ETV Bharat / state

ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ: চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ বানাক্ৰান্তৰ - Assam Flood

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 9:45 PM IST

Updated : Jun 10, 2024, 10:58 PM IST

Protest in Kaliabor : ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত প্ৰতিবাদ বানত ক্ষতিগ্ৰস্ত লোকৰ ৷ বানৰ ক্ষতিপূৰণ প্ৰদানত বহু বিসংগতি হোৱাৰ অভিযোগ একাংশ ক্ষতিগ্ৰস্ত লোকৰ ৷

FLOOD AFFECTED PEOPLE PROTEST
বানত ক্ষতিগ্ৰস্ত লোকৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

কলিয়াবৰ, 10 জুন : কলিয়াবৰত বানত ক্ষতিগ্ৰস্ত লোকৰ প্ৰতিবাদ ৷ ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত এই প্ৰতিবাদ বানত ক্ষতিগ্ৰস্তসকলৰ ৷ বঞ্চিতসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে বৈষম্যমূলক বিতৰণৰ বিপৰীতে সমদৃষ্টিৰে, সমভাৱে প্ৰকৃত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিবলৈ ৰাইজে পুনৰ দাবী জনাইছে ৷

ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত প্ৰতিবাদ বানাক্ৰান্তৰ (ETV BHARAT ASSAM)

ৰাইজৰ অভিযোগ অনুসৰি কলিয়াবৰত বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত সাত বছৰৰ পাচত সাহায্য হিচাবে বিতৰণ কৰা হৈছিল 19 কোটি 50 লাখ টকাৰ ধন ৷ কিন্তু চৰম বিসংগতিৰে প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বান সাহাষ্য বিতৰণ হোৱাৰ অভিযোগ উত্থাপন কৰি আজি কেবাখনো গাঁৱৰ ক্ষোভিত ৰাইজে কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ৷ কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বানৰ ক্ষতিপূৰণ বিচাৰি বঞ্চিত ক্ষতিগ্ৰস্ত লোকে ভিৰ কৰেহি চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৷

2017 চনৰ আগষ্ট মাহত হাতীমূৰাৰ মথাউৰি ভাঙি সৃষ্টি হোৱা প্ৰলয়কাৰী বানত ক্ষতিগ্ৰস্ত হৈছিল কলিয়াবৰৰ বহু পৰিয়াল ৷ কিন্ত সেই বানৰ ক্ষতিপূৰণ প্ৰদান কৰোঁতে চৰকাৰ-প্ৰশাসনক লাগিল 7 বছৰ সময় ৷ তাৰ পাচতো বানৰ ক্ষতিপূৰণ প্ৰদানত বহু বিসংগতি হোৱাৰ অভিযোগ একাংশ ক্ষতিগ্ৰস্ত লোকৰ ৷ প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷

শেহতীয়াকৈ মাৰ্চ মাহত একাংশ বান ক্ষতিগ্ৰস্তই বেংক একাউণ্টযোগে চৰকাৰীভাৱে লাভ কৰে ক্ষতিপূৰণৰ ধন ৷ তাৰ বিপৰীতে বহু ক্ষতিগ্ৰস্তই আজি পৰ্যন্ত লাভ কৰা নাই ক্ষতিপূৰণ ৷ যাৰ বাবে বাৰম্বাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁত-বাতি কৰিবলগীয়া হৈছে এইসকল বঞ্চিত লোকে ৷ সোমবাৰে জখলাবন্ধাৰ দেৱসত্ৰ, শেনচোৱা, কটিয়ৰী, ঢেকীয়াল গাঁৱৰ দুই শতাধিক লোকে ক্ষতিপূৰণৰ দাবীত পুনৰ ভিৰ কৰেহি কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷

লগতে পঢ়ক : মহানগৰীত দাম বৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ - Protest in Guwahati

Last Updated : Jun 10, 2024, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.