ETV Bharat / state

এখন আদৰ্শ চহৰলৈ পৰিণত হোৱাৰ পথত নগাঁও চহৰ: অশোক সিংহলৰ প্ৰতিশ্ৰুতি - Minister Ashok Singhal

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 10:08 PM IST

Minister Ashok Singhal in Nagaon: নগাঁও চহৰে ক্ৰমান্বয়ে এখন আদৰ্শ চহৰৰ দিশে গতি কৰিছে বুলি মন্তব্য় মন্ত্ৰী অশোক সিংহলৰ । চি চি কেমেৰাৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় মন্ত্ৰীক আহ্বান বিধায়ক ৰূপক শৰ্মাৰ ।

sewage treatment plant
মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

নগাঁও, ২৫ আগষ্ট : "ক্ৰমান্বয়ে এখন আদৰ্শ চহৰলৈ পৰিণত হোৱাৰ পথত আগবাঢ়িছে নগাঁও চহৰে ।" নগাঁও চহৰত অসমৰ প্রথমটো নলা পৰিশোধন প্ৰকল্পৰ শুভ উদ্বোধন কৰি এইদৰে মন্তব্য কৰে গৃহ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে । অসমৰ প্ৰথমটো প্ৰকল্প নগাঁৱত উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে নগাঁও আৱৰ্ত ভৱনৰ ওচৰত থকা এছ এইছ জি হাটত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত প্ৰকল্পটো সন্দৰ্ভত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়, "এখন চহৰৰ তৰল আৱৰ্জনাসমূহৰ সঠিক সংগ্রহ আৰু নিৰাপদ নিষ্কাশণ এখন নগৰীয়া, উদ্যোগিক সমাজৰ বাবে এক এৰাব নোৱাৰা প্ৰয়োজনীয়তা । আমাৰ ৰাজ্যখনত 809 MLD তৰল আৱৰ্জনা উৎপাদন হয় যদিও তাৰ নিষ্কাশণৰ বাবে ৰাজ্যখনত এটাও অ'পাৰেচনেল এছটিপি নাছিল । দেওবাৰে নগাঁও জিলাত এই প্ৰথমটো নলা পৰিশোধন প্ৰকল্প প্ৰকল্পৰ জৰিয়তে এছটিপিৰ দিশত শুভাৰম্ভণি কৰা হৈছে ।" লগতে মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্প স্থাপনৰ ফলত কলং নদীখনত চহৰখনৰ তৰল আৱৰ্জনা পেলোৱাটো কম হ'ব বুলি কয় ।

১১ হাজাৰ লোক উপকৃত হ'ব :

এই প্ৰকল্পই নগাঁও পৌৰসভাৰ তিনিটা বাৰ্ড ক্ৰমে ১৪নং, ১৫ নং আৰু ১৬নং ৰ প্ৰায় ১১ হাজাৰ জনসংখ্যাক সামৰি ল'ব বুলিও উল্লেখ কৰে মন্ত্ৰী অশোক সিংহলে । লগতে এই এছটিপি প্ৰকল্পৰ কাষৰ কলং নদীৰ পাৰটো লেণ্ডস্কেপিং আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰাৰ কথাও নগৰ উন্নয়ন মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । পৌৰসভা এলেকাৰ বাসিন্দাসকলে এই নিৰ্মান হ'বলগীয়া সেউজ এলেকা খোজ কঢ়া, চাইকেল চলোৱা আৰু বিভিন্ন বিনোদনমূলক কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী অশোক সিংহলে । লগতে প্ৰকল্পটো নিৰ্মাণতকৈ প্ৰকল্প সুচাৰুৰূপে পৰিচলানা কৰাটোহে অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

নগাঁৱক জাকত জিলিকা হিচাপে গঢ়ি তুলিবলৈ আহ্বান :

তেওঁ নদী, নৰ্দমা, গছ-গছনি পানী আদি প্ৰকৃতিয়ে বিনামূলীয়াকে দিয়ে বুলি উল্লেখ কৰি প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি ৰাইজক কাম কৰি যোৱাৰ লগতে নগাঁও জিলাখনক জাকত জিলিকা নগৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় । নগাঁও জিলাখন আগতকৈ যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন হৈছে বুলিও ভাষণত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ইপিনে, নগাঁও চহৰৰ সমগ্ৰ এলেকা চি চি কেমেৰাৰ নিৰীক্ষণত ৰাখিবলৈ বিভাগীয় মন্ত্ৰীগৰাকীক আহ্বান জনায় বিধায়ক ৰূপক শৰ্মাই । দেওবাৰে বিয়লি অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভনে । অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ পৰিচালন সঞ্চালক ড৹ প্ৰণতি গগৈ শলাগৰ শৰাই আগবঢ়োৱা এই উদ্ধোধনী সভাখনত অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ অধ্যক্ষ কুশল দুৱৰী, আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, পৌৰপতি, উপ-পৌৰপতি উপস্থিত থাকে ।

লগতে পঢ়ক:কৃত্ৰিম বান ৰোধৰ বাবে GMDA ৰ নিবিদা লাভ কৰিছে নেডাৰলেণ্ডৰ ৰয়েল হেক্সকন কোম্পানীয়ে: অশোক সিংহল - Artificial flood in Guwahati

অসভ্য সমাজৰ বিৰুদ্ধে একগোট হ'ব লাগিব সভ্য সমাজ: অশোক সিংহল - Minister Ashok Singhal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.