সৰুপথাৰ, 12 জুলাই: গণহত্যাৰ দৰে বৰ্বৰ কাণ্ডৰ পৰা কথমপি ৰক্ষা চাৰিজনকৈ লোকৰ ৷ আৰক্ষীকো কেৰেপ নকৰি গণপ্ৰহাৰ এদল উন্মত্ত লোকৰ ৷ এই কাণ্ডত গাঁওৰক্ষী বাহিনী জড়িত থকাৰো অভিযোগ ৷ ধনশিৰি মহকুমাৰ ৰুদ্ৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 9 জুলাইৰ সন্ধিয়া 10-15 জনীয়া এটা দলে ৰুদ্ৰ তিনিআলিত ৰুদ্ৰৰূপ ধাৰণ কৰি আক্ৰমণ কৰে আবু মুছা নামৰ পেছাত এগৰাকী গাড়ীচালকক ৷ গাড়ীৰ হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি চালকগৰাকীৰ সৈতে প্ৰথমে বাকবিতণ্ডাত লিপ্ত হোৱা দলটোৱে পিচতে তেওঁক মাৰপিট কৰাত ঘটনাস্থলীতে মূৰ্ছা যায় ৷
এই ঘটনাৰ কিছু সময়ৰ পিচতে উক্ত স্থানত উপস্থিত হৈছিল সৰুপথাৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ সভাপতি মাধৱ লহকৰসহ আন দুজন গাড়ীচালক ৷ দুৰ্বৃত্তৰ দলটোৱে তেওঁলোক তিনিওজন আহি থকা বাহনখন আগচি ধৰি মাৰপিট কৰে ৷ এই মাৰপিটৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিওগৰাকী ব্যক্তি ৷
লগতে পঢ়ক: শিৱসাগৰত মোবাইল চুৰিৰ সন্দেহত গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ, আহত আন এজন - Moral policing in Sivasagar
আৰক্ষীয়ে এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় যদিও, আৰক্ষীৰ সন্মুখতে দলটোৱে ব্যক্তি তিনিজনক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে নুৰুল হক, আবু মুছা, মাধৱ লহকৰ আৰু সঞ্জয় আগৰৱালাৰ ৷
![MOB LYNCHING AT SARUPATHAR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-07-2024/21930348_a.jpg)
ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজন ব্যক্তিকে ডিমাপুৰ, যোৰহাট আৰু গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ বাকী তিনিজন লোক কিছু পৰিমাণে সুস্থ হ’লেও কিন্তু আবু মুছা নামৰ গাড়ীচালকগৰাকী আজিও চিকিৎসাধীন অৱস্থাত আছে ৷ এই লোমহৰ্ষক ঘটনা সংঘটিত হোৱাৰ দুদিন পিচতহে পোহৰলৈ আহে ৷
![MOB LYNCHING AT SARUPATHAR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-07-2024/21930348_b.jpg)
এই ঘটনাৰ উচিত তদন্তৰ খাতিৰত বৃহস্পতিবাৰে সৰুপথাৰ চেম্বাৰ্ছ অৱ কমাৰ্চে ধনশিৰি মহকুমাধিপতি, ধনশিৰি আৰক্ষী বিষয়া, সৰুপথাৰ আৰু বৰপথাৰ থানাত দাখিল কৰিছে অভিযোগ ৷ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে চেম্বাৰ্ছ অৱ কমাৰ্চে ৷ সমান্তৰালকৈ চেম্বাৰ্ছ অৱ কমাৰ্চৰ এটি দলে মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, ডিজিপি, চেম্বাৰ্ছ অৱ কমাৰ্চৰ ৰাজ্যিক সভাপতি, সম্পাদক, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, সৰুপথাৰ সমষ্টিৰ বিধায়কলৈ ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি প্ৰেৰণ কৰে স্মাৰকপত্ৰৰ প্ৰতিলিপি ৷
লগতে পঢ়ক: গৰু সৰবৰাহৰ সন্দেহত মাজনিশা গণপ্ৰহাৰ তিনি যুৱকক: দুজনৰ মৃত্য়ু - Two killed in mob lynching
উল্লেখ্য যে, চেম্বাৰ্ছ অৱ কমাৰ্চৰ সভাপতি তথা ব্যৱসায়ী মাধৱ লহকৰে উত্থাপন কৰা অভিযোগ মতে, প্ৰায় 12-15 জনীয়া দুৰ্বৃত্তৰ দলটোৱে তেওঁক আৰক্ষী ঘটনাস্থলীত উপস্থিত থকা স্বত্বেও প্ৰহাৰ কৰাৰ লগতে মুখমণ্ডলত বেয়াকৈ আঘাত কৰে ৷
এই কথাই সমগ্ৰ ঘটনাটোত আৰক্ষীৰ ভূমিকা ৰহস্যজনক কৰি তুলিছে ৷ ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে চাৰিজনকৈ লোকক আটক কৰিছে ৷ বিষয়টো সন্দৰ্ভত যদি আৰক্ষীয়ে তদন্তৰ নামত সোপাঢিলা নীতি গ্ৰহণ কৰে, তেন্তে অনিৰ্দিষ্টকাললৈ সৰুপথাৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে সৰুপথাৰৰ চেম্বাৰ্ছ অৱ কমাৰ্চে ৷
লগতে পঢ়ক: লগ কৰিবলৈ গৈছিল প্ৰেমিকাক, যুৱকক বিবস্ত্ৰ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ প্ৰেমিকাৰ ভাতৃৰ