গুৱাহাটী, 14 আগষ্ট : দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা বাকী ৷ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হ'ব 78 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ আন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি কটকটীয়া কৰি তোলা হৈছে নিৰপত্তা ব্যৱস্থা ৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে জিলা সদৰৰ লগতে আন আন ঠাইত গ্ৰহণ কৰা হৈছে পতাকা উত্তোলনৰ কাৰ্যসূচী ৷
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ ইয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰিত অতিথি আৰু ৰাইজৰ উপস্থিতিত পুৱা 9 বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পেৰেডত অংশ লোৱা দলসমূহৰ অভিবাদন গ্ৰহণ কৰিব ৷ লগতে আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে বিভিন্ন কুচকাৱাজ প্ৰৰ্দশন কৰিব এই কাৰ্যসূচীত ৷ আনহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়কসকলেও ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰস্তুতি: খানাপাৰাত আৰক্ষী-সেনাৰ ১৯ টা প্লাটুনৰ কুচকাৱাজ - INDEPENDENCE DAY 2024
এই সন্দৰ্ভত আৰক্ষী বিষয়া হেমচন্দ্ৰ নাথে খানাপাৰাৰ পেৰেড সম্পৰ্কে কয়,"খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এইবেলি অসম আৰক্ষী, কামাণ্ডো বেটেলিয়ন, এ বি প্লাটুন, ইউ বি প্লাটুন, চি আৰ পি এফ, এন চি চি, অসম আৰক্ষীৰ অশ্বাৰোহী দলকে ধৰি মুঠ 18 টা দলে অংশগ্ৰহণ কৰিব ৷ প্ৰথমবাৰৰ বাবে মেঘালয় আৰক্ষীৰ 32 জনীয়া দল এটায়ো এই পেৰেডত অংশ ল'ব ৷ সৰ্বমুঠ এহেজাৰ 60 জন লোকে পেৰেডত ভাগ লব ৷" উল্লেখ্য যে, আজি খানাপাৰাৰ পেৰেডৰ অন্তিম আখৰা পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷
লগতে পঢ়ক : কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা: স্বাধীনতা দিৱস সুকলমে অনুষ্ঠিত কৰাৰ বাবে তিনিচুকীয়াত সষ্টম আৰক্ষী - 78th independence day