ETV Bharat / state

আলফা(স্বাঃ) ৰ নামত ধনদাবী কৰি আটক যুৱক: গুৱাহাটীত বোমা সংস্থাপনতো জড়িত থকাৰ অভিযোগ - ULFA I linkman detained

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 5:52 PM IST

ULFA I Bomb plan: যোৰহাটত ধনদাবীৰ অভিযোগত আটক এজন যুৱক ৷ ধৃত যুৱকজনৰ বিৰুদ্ধে স্বাধীনতা দিৱসত গুৱাহাটীত বোমা সংস্থাপনৰ সৈতে জড়িত থকাৰো অভিযোগ ৷

ULFA I linkman detained
ULFA I Bomb plan (ETV Bharat)

যোৰহাট, ৮ ছেপ্টেম্বৰ: যোৰহাটৰ এটা চাহ ফেক্টৰীত ধন দাবী কৰি আটক হৈছে এজন যুৱক ৷ ৫ দিনৰ পূৰ্বে তিতাবৰ সাৰ্দা চাহ ফেক্টৰীত নিজকে আলফা স্বাধীনৰ সদস্য বুলি চিনাকি দি সংগঠন চলাবলৈ ধনৰ প্ৰয়োজন বুলি কৈ ধন দাবী কৰিছিল মানৱ কলিতাই । কিন্তু অতি কৌশলেৰে চাহ ফেক্টৰীটোত থকা কৰ্মচাৰীয়ে আটক কৰিছিল যুৱকজনক আৰু পিছত চমজাই দিছিল তিতাবৰ আৰক্ষীক ।

বোমা সংস্থাপনৰ অভিযোগত আটক (ETV Bharat)

আৰক্ষীৰ জেৰাত মানৱ কলিতাই গুৱাহাটীত বোমা সংস্থাপন কৰিছিল বুলি স্বীকাৰ কৰা কথা আৰক্ষী এক বিশেষ সূত্ৰই ফোনযোগে প্ৰকাশ কৰিছে । ধৃত মানৱ কলিতাৰ ঘৰ হোজাই জিলাৰ ১ নং কাকীত বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ বোমা সংস্থাপনত জড়িত থকা আটকাধীন মানৱ কলিতাক যোৰহাট আৰক্ষীয়ে গুৱাহাটীৰ আৰক্ষীক গতাই দিব ।

উল্লেখ্য যে এইবাৰ স্বাধীনতা দিৱসৰ দিনটোত আলফা(স্বাঃ)ই গুৱাহাটীকে ধৰি ৰাজ্যৰ 25 টা স্থানত বোমা সংস্থাপন কৰাৰ কথা সংগঠনটোৱে প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজহুৱা কৰাৰ পাছতেই হাহাকাৰ লাগিছিল অসম আৰক্ষীত ৷ গুৱাহাটী মহানগৰীৰ লগতে লখিমপুৰ, নলবাৰী, শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও আদিৰ ভিন্ন স্থানত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে সংস্থাপন কৰা বোমাসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছিল ।

আলফা (স্বাঃ)ৰ লগত জড়িত থকাৰ অপৰাধত মানৱ কলিতাই কাৰাবাসো খাটিবলগীয়া হৈছিল ৷ কিন্তু পুনৰ মানৱ কলিতাই সংগঠনলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । মানৱ কলিতাই তিতাবৰ সাৰ্দা চাহ ফেক্টৰীত উপস্থিত হৈ ধন দাবী কৰিছিল বুলি চাহ ফেক্টৰীটোৰ এজন কৰ্মচাৰীয়ে জনাইছে ৷ মানৱ কলিতা অকলেই ফেক্টৰীৰ ভিতৰলৈ গৈছিল যদিও তেওঁৰ লগত আন দুজন যুৱক আছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে আন দুজন যুৱকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: আলফাৰ হৈ বোমা সংস্থাপন কৰিছিল চুবুৰীয়া ৰাজ্যৰ লোকে - ULFA I bomb plant case

বোমা সংস্থাপনৰ সন্দেহত আটক; সন্ধান নাই মৰাণৰ যুৱকৰ - Moran Youth Missing

গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনা 'নিয়া'ক হস্তান্তৰ কৰা হ'ব : জি পি সিং - ULFA I BOMB PLANS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.