ETV Bharat / state

কাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে অনুপ চেতিয়াই ? - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বৰপেটাত বিজেপি মিত্ৰজোঁটে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । প্ৰতিদিনে নতুন নতুন নেতাক প্ৰচাৰত নমাইছে বিজেপিয়ে । এইবাৰ প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াইও চলালে প্ৰচাৰ ।

Lok Sabha Election 2024
কাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে অনুপ চেতিয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 5:40 PM IST

কাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে অনুপ চেতিয়াই (ETV Bharat Assam)

বৰপেটা, ৪ মে': অহা ৭ মে'ত ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । তাৰ মাজতে বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ।

নিৰ্বাচনী প্ৰচাৰত অনুপ চেতিয়াক বিজেপি আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক প্ৰশংসা কৰা দেখা গ'ল । প্ৰাক্তন আলফা নেতা তথা উত্তৰ-পূব খিলঞ্জীয়া গণ মঞ্চৰ সভাপতি অনুপ চেতিয়াই দাবী কৰে যে দেশত পুনৰ বিজেপি চৰকাৰ গঠন নহ'লে আলফা চুক্তি কাৰ্যকৰী নহ'ব ৷ চেতিয়াৰ মতে তেওঁ ক্ষমতা দখলৰ ৰাজনীতি নকৰে । অসমৰ ভালৰ বাবে আৰু চুক্তিখন কাৰ্যকৰী হ'বলৈ তেওঁ বিজেপিক সহায় কৰিছে বুলিও প্ৰচাৰৰ মাজতে উল্লেখ কৰে ৷ ইফালে তেওঁ ব্যক্তিগতভাৱে কাৰো পৰা সহায় পাব বুলিও ভবা নাই ৷

প্ৰচাৰৰ মাজতে অনুপ চেতিয়াই ঘোষণা কৰে যে তেওঁ আঞ্চলিকতাবাদত বিশ্বাস কৰে ৷ তেওঁ চিৰদিন আঞ্চলিকতাবাদকেই বিশ্বাস কৰি যাব বুলিও উল্লেখ কৰে ৷ তেওঁৰ মতে অসমক আগবঢ়াই নিবলৈ আঞ্চলিকতাবাদ লাগিব ৷ কংগ্ৰেছক সমালোচনা কৰি অনুপ চেতিয়াই কয় যে ২০১১ চনৰ পৰা চৰকাৰৰ সৈতে আলফা চুক্তিক লৈ আলোচনা আৰম্ভ হৈছিল ৷ কিন্তু কংগ্ৰেছ চৰকাৰে আলোচনাক যিধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে গুৰুত্ব নিদিলে ৷

অসমত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নাথাকিলে চুক্তিখন নহ'লহেঁতেন বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । অনুপ চেতিয়াই বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বিষ্ণুপুৰ, ভেল্লা, শান্তিপুৰ ৰিজাৰ্ভ, খন্দকাৰপাৰা আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ অনুপ চেতিয়াৰ সৈতে প্ৰচাৰ সভাত সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাস, গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদকে ধৰি কেইবাগৰাকী অগপ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক :বিজেপিৰ পৰা তৃণমূললৈ; তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত চলিছে মাৰাথন প্ৰচাৰ অভিযান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.