ETV Bharat / state

বাঘৰ আক্ৰমণত নিহত বনকৰ্মী : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাৱহ ঘটনা - Orang National Park - ORANG NATIONAL PARK

Tiger attack on Forest guard : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাৱহ ঘটনা ৷ বাঘৰ আক্ৰণত নিহত হয় এগৰাকী বনকৰ্মী ৷ টহল দি থকা অৱস্থাতে জোৱানজনক চোঁচৰাই নিছিল বাঘে ৷

Tiger attack on Forest guard
বাঘৰ আক্ৰমণত নিহত বনকৰ্মী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 10:31 PM IST

তেজপুৰ/মঙলদৈ, 28 আগষ্ট : বুধবাৰে সন্ধিয়া ঐতিহাসিক ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এগৰাকী বনৰক্ষীক এটা ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয় ৷ ৰাইফলসহ বাঘে টানি লৈ যোৱা ধনমণি ডেকা নামৰ বনৰক্ষীগৰাকীৰ মৃতদেহ পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হয় ৷ সন্ধিয়া সংঘটিত ঘটনাটোৰ পিছত নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাঁহিবাৰী শিৱিৰৰ কিছু নিলগত বন বিভাগে উদ্ধাৰ কৰে জোৱানজনৰ মৃতদেহ ৷

উদ্ধাৰ হোৱা মৃতদেহটোত বাঘৰ আক্ৰমণৰ স্পষ্ট চিন দেখা যায় ৷ শোকাৱহ ঘটনাটো সংঘটিত হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ বিলপাৰ কেম্পৰ এলেকাত ৷ এগৰাকী সহকৰ্মীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল গেটৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত কৰ্তব্য পালন কৰাৰ সময়ত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই । উল্লেখ্য যে জোৱানজন নোহোৱা হোৱাৰ লগে লগে শুনা গৈছিল বাঘৰ গোজৰণি ৷ ফলত স্পষ্ট হৈছিল ধনমণি ডেকা নামৰ বনৰক্ষীগৰাকীক বাঘে চোঁচৰাই নিয়াটো ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই ই টিভি ভাৰতক ফোনযোগে জনাই যে টহল দি থকাৰ সময়ত হঠাৎ এটা ঢেকীয়াপতীয়া বাঘ আহি ডেকাক আক্ৰমণ কৰি ৰাইফলসহ ঘন জংঘলৰ মাজলৈ টানি লৈ যায় ৷ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নিৰুদ্দেশ হোৱা বনৰক্ষীজনৰ সন্ধানত অভিযান আৰম্ভ কৰে ।

এই অপ্ৰত্যাশিত আক্ৰমণৰ পিছত সমগ্ৰ উদ্যানখনত হাই এলাৰ্ট জাৰি কৰাৰ লগতে বাঘ আৰু নিৰুদ্দিষ্ট কৰ্মীগৰাকীক অনুসৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে বন বিভাগে ৷ কেবাঘণ্টাজোৰা অভিযানৰ পিছত উদ্ধাৰ কৰা হয় বনৰক্ষীগৰাকীৰ মৃতদেহ ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ পিছতে নৰখাদক বাঘটোক লৈ অধিক আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

লগতে পঢ়ক : বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.