ETV Bharat / state

মহানগৰীত বিনামূলীয়া কৃত্রিম অংগ সংৰোপণ শিবিৰৰ আয়োজন - Help For Specially Abled People

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 5:49 PM IST

Free artificial organ transplant camp : কোনো কাৰণত হাত-ভৰি হেৰুওৱাসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে উদয়পুৰৰ নাৰায়ণ সেৱা সংস্থা । দিব্যাংগসকলৰ কল্যাণৰ বাবে বিনামূলীয়া কৃত্রিম অংগ শিবিৰত সংৰোপণ কৰা হ'ব কৃত্রিম ভৰি আৰু হাত ।

Free artificial organ transplant camp
নাৰায়ণ সেৱা সংস্থা (ETV BHARAT ASSAM)
নাৰায়ণ সেৱা সংস্থাৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, ১০ মে’: গুৱাহাটী মহানগৰীত প্রথমবাৰৰ বাবে আয়োজন কৰা হৈছে এক কৃত্রিম অংগ সংৰোপণ শিবিৰৰ । বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আয়োজন কৰা হৈছে এই শিবিৰ । কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংৰোপণ শিবিৰটোৰ আয়োজন কৰিছে ৰাষ্ট্রীয় বঁটাপ্ৰাপক ৰাজস্থানৰ উদয়পুৰৰ নাৰায়ণ সেৱা সংস্থাই ।

দিব্যাংগসকলৰ কল্যাণৰ বাবে হ’বলগীয়া এই বিনামূলীয়া কৃত্রিম অংগ সংৰোপণ শিবিৰটো ১২ মে'ত গুৱাহাটীৰ পল্টন বজাৰস্থিত আশী অপ্সৰাত অনুষ্ঠিত হ'ব । বৃহস্পতিবাৰে মহানগৰীত আয়োজিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে সংস্থাটোৰ সঞ্চালক ট্রাষ্টী দেৱেন্দ্র চৌবিছাই ৷

বুধবাৰে সংস্থাটোৰ সঞ্চালক ট্রাষ্টী দেৱেন্দ্র চৌবিছাই এই অনুষ্ঠান সন্দর্ভত কয়, "দুর্ঘটনা বা ৰোগৰ পৰিণামস্বৰূপে হাত বা ভৰি হেৰুৱাবলগীয়া হোৱা লোকসকলক তেওঁলোকৰ এনে জীৱনৰ পৰা মুক্তি দিয়াৰ বাবে সংস্থাটো দায়বদ্ধ" ৷

এই সংস্থাটোৱে বিগত ৩৯ বছৰ ধৰি নিষ্ঠাৰে মানৱতাৰ সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰে ট্রাষ্টী দেৱেন্দ্র চৌবিছাই । নাৰায়ণ সেৱা সংস্থাই অসমৰ প্ৰতিবন্ধী লোকসকলক সহায় কৰাৰ উদ্দেশ্যে ১২ মে'ৰ পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিনামূলীয়া নাৰায়ণ কৃত্রিম অংগ সংৰোপণ অনুষ্ঠানৰ আয়োজন কৰিছে ।

সংস্থাটোৰ সঞ্চালক ট্রাষ্টী দেৱেন্দ্র চৌবিছাই পুনৰ কয় যে, সিদিনা পুৱা ৯ বজাত এই শিবিৰটো উদ্বোধন কৰিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । সংস্থাটোৰ প্ৰস্থেটিক আৰু অর্থ’টিক্স চিকিৎসকৰ বিশেষভাৱে প্রশিক্ষিত আৰু অভিজ্ঞ দল এটাই শিবিৰৰ সময়ত বিশেষভাৱে সক্ষম লোকৰ হাত বা ভৰিৰ সঠিক জোখ-মাখ লোৱাৰ লগতে লঘু আৰু নমনীয় কৃত্রিম অংগ প্ৰস্তুতৰ কাম আৰম্ভ কৰিব ।

দুমাহৰ পাছত সংস্থাটোৱে মডিউলাৰ কৃত্রিম হাত-ভৰি বিতৰণ শিবিৰৰ আয়োজন কৰি দিব্যাংগসকলৰ দেহত বিনামূলীয়াকৈ সংৰোপণ কৰিব । এই শিবিৰত ৮০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে কৰে নাৰায়ণ সেৱা সংস্থাই । ইতিমধ্যে ৬২৫ গৰাকীতকৈও অধিক ব্যক্তিয়ে শিবিৰৰ বাবে পঞ্জীয়ন সম্পূর্ণ কৰিছে বুলি তেওঁ কয় ।

লগতে পঢ়ক:Help For Specially Abled People In Silapathar: চিলাপথাৰত কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিৱিৰ

Help For Specially Able People In Majuli: মাজুলীত কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.