ETV Bharat / state

দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 4:41 PM IST

Kaziranga National Park : বানৰ বিভীষিকাত দিশহাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱ ৷ বাঢ়নী পানীয়ে উদ্যানৰ ভিতৰভাগৰ কেতবোৰ এলেকা 5 ফুট পৰ্যন্ত বুৰাই পেলোৱাৰ ফলত বনাঞ্চলসমূহৰ 9 টাকৈ বনশিবিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷

FLOOD IN KAZIRANGA NATIONAL PARK
অব্যাহত আছে বানৰ বিভীষিকা (ETV BHARAT ASSAM)

কাজিৰঙা, 3 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ৷ ৰাজ্যখনৰ কেবাখনো জিলা এতিয়া প্ৰলয়ংকৰী বানত পৰিছে ৷ জনাঞ্চল-বনাঞ্চল সকলোতে এতিয়া জল প্ৰলয় ৷ ইফালে আহাৰমহীয়া বানৰ কবলত পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বিগত কেবাদিনো ধৰি বাঢ়নী পানীৰ তলত আছে ৰাষ্ট্ৰীয় উদ্যানখন ৷ ফলত বিলৈ-বিপত্তিৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য জীৱ-জন্তু ৷

বানৰ বিভীষিকাত দিশহাৰা কাজিৰঙাৰ বন্য জীৱ (ETV BHARAT ASSAM)

আজিও অপৰিৱৰ্তিত অৱস্থাতে আছে কাজিৰঙাৰ বান পৰিস্থিতি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, কাজিৰঙাৰ মুঠ 233 টা বনশিবিৰৰ 187 টা প্লাবিত হৈছে ৷ সেইদৰে, অগৰাতলি বনাঞ্চলৰ মুঠ 34 টা বনশিবিৰৰ 28 টা, কহঁৰা বনাঞ্চলৰ 58 টা বনশিবিৰৰ 52 টা, বাগৰি বনাঞ্চলৰ 39 টা বনশিবিৰৰ 37 টা, বুঢ়াপাহাৰ বনাঞ্চলৰ 25 টা বনশিবিৰৰ 13 টা, বোকাখাতৰ 9 টা বনশিবিৰৰ 7 টা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ 30 টা বনশিবিৰৰ 22 টা আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ 38 টা বনশিবিৰৰ 19 টা বনশিবিৰ এলেকা প্লাৱিত হৈছে ৷ বাঢ়নী পানীয়ে উদ্যানৰ ভিতৰভাগৰ কেতবোৰ এলেকা 5 ফুট পৰ্যন্ত বুৰাই পেলোৱাৰ ফলত বনাঞ্চলসমূহৰ 9 টাকৈ বনশিবিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷

লগতে পঢ়ক : নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam Flood 2024

বৰ্তমানলৈকে অগৰাতলিত 2 টা, কহঁৰাত 2 টা, বোকাখাতত 3 টা, বিশ্বনাথত 1 টা আৰু নগাঁৱত 1 টা বনশিবিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷ ইফালে, জলস্তৰ বৃদ্ধিৰ লগে লগে আশ্ৰয় বিচাৰি উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে গঁড়, হাতী, বাঘ, ম’হ, হৰিণা আদিকে ধৰি বন্যপ্ৰাণী সমূহ ৷ বন বিভাগে জনোৱা মতে, বান পৰিস্থিতিত উৱাদিহ হেৰুওৱা 24 টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ বিপৰীতে বানৰ ফলত 4 টাকৈ পহুৰ মৃত্যু হৈছে ৷

আনহাতে, কাজিৰঙাৰ ৰাজপথৰ এনিমেল ক’ৰিডৰ সমূহত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰাৰ লগতে ঠায়ে ঠায়ে বনকৰ্মীয়ে টহল দি আছে ৷ তদুপৰি, কাজিৰঙাৰ ঘাইপথত যাত্ৰীবাহী আৰু ব্যক্তিগত বাহনসমূহক আৰক্ষী আৰু বন বিভাগৰ লোকে কনভয় ব্যৱস্থাৰে অতিক্ৰম কৰোৱাৰ ব্যৱস্থা কৰিছে ৷ ইফালে, বন্যপ্ৰাণীসমূহ দক্ষিণৰ কাৰ্বি পাহাৰলৈ ঢাপলি মেলাৰ সময়তে আজি দিনৰ ভাগত এটা গঁড় উদ্যানৰ পৰা ওলাই আহি কাৰ্বি আংলঙত আশ্ৰয় লৈছে ৷

লগতে পঢ়ক : চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.