বিশ্বনাথ চাৰিআলি, 19 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ বিশ্বনাথ জিলাত সম্পন্ন হ’ল নিৰ্বাচনৰ ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কাৰ্য ৷ বিশ্বনাথ জিলাত ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত মুঠ 1313 গৰাকী বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয় মঙলবাৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
মঙলবাৰে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত 299 গৰাকী প্ৰিজাইডিং বিষয়া, 269 গৰাকী প্ৰথম পুলিং বিষয়া, 333 গৰাকী দ্বিতীয় পুলিং বিষয়া আৰু 412 গৰাকী তৃতীয় পুলিং বিষয়াক নিৰ্বাচনৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হয় । বিশ্বনাথ মহাবিদ্যালয়ত পুৱা 10 বজাত আৰু বিয়লি 1.30 বজাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰশিক্ষণত 25 গৰাকী মাষ্টাৰ ট্ৰেইনাৰে প্ৰশিক্ষণ প্ৰদান কৰি নিৰ্বাচনত ইভিএমৰ জৰিয়তে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিতংভাৱে অৱগত কৰে ।



উল্লেখ্য যে, এইবাৰো বিশ্বনাথ জিলাত মহিলা বিষয়া-কৰ্মচাৰীক ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই অনুসৰি কালিৰ প্ৰশিক্ষণত 24 গৰাকীকৈ মহিলা প্ৰিজাইডিং বিষয়া, প্ৰথম পুলিং বিষয়া, দ্বিতীয় পুলিং বিষয়া আৰু তৃতীয় পুলিং বিষয়াকো সমাগত নিৰ্বাচনত ভোট গ্ৰহণৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই প্ৰশিক্ষণত বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, নিৰ্বাচনী বিষয়া প্ৰতীশা দত্তৰ লগতে নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল ।




উল্লেখ্য যে, 20 মাৰ্চ আৰু 28 মাৰ্চত বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব । চতুৰ্থ পৰ্যায়ৰ প্ৰশিক্ষণ 29 মাৰ্চত অনুষ্ঠিত হ'ব বিশ্বনাথ মহাবিদ্যালয়ত ।
লগতে পঢ়ক: কামাখ্যা প্ৰসাদ তাছা দুই লাখৰো অধিক ভোটত জয়ী হ'ব : পীযুষ হাজৰীকা