ETV Bharat / state

ৰাজ্যিক চিৰিয়াখানাৰ পৰিয়াল ডাঙৰ হ’ল: জন্ম হ'ল মেণ্ডাৰিন হাঁহৰ পোৱালি - Assam State Zoo

Mandarin Duck in Guwahati Zoo: অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী ৷ জন্ম হ’ল মেণ্ডাৰিন হাঁহৰ পোৱালি । ভাল খবৰটো দিলে মুখ্যমন্ত্ৰীৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষই ৷

Mandarin Duck in Guwahati Zoo
অসম ৰাজ্যিক চিৰিয়াখানাত মেণ্ডাৰিন হাঁহ (Himanta Biswa Sarma Facebook Page)
author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:24 PM IST

গুৱাহাটী, ২৫ মে’ : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী ৷ অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰৰ বাবে জন্ম হ’ল মেণ্ডাৰিন হাঁহৰ পোৱালি । শুকুৰবাৰে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হয় মেণ্ডাৰিন হাঁহৰ পোৱালি । এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

সামাজিক মাধ্যমত এই ভাল খবৰটো উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘ নতুন তোমালোকক স্বাগতম ৷ অসমৰ সমৃদ্ধ জৈৱ-বৈচিত্যত সুৱগা চৰাই কালি অসম ৰাজ্যিক চিৰিয়াখানাত তিনিটা মেণ্ডাৰিন হাঁহৰ পোৱালি জগিছে ৷ এয়া চিৰিয়াখানাখনৰ ইতিহাসত প্ৰথম ৷ শীতকালত ভাৰতলৈ অহা পৰিভ্ৰমী চৰাইৰ এই বিৰল প্ৰজাতিটো সুদীৰ্ঘ ১১৮ বছৰৰ পিছত ২০২১ চনত অসমত দেখিবলৈ পোৱা গৈছিল ৷ এতিয়া সকলোৰে অপেক্ষাৰ অন্ত পৰিব, অতি সোনকালেই আপুনি এই বিৰল পক্ষী দৰ্শনৰ অভিজ্ঞতা লাভ কৰিব পাৰিব ৷’’

উল্লেখ্য যে, অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰৰ বাবে ২৪ মে’ত জন্মগ্ৰহণ কৰিছিল তিনিটা মেণ্ডাৰিন হাঁহৰ পোৱালি ৷ হাঁহৰ পোৱালি আৰু মাতৃৰ স্বাস্থ্য ভাল বুলি উল্লেখ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি প্ৰাপ্তবয়স্ক হাঁহজোৰা ২০২৩ৰ মে’ত মহীশূৰৰ পৰা অনা হৈছিল ।

আনহাতে বিগত বৰ্ষত অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰৰ বাবে জন্ম হৈছিল এটা জিৰাফৰ পোৱালী । অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হৈ জিৰাফৰ পোৱালীটো পাৰিজাত নামেৰে নামকৰণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে জিৰাফৰ পোৱালিটোক গাখীৰ খুওৱাও পৰিলক্ষিত হৈছিল ৷

জিৰাফৰ পোৱালীটোৰ নামকৰণৰ বাবে ৰাইজক আহ্বান জনোৱা হৈছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ ফালৰ পৰা প্ৰায় ৩৫০ টা নাম দিয়া হৈছিল । সেই নামসমূহৰ লটাৰী কৰি নিৰ্বাচিত কৰা হয় পাৰিজাত নামটো ৷

লগতে পঢ়ক: পাৰিজাত নামেৰে পৰিচিত হ’ব ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.