ETV Bharat / state

অনিৰ্দিষ্টকাললৈ উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত মৎস্য ব্যৱসায়ীৰ - Miya Controversy

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 12:00 PM IST

Ban on Fish export to Upper Assam: ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ আলম লৈ এতিয়া আৰম্ভ হৈছে নতুন বিতৰ্ক । উজনি অসমৰ জাতীয় সংগঠন আৰু মিঞা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত এক বিতৰ্কিত সিদ্ধান্ত নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ।

Fish traders of Nagaon
নগাঁৱৰ মৎস্য ব্যব্যসায়ী সন্থা (ETV Bharat Assam)

নগাঁও, ২৭ আগষ্ট: নগাঁৱৰ ধিঙৰ কিশোৰী ধৰ্ষণ-কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে চৰ্চালৈ আহিছে উজনি অসমৰ জাতীয় সংগঠনৰ নেতৃবৰ্গ, মিঞা আৰু মধ্য অসমৰ মৎস্য ব্যৱসায়ী সন্থা । ধিঙত এগৰাকী কিশোৰী ধর্ষণত জড়িত তফজ্জুল ইছলামৰ লগতে আন দুই অভিযুক্তৰ নাম প্ৰকাশ পোৱাৰ লগে লগে বিশেষ সম্প্ৰদায়টোৰ বহু পৰিয়ালক উজনি অসম ত্যাগ কৰাৰ নিৰ্দিষ্ট সময় সীমা বান্ধি দিছে উজনি অসমৰ কেবাটাও সংগঠনৰ নেতৃত্বই । ইয়াৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ মৎস্য পালক তথা মৎস্য ব্যৱসায়ী সন্থাই ।

উজনি অসমত কৰ্মৰত বহু লোকক আক্ৰমণ কৰাৰো ভিডিঅ' বিভিন্ন মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই মধ্য অসমৰ নগাঁৱৰ মৎস্য পালক তথা মৎস্য ব্যৱসায়ী সন্থাই গ্ৰহণ কৰিছে আন এক বিতৰ্কিত সিদ্ধান্ত । উজনি অসমত বিশেষকৈ শৃংখল চলিহাৰ নেতৃত্বত বিশেষ সম্প্ৰদায় অৰ্থাৎ মিঞা সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰি উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ প্ৰদান কৰিছে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই ।

অনিৰ্দিষ্টকাললৈ উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত :

উজনি অসমৰ বিপৰীতে গুৱাহাটী অথৱা অন্যান্য প্রান্তত মাছ বিক্ৰী কৰিব বুলি হুংকাৰ প্ৰদান কৰি নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাৰ এজন বিষয়ববীয়াই কয়, "প্ৰয়োজনত বৃহত্তৰ এলেকাটোত উৎপাদিত হোৱা মাছ পচাই পেলাম, কিন্তু উজনি অসমৰ বিশেষকৈ শিৱসাগৰ আৰু তিনিচুকীয়াত মাছ ৰপ্তানি নকৰো । দৰকাৰ হ'লে গুৱাহাটীলৈ মাছ প্ৰেৰণ কৰিম ।"

মধ্য অসমৰ নগাঁৱৰ মাছ ব্যৱসায়ী সন্থাৰ এনে সিদ্ধান্তই এতিয়া নতুন বিতৰ্কৰ সৃষ্টি কৰিছে সমগ্ৰ অসমত । অনিৰ্দিষ্টকাললৈ নগাঁৱৰ পৰা উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নগাঁৱৰ মাছ ব্যৱসায়ী সন্থাই প্ৰদান কৰা হুংকাৰে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ৰাজ্যজুৰি ।

লগতে পঢ়ক:ধিংকাণ্ডক লৈ চৰকাৰ কঠোৰ হৈছে : মন্ত্ৰী কেশৱ মহন্ত - protest against Dhing Rape case

অসমৰ আইন-শৃংখলা বিঘ্নিত হ'বলৈ নিদিব: আবু বক্কৰ ছিদ্দিক - Miya Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.