মুক্তি পাবলৈ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা এগৰাকী প্ৰবীণ মুক্তিযোদ্ধাৰ মুখেৰে শুনো আহক এই সংগ্ৰামৰ বিষয়ে তথা স্বাধীনোত্তৰ সময়ত হোৱা দেশ-ৰাজ্যৰ পৰিৱৰ্তনৰ বিষয়ে ৷ তেওঁ হ’ল টীয়কৰ হাঁহচৰা চেতিয়া গাঁৱৰ স্বাধীনতা সংগ্ৰামী চন্দ্ৰধৰ চেতিয়া ৷

78th Independence Day
স্বাধীনতা সংগ্ৰামী চন্দ্ৰধৰ চেতিয়া (ETV Bharat Assam)

টীয়ক, 14 আগষ্ট: 78 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে প্ৰবীণ মুক্তিযোদ্ধাই ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে ৷ যোৰহাট জিলাৰ টীয়কৰ মুক্তিযোদ্ধা চন্দ্ৰধৰ চেতিয়াই 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰিলে বিভিন্ন চৰকাৰী নীতিক ৷ আনহাতে, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উৎফুল্লিত হৈ পৰাও পৰিলক্ষিত হৈছে চেতিয়াক ।

প্ৰবীণ মুক্তিযোদ্ধা চন্দ্ৰধৰ চেতিয়া (ETV Bharat Assam)

উল্লেখ্য যে, 1928 চনত টীয়কৰ হাঁহচৰা চেতিয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল প্ৰবীণ মুক্তিযোদ্ধাগৰাকীয়ে ৷ 14 আগষ্টৰ দিনা গান্ধী টুপী পৰিধান কৰি সেই সময়ৰ কথা স্মৰণ কৰি আনন্দ লভিছে মুক্তিযোদ্ধাগৰাকীয়ে ।

মুক্তিযোদ্ধাগৰাকীয়ে সেই সময়ক স্মৰণ কৰি কয়, "বিদ্যালয়ত পঢ়ি থকা সময়তে বগা বঙালৰ পৰাধীনতাক অস্বীকাৰ কৰি জপিয়াই পৰিছিলো স্বাধীনতা আন্দোলনত । হয় মৰিম নহয় দেশ স্বাধীন কৰিম বুলি সংকল্প লৈ ৷ ৰাইজক লগত লৈ ওলাই গৈছিলো সংগ্ৰামী নেতাসকলৰ লগত । অৱশেষত দেশ স্বাধীন হ'ল । স্বাধীনতাৰ সোৱাদ ল'বলৈ উৎকন্ঠাৰে আগবাঢ়িল এইসকল সংগ্ৰামী । পিছে স্বাধীনতা সংগ্ৰামী বুলি কেৱল এটা পেঞ্চনৰ বাদে একো সা-সুবিধা নাপালো ।"

লংকালৈ গ’লে সকলো ৰাৱণ হয় বুলি উল্লেখ কৰি নিজৰ ত্যাগৰ বিনিময়ত একো নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে । আনকি নিজৰ চাৰিটাকৈ সন্তান উচ্চ শিক্ষিত হোৱাৰ পাছতো ৰাজনৈতিক মেৰপাকৰ বাবে এজনেও চৰকাৰী সংস্থাপন নাপালে বুলিও চেতিয়াই আক্ষেপ প্ৰকাশ কৰে ।

ইপিনে বৰ্তমানৰ চৰকাৰক সমালোচনা কৰি তেওঁ কয়, "আঁচনিৰ নামত সকলো ৰাইজকে নিষ্কৰ্মা কৰিলে, যিটো কোনোদিনেই গ্ৰহণযোগ্য নহয় ৷ স্বাধীন দেশৰ নাগৰিক হোৱাৰ পাছতো এতিয়া পুনৰ পৰাধীন হোৱাৰ এক পৰিৱেশ আহি পৰিছে ।"

স্বাধীনতা সংগ্ৰামীগৰাকীয়ে এই ক্ষোভবোৰ কাৰ আগত প্ৰকাশ কৰিব বুলি উল্লেখ কৰি সংগ্ৰামী সতীৰ্থসকলো বৰ্তমান নাই বুলি দুখ প্ৰকাশ কৰে ।

স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত প্ৰশাসন, সংবাদ মাধ্যমকে ধৰি বিভিন্নজনে এইদৰে আহি তেওঁৰ কাষত উপস্থিত হোৱা তথা তেওঁৰ খবৰ লোৱাটোতেই তেওঁ আনন্দিত হৈছে বুলি কয় মুক্তিযোদ্ধাগৰাকীয়ে ।

লগতে পঢ়ক: 78 সংখ্যক স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে কোন জিলাত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা - 78th Independence Day

চৰকাৰে পাহৰিলে পূৰ্ণানন্দ গগৈক : আজিও নাপালে কোনো চৰকাৰী সুবিধা - Freedom fighter Purnananda Gogoi

প্ৰবীণ মুক্তিযুঁজাৰু জীতেন্দ্ৰ নাথ শৰ্মাৰ 101 বছৰ বয়সত দেহাৱসান - Freedom fighter Jitendra Nath Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.