ETV Bharat / state

নাহৰকটীয়াত সন্ত্ৰাস সৃষ্টি কৰা গৰাকী বিহীন তিনিটাকৈ ঘোঁৰা উদ্ধাৰ বন বিভাগৰ - Horse Rescued

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 10:48 PM IST

Horse Rescued : গৰাকী বিহীন তিনিটাকৈ ঘোঁৰাৰ আক্ৰমণত বহু কেইগৰাকী কিশোৰ-কিশোৰী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আহত হ'ল বাইক আৰু স্কুটী আৰোহী ৷ গৰাকী বিহীন এই তিনিটা ঘোঁৰাৰ বাবে এক আতংকময় পৰিৱেশ সৃষ্টি হৈ আহিছিল নাহৰকটীয়াত ৷ অৱশেষত বন বিভাগে উদ্ধাৰ কৰে ঘোঁৰা কেইটা ৷

HORSE RESCUED IN NAHARKATIA
নাহৰকটীয়াত গৰাকী বিহীন তিনিটাকৈ ঘোঁৰা উদ্ধাৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 11 আগষ্ট : আধুনিকতাৰ প্ৰভাৱত সমাজৰ পৰা অতীত হৈ পৰিল এসময়ৰ বহুল ব্যহৃত ঘোঁৰা গাড়ী ৷ কেইটামান বছৰৰ পূৰ্বলৈকে যাতায়তৰ লগতে থলুৱা লোকসকলৰ ব্যৱসায়-বাণিজ্যৰ ঘোঁৰা গাড়ী আছিল মাধ্যম ৷ এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াবলৈ আনকি পথাৰৰ পৰা ধানৰ ডাঙৰী কঢ়িয়াবলৈয়ো গৰু গাড়ীৰ সমান্তৰালকৈ ঘোঁৰাই টনা গাড়ী ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু ইন্ধন চালিত বাহনৰ বহুল ব্যৱহাৰৰ লগে লগে ক্ৰমাৎ অতীত হৈ পৰিল ঘোঁৰা গাড়ী ৷ ইয়াৰ লগে লগে এসময়ত ঘৰ শুৱনি কৰা আপোন ঘোঁৰা কেইটাও এলাগী হৈ পৰিল ৷

গৰাকী বিহীন তিনিটাকৈ ঘোঁৰা উদ্ধাৰ বন বিভাগৰ (ETV Bharat Assam)

এই গাড়ীৰ ব্যৱহাৰ নোহোৱা হৈ পৰাত একাংশ গৰাকীয়ে স্বাৰ্থপৰতাৰে আনহাতে আন একাংশই পোহপাল তথা যত্ন ল’ব নোৱৰাৰ বাবে পোহনীয়া ঘোঁৰাসমূহ বাটে-পথে এৰি দিবলৈ ধৰিলে ৷ ফলত অযত্ন পালিত, গৰাকী বিহীন ঘোঁৰাসমূহে য’তে যেনেকৈ পাৰে আশ্ৰয় ল’বলৈ ধৰিলে ৷ এই গৰাকী বিহীন ঘোঁৰা সমূহে বিভিন্ন বনাঞ্চলত আশ্ৰয় লোৱাৰ সমান্তৰালভাৱে কিছু সংখ্যকে জনাঞ্চলতো আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু জনাঞ্চলত আশ্ৰয় লোৱা এই ঘোঁৰাসমূহে শেহতীয়াকৈ অঞ্চলসমূহত ৰাইজৰ মাজত এক আতংকময় পৰিবেশ সৃষ্টি কৰিছ ৷

মানুহৰ মৰমৰ পৰা বঞ্চিত হোৱা ঘোঁৰা সমূহ ক্ৰমাৎ উগ্ৰ হৈ ৰাইজৰ মাজত আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ ঘটনা সংঘটিত হৈছে ৷ তেনে এক ঘটনাই সংঘটিত হ'ল ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ৷ গৰাকীবিহীন তিনিটাকৈ ঘোঁৰাৰ আক্ৰমণত বহু কেইগৰাকী কিশোৰ-কিশোৰী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আহত হ'ল বাইক আৰু স্কুটী আৰোহী ৷ যাৰ বাবে নাহৰকটীয়া প্ৰশাসনে বন বিভাগৰ সহযোগত ঘোঁৰা কেইটা ধৰি, স্বাস্থ্য পৰীক্ষাৰ অন্তত ব্ৰক্ষ্মপুত্ৰৰ মাইজান চাপৰিত মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে ৷ গৰাকী বিহীন এই তিনিটা ঘোঁৰাৰ বাবে এক আতংকময় পৰিৱেশ সৃষ্টি হৈ আহিছিল নাহৰকটীয়াত ৷

উল্লেখযোগ্য যে, গৰাকী বিহীন এই ঘোঁৰা কেইটাই বিগত প্ৰায় 2 মাহ ধৰি নাহৰকটীয়াৰ বিভিন্ন স্থানত অৱস্থান কৰি বহু কেইবাগৰাকী পথচাৰীক আঘাতপ্ৰাপ্ত কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ শেহতীয়াকৈ এই ঘোঁৰা কেইটাই নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱস্থান গ্ৰহণ কৰাত খেলপথাৰ খনলৈ খেলিবলৈ অহা বহু কিশোৰ-কিশোৰীক আক্ৰমণ কৰাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ দিনক দিনে ঘোঁৰা কেইটা অধিক আক্ৰমণাত্মক হৈ পৰাত ৰাইজৰ অভিযোগৰ পাচতে বন বিভাগে ঘোঁৰা কেইটা ট্ৰেংকুইলাইজ কৰিবলৈ চেষ্টা কৰে যদিও সক্ষম নোহোৱাত স্থানীয় ৰাইজৰ সহযোগত ৰছীৰে ঘোঁৰা কেইটা জব্দ কৰি ডিব্ৰুগড়ৰ মোহনাঘাটত মেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে বন বিভাগে ৷

লগতে পঢ়ক : খাদ্যৰ অভাৱত বোকা-পলসত মৃত্যুৰে যুঁজিছে বনৰীয়া ঘোঁৰাই - Wild Horse In Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.