ETV Bharat / state

সাহিত্যিক ইছমাইল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল - Ismail Hussain controversy

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 5:32 PM IST

FIR against Ismail Hussain : এইবাৰ সৰ্পহত্যাৰ বিতৰ্কৰ মাজত সোমাল সাহিত্যিক ইছমাইল হুছেইন ৷ এটা সাপক খেদি খেদি আক্ৰমণ কৰি হাতত লৈ পোষ্ট কৰিছিল ফেচবুকত ৷ তাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়া আৰু এজাহাৰ দাখিল ৷

FIR against Ismail Hussain
ইছমাইল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV Bharat Assam)

বৰপেটা, ২৮ জুলাই: প্ৰায়েই বিতৰ্কত সাঙোৰ খাই থকা সাহিত্যিক ইছমাইল হুছেইন এইবাৰ মহা বিপদত পৰিছে ৷ প্ৰকৃতিপ্ৰেমীৰ ৰোষত পৰি তীব্ৰ সমালোচনৰ সন্মুখীন হৈছে সাহিত্যিকগৰাকী ৷ হুছেইনৰ বিৰুদ্ধে ইতিমধ্যে বৰপেটাৰ হাউলী থানাত এজাহৰ দাখিলো কৰা হৈছে ৷

হাতত সাপ লৈ ইছমাইল হুছেইনৰ ফেচবুক পোষ্ট:

যোৰহাটৰ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন'ল'জী চমুকৈ পাৱেট'ৰ কাৰ্যালয় চৌহদত এডাল অবিষাক্ত সাপ হাতত লৈ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে ইছমাইল হুছেইনে ৷ সাপডাল হাতত লৈ ফটো উঠি ইছমাইল হুছেইনে ফেচবুকত লিখিছিল, ‘‘এইডাল অতি বিষাক্ত সাপ ৷ মই শিক্ষাদান কৰা যোৰহাটৰ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’ল’জী(পাৱেট)ৰ কাৰ্যালয়ৰ বাৰান্দাত কৰ্মচাৰীসকলে দেখা পাই মোক মাতিলে ৷ পলাবলৈ খোজোতে খেদি খেদি কাহিল কৰা হ’ল- ঠিক সামাজৰ অপশক্তিক কাহিল কৰাৰ দৰে! অন্যথা কাৰোবাৰ খুঁটিলেহেঁতেন ৷’’

FIR against Ismail Hussain
ইতিমধ্যে ডিলিট কৰা ফেইচবুক পোষ্ট (ETV Bharat Assam)

প্ৰতিক্ৰিয়াৰ পিচতে পোষ্ট ডিলিট:

সাহিত্যিক তথা অভিযন্তাগৰাকীৰ এই পোষ্টৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল ৷ ভিন্নজনে কটু মন্তব্যৰ নিক্ষেপ কৰিলে সাহিত্যিকগৰাকীৰ বিৰুদ্ধে ৷ ৰাইজৰ ৰোষত পৰি অৱশেষত পোষ্টটো ডিলিট কৰে ইছমাইল হুছেইনে ৷

দুখ প্ৰকাশ ইছমাইল হুছেইনৰ:

পোষ্ট ডিলিট কৰাৰ পিচতে হুছেইনে দুখ প্ৰকাশেৰে কৰিলে আন এক পোষ্ট ৷ য’ত তেওঁ লিখে- ‘‘ মই সাপডালক খেদি গৈ দীঘল ডালেৰে ডিঙিত হেঁচা মাৰি ধৰাত সাপডাল আঘাতপ্ৰাপ্ত (কাহিল)হয় ৷ মই সাপডালৰ নেগুৰত ধৰি দাঙি দিয়াত সি লৰচৰ কৰাত লগে লগে পুখুৰীৰ পাৰৰ জংঘলত এৰি দিওঁ আৰু লগে লগে লাহে লাহে বননিৰ মাজলৈ গুছি যায় ৷ কিছু সময় পৰ্যৱেক্ষণৰ পিচত জনা যায় যে সাপডালে গাঁত এটাত আশ্ৰয় লয় ৷ মই সাপডালৰ নাম নাজানোঁ বাবে কাহিল কৰাৰ কথা কৈ ফেচবুকত পোষ্ট দিলোঁ ৷ চাৰি মিনিটৰ ভিতৰত বহুতে সাপডাল বিষাক্ত নহয় বুলি জনোৱাত আৰু দুই-এজনে নেতিবাচক মন্তব্য দিয়াত মই পোষ্টটো ডিলিট কৰিলোঁ ৷ ... আজিৰ কামটোত কিছু খুঁত ৰৈ গ’ল, তাৰ বাবে মোৰ ফেচবুকৰ বন্ধুবৰ্গ আৰু বন্যপ্ৰাণী সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত সদৌটিৰে ওচৰত দুখ প্ৰকাশ কৰিছোঁ ৷’’

সাহিত্যিক হুছেইনৰ বিৰুদ্ধে এজাহাৰ:

ইমানতে অন্ত নপৰিল ইছমাইল হুছেইনৰ সৰ্পহত্যাৰ অধ্যায় ৷ বিষয়টো পালেগৈ আৰক্ষীৰ কাষ ৷ দেওবাৰে বণ্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ দাখিল কৰি সাহিত্যক ইছমাইল হুছেইনক গ্ৰেপ্তাৰ দাবী জনায় হাউলীৰ সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশীয়ে ৷ প্ৰাণজিৎ ৰাজবংশীৰ মন্তব্য- ‘‘ প্ৰতিটো জীৱৰে জীয়াই থকাৰ অধিকাৰ আছে ৷ এই অধিকাৰ খৰ্ব কৰি সাপ হত্যাৰ বাবে ৰাইজক প্ৰৰোচিত কৰাটো অপৰাধ ৷’’

লগতে পঢ়কঃ বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হোছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি

লগতে পঢ়কঃ সাহিত্যিক ইছমাইল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু সুৰক্ষা সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.