ETV Bharat / state

নৱজাতক বিক্ৰীৰ ঘটনাত জড়িত এ এম চি এইচৰ কৰ্মচাৰী: আৰক্ষীৰ তদন্তত ওলাইছে বিস্ফোৰক তথ্য - NEWBORN SOLD IN DHEMAJI

ডিব্ৰুগড় এ এম চি এইচৰ চৌহদতে বিক্ৰী কৰা হৈছিল চিলাপথাৰৰ শিশুটিক ৷ এ এম চি এইচৰ নাৰ্ছেই কৰি দিছিল যোগাযোগ ৷

NEWBORN SOLD IN DHEMAJI
চিলাপথাৰত নৱজাতক বিক্ৰী ঘটনাত জড়িত AMCH ৰ কৰ্মচাৰী (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 7:55 PM IST

জোনাই: ধেমাজি জিলাৰ চিলাপথাৰত নৱজাতক ক্ৰয়-বিক্ৰয়ৰ ভয়ংকৰ কাণ্ডৰ নতুন মোৰ । সংবাদ মাধ্যমৰ আগত চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ কু-কাণ্ডৰ কথা ফাদিল কৰিলে এজন প্ৰত্যক্ষদৰ্শীয়ে । ডিব্ৰুগড় এ এম চি এইচৰ চৌহদতে নৱজাতকটিক বিক্ৰী কৰা হৈছিল বুলি ভাষ্য প্ৰদান কৰিলে নিলখ কৈলাশপুৰৰ দিলীপ শইকীয়া নামৰ ব্যক্তিজনে । ডিব্ৰুগড় এ এম চি এইচত কৰ্মৰত এগৰাকী নাৰ্ছেই শিশুটি বিক্ৰী কৰিবলৈ যোগাযোগ কৰাই দিছিল চিলাপথাৰৰ প্ৰভাৱশালী চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলে আৰু জোনাইৰ বেবী পেগু চহৰীয়াৰ সৈতে ।

আৰক্ষীয়ে জেল হাজোতলৈ পঠোৱা নিলখ কৈলাশপুৰৰ দিলীপ শইকীয়াই জানিবলৈ দিয়া অনুসৰি, শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ পত্নীৰ জ্যেষ্ঠ ভগ্নী বেবী পেগু চহৰীয়া । ডাঃ দলে আৰু নৱজাতক ক্ৰয় কৰা বেবী পেগু চহৰীয়াৰ আত্মীয় আছিল সেইগৰাকী নাৰ্ছ । ধেমাজি নিলখ সুন্দৰপুৰ গাঁৱৰ সবিতা বৰা আৰু বুদ্ধিমান বৰাৰ পূৰ্বে চাৰিটি সন্তান থকাৰ বাবেই পঞ্চমটি সন্তানক বিক্ৰী কৰিছিল নাৰ্ছ আৰু গাঁওৰক্ষী বাহিনীৰ সদস্য বুবুল বৰাৰ সহযোগত ।

চিলাপথাৰত নৱজাতক বিক্ৰী ঘটনাত জড়িত AMCH ৰ কৰ্মচাৰী (ETV Bharat Assam)

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত ধেমাজি শিশু কল্যাণ সমিতিৰ অধ্যক্ষাই দাখিল কৰা এজাহাৰৰ ভিত্তিত চিলাপথাৰ আৰক্ষীয়ে ৬১(২)১৪৩(৪)বিএনএছআৰ/ডব্লিউ ৭৫/৮১ ধাৰাৰ অন্তৰ্গত ২০৯/২০২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি নৱজাতকৰ পিতৃ বুদ্ধিমান বৰা, মাতৃ সবিতা বৰা আৰু গাওঁৰক্ষী বাহিনীৰ সদস্য বুবুল বৰাৰ লগতে প্ৰত্যক্ষদৰ্শী বুলি নিজকে দাবী কৰা দিলীপ শইকীয়াক আটক কৰি জেৰা চলায় ৷ আৰক্ষীয়ে জেৰাৰ পাছত আজি চাৰিওকে ধেমাজি জিলা ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাৰ পাছত প্ৰেৰণ কৰা হয় জেল হাজোতলৈ ।

ইফালে একেটা গোচৰতে অভিযুক্ত চিলাপথাৰস্থিত এম আৰ ডি নাৰ্চিংহোমৰ স্বত্বাধিকাৰী তথা চিলাপথাৰৰ প্ৰভাৱশালী শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ লগতে গ্ৰেপ্তাৰৰ ভয়ত অগ্ৰীম জামিন বিচাৰি হাহাকাৰ কৰিছে নৱজাতক ক্ৰয় কৰা দম্পতীটোৱে । জানিব পৰা মতে, অধিবক্তাৰ সৈতে সঘনে যোগাযোগ অব্যাহত ৰাখিছে নৱজাতক ক্ৰয় কৰা বেবী পেগু চহৰীয়া আৰু তেওঁৰ স্বামীয়ে । বৰ্তমানেও আৰক্ষীয়ে আটক কৰা নাই চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলে, বেবী পেগু চহৰীয়া আৰু তেওঁৰ স্বামীক । যাক লৈ সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

শিশুটি উদ্ধাৰ হোৱা ঘৰৰ গৰাকী ডাঃ দলেক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই তাক লৈ ৰাইজে ৰহস্যৰ গোন্ধ পাইছে । কোনো ৰাজনৈতিক নেতাৰ আশিস থকাৰ সুবাদতে আৰক্ষীয়ে চিকিৎসকজনৰ ওচৰ চাপিবলৈ সাহস দেখুৱাব পৰা নাই বুলি সাধাৰণ ৰাইজে বু-বু বা-বা কৰিছে ।

লগতে পঢ়ক: শিশু বিক্ৰী ঘটনাত জড়িত নেকি একাংশ চিকিৎসক-ভিডিপি কৰ্মী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.