ETV Bharat / state

বন্যাৰ্তৰ তীব্ৰ ক্ষোভৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 5:15 PM IST

Updated : Jul 3, 2024, 5:40 PM IST

Hatimura Embankment : বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ বহিঃপ্ৰকাশ । জখলাবন্ধাৰ কেইবাখনো গাঁৱৰ বন্যাৰ্তৰ ৰুদ্ৰৰূপৰ সন্মুখীন মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত । কলিয়াবৰত বন্যাৰ্তৰ প্ৰতিবাদত থৰকাচুটি হেৰাল কলিয়াবৰ মহকুমা প্ৰশাসনৰ ।

Flood affected Public anger against Kaliabor MLA and Minister Keshav Mahanta
ৰাইজৰ ৰোষত কেশৱ মহন্ত (ETV Bharat Assam)

কলিয়াবৰ,৩ জুলাই: সমগ্ৰ ৰাজ্যৰ প্ৰায় ২৮ খন জিলাত প্রলয়ংকৰী ৰূপ ধাৰণ কৰিছে বানে । বিগত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । ইয়াৰ মাজতে ছিগিল কলিয়াবৰৰ হাতীমূৰাৰ মথাউৰি । যাৰ ফলত জলমগ্ন হৈ পৰে এটা বিস্তীৰ্ণ অঞ্চল । পিচে বানপীড়িতৰ খবৰ ল'বলৈ জনপ্ৰতিনিধি তথা প্ৰশাসনৰ সময় নোহোৱাৰ অভিযোগ ৰাইজৰ । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কলিয়াবৰত ৰাইজে ৰাজপথলৈ ওলাই আহি মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ।

বান সমস্যা সমাধানৰ দাবী জনায় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ প্ৰেছ ক্লাব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লোৱা বানপীড়িতই । ইয়াৰ মাজতে ৰাইজৰ ৰোষত পৰিল প্ৰতিবাদস্থলীত উপস্থিত হোৱা স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰীগৰাকী কলিয়াবৰত থকা স্বত্বেও বন্যাৰ্তৰ কোনো খা-খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে বন্যাৰ্তই ।

পুৱা প্ৰায় ১০:৩০ পৰা ৰাজপথ অৱৰোধ কৰি থকা প্ৰতিবাদী জনতাক স্থানীয় প্ৰশাসনিক বিষয়াই উপস্থিত হৈ সৈমান কৰিবলৈ চেষ্টা চলাই যদিও মঙলবাৰৰে পৰা অস্থায়ী শিবিৰ আৰু ঘাইপথৰ দাঁতিত আশ্ৰয় লৈ থকা ক্ষোভিত ৰাইজে মন্ত্ৰী কেশৱ মহন্তক সেই স্থানত বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখে । অৱশেষত মন্ত্ৰীগৰাকী সেই স্থানত উপস্থিত হোৱাত প্ৰতিবাদী বন্যাৰ্তৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হয় । যোৱা ২০১৭ চনৰ বানত ভয়ানকভাৱে ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ নোপোৱাৰ ক্ষোভ মাৰ নাযাওঁতেই, মঙলবাৰে কলঙৰ মুখত হাতীমূৰাত নিৰ্মিত শ্লুইচ গে'টৰ কাষেদি মথাউৰি ছিগি পুনৰ বানৰ সৃষ্টি কৰাক লৈ প্ৰতিবাদী জনতাই মন্ত্ৰীগৰাকীক তীব্ৰ বাক্যবানেৰে থকা-সৰকা কৰে ।

তদুপৰি, কলিয়াবৰ মহকুমা প্ৰশাসনে মঙলবাৰে নিশালৈকে কোনো খা-খবৰ নলৈ বুধবাৰে পুৱা কেৱল পানী যোগান ধৰি বানত আক্ৰান্ত ৰাইজৰ দুখ-কষ্টক ভেঙুচালি কৰা বুলি অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে । ইয়াৰোপৰি বোৱতী কলঙৰ চিন্তা বাদ দি কলঙৰ মুখৰ মথাউৰিটো শক্তিশালী ৰূপত নিৰ্মাণ কৰিবলৈ মন্ত্ৰীগৰাকীৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে ৰাইজে । মন্ত্ৰী কেশৱ মহন্তই শীঘ্ৰে ৰাইজৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচত অন্তত শান্ত হয় ৰাইজ । প্ৰায় তিনিঘণ্টাজোৰা প্ৰতিবাদৰ অন্তত পুনৰ যান-বাহনৰ বাবে ৰাজপথছোৱা মুকলি কৰি দিয়া হয় । এই সময়ছোৱাত উজনি-নামনি অভিমুখী যান-বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয় ।

লগতে পঢ়ক: কলং বোৱাই নিয়াৰ আঁচনি বন্ধ কৰাৰ দাবীত পথ অৱৰোধ - ASSAM FLOOD 2024

হাতীমূৰাৰ মথাউৰি প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি ক'লে ? - Assam Flood 2024

Last Updated : Jul 3, 2024, 5:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.