ETV Bharat / state

মৃতকৰ নামত ধন সংগ্ৰহ কৰি জালত পৰিল যুৱক - Fake Facebook Account

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 3:02 PM IST

Fraud detained : অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰৱঞ্চনা কৰা বহুকেইজন আৰক্ষীৰ জালত পৰা লগতে বহু মহা প্ৰৱঞ্চক এতিয়াও পলাতক। অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰি থকা সময়ত মৰাণত পোহৰলৈ আহিল আন এক প্ৰৱঞ্চনাৰ কাহিনী ।

Fraud detained
পোহৰলৈ আহিল আন এক প্ৰৱঞ্চনাৰ কাহিনী (ETV Bharat Assam)

মৰাণ, ১১ ছেপ্টেম্বৰ : আপুনি যদি ফেচবুক বা অন্য সামাজিক মাধ্যমত আৰ্থিক সাহাৰ্যৰ প'ষ্ট দেখি সহায় আগবঢ়াম বুলি ভাবিছে তেন্তে সাৱধান ! কিয়নো আপোনাৰ সেই সাহাৰ্য লাভ কৰিব পাৰে আন কোনোবা দুষ্ট চক্ৰই । তেনে এক ঘটনা সংঘটিত হৈছে মৰাণত । ফেচবুকত বিভিন্ন গৰাকীৰ নামত ভুৱা একাউণ্ট খুলি বেমাৰীৰ নামত সাহাৰ্য বিচাৰি বা টকা সংগ্ৰহ কৰি মৰাণ আৰক্ষীৰ আলহী হ'ব লগা হ'ল মৰাণৰ যুৱকজন।

মৃতকৰ নামত ধন সংগ্ৰহ কৰি জালত পৰিল যুৱক (ETV Bharat Assam)
  • কিয় সোমাল ৰঙাঘৰত ?

ফেচবুকত ভুৱা একাউণ্ট খুলি ৰোগীৰ সাহাৰ্যৰ নামত ধন সংগ্ৰহ কৰি ৰঙাঘৰৰ আলহী হ'ল মৰাণৰ ৰূপম চুতীয়া । উল্লেখ্য যে কেইমাহমানৰ পূৰ্বে মৰাণৰ আনিশা শইকীয়া নামৰ এগৰাকী শিশুৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছিল পৰিয়ালবৰ্গ ।

বাতৰিও পৰিবেশন হ'ল, বহু লোকে সাহাৰ্যও প্ৰদান কৰিলে । ইয়াৰে আলম লৈ প্ৰৱঞ্চক ৰূপম চুতীয়াই আৰম্ভ কৰিলে ধন সংগ্ৰহ। শিশুটিৰ ফটো লৈ ফেচবুকত ভুৱা একাউণ্ট খুলি আৰম্ভ কৰিলে ধন সংগ্ৰহৰ অভিযান । আটাইতকৈ দুখলগা বিষয় যে শিশুটিৰ মৃত্যুৰ পিছতো অব্যাহত ৰাখিলে ধন সংগ্ৰহৰ অভিযান ।

  • আৰক্ষীকো নেৰিলে প্ৰৱঞ্চকে :

ৰূপম চুতীয়াই অসম পুলিচৰ কৰ্মৰত জোৱানৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰিও চলাই থাকিল অভিযান । পিছত এই বিষয়ে আনিশাৰ পৰিয়ালবৰ্গ অৱগত হোৱাত মৰাণ থানাত এজাহাৰ দাখিল কৰাত বুধবাৰে চৰাইদেউ জিলাৰ বকপৰাৰ নিজগৃহৰ পৰাই মৰাণ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৰূপম চুতীয়াক ।

  • ৫ টা ভুৱা একাউণ্টৰে ধন সংগ্ৰহ:

মৃতকৰ নামত ধন সংগ্ৰহ কৰা ৰূপম চুতীয়াক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে ৰাইজে । ইতিমধ্যে নিজৰ কু-কৰ্মৰ কথা স্বীকাৰ কৰিছে আৰক্ষীৰ জালত পৰা ৰূপম চুতীয়াই। নিজৰ কুকৰ্ম সন্দৰ্ভত অভিযুক্তই কয়," আজিলৈকে ৰোগীৰ চিকিৎসাৰ নামত ভুৱা একাউন্টৰ পৰা ১৫০০০ পৰা ২০০০০ সংগ্ৰহ হৈছে । ফেচবুকত কোনো লোকে ৰোগীৰ সাহাৰ্যৰ বাবে দিয়া পোষ্ট মোৰ নিজে খোলা ভুৱা ফেচবুকত একাউণ্টত দি নিজৰ বেংক একাউন্ট ঠিকনা দি দিওঁ । মুঠ ৫ টা একাউণ্টৰ পৰা এই কাম কৰিছিলো ।"

লগতে পঢ়ক:সোণাইত ব্লেকমেইল কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী ভুৱা সাংবাদিক

চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক ৰাইজে গতালে আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.