ETV Bharat / state

মহাত্মা গান্ধী বিতৰ্ক : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে হাতীগাঁও থানাত গোচৰ - Case against PM Modi

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 9:53 PM IST

Updated : May 29, 2024, 10:51 PM IST

PM Modi MK Gandhi remarks: মহাত্মা গান্ধী সন্দৰ্ভত মন্তব্য কৰি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কংগ্ৰেছে নৰেন্দ্ৰ মোদীক ব্যাপক সমালোচনা কৰা দেখা গৈছে ৷ গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ছবি নিৰ্মাতা লুইত কুমাৰ বৰ্মনে ৷

Case against PM Modi
PM Modi MK Gandhi remarks (ETV Bharat)

নিউজ ডেস্ক, 29 মে’: লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ বাকী থকা অৱস্থাত গুৱাহাটীৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক তথা ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে হাতীগাঁও থানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ৷ এটা ব্যক্তিগত ছেটেলাইট চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে জাতিৰ পিতা মহাত্মা গান্ধী সম্পৰ্কত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছে ৷ এই অভিযোগৰ ভিত্তিতেই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে লুইত কুমাৰ বৰ্মনে ৷

কি কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে ?

টি ভি চেনেলৰ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে জাতিৰ পিতা মহাত্মা গান্ধী সন্দৰ্ভত কৈছিল যে তেওঁ এক মহান আত্মা যদিও তেওঁৰ জীৱন সন্দৰ্ভত চিনেমা নিৰ্মাণ হোৱাৰ পূৰ্বলৈকে কোনেও তেওঁৰ বিষয়ে বিশেষ নাজানিছিল ৷ মোদীয়ে কয়, ‘‘মহাত্মা গান্ধী আছিল এজন মহান আত্মা ।’’

লগতে পঢ়ক: বিৰোধী শিবিৰে কিয় আশু-আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ ? - PM Modi Mujra remark

“যোৱা ৭৫ বছৰৰ ভিতৰত তেওঁক সেই স্তৰৰ বিশ্ব স্বীকৃতি দিয়াটো আমাৰ দায়িত্ব নাছিলনে ? তেওঁৰ বিষয়ে কোনেও গম পোৱা নাছিল । ‘গান্ধী’ ছবিখন মুক্তি পোৱাৰ সময়ত সমগ্ৰ বিশ্বতে এই মানুহজন কোন সেই বিষয়ে কৌতুহলৰ সৃষ্টি হৈছিল । আমি একোৱেই কৰা নাছিলো ৷ মাৰ্টিন লুথাৰ কিং, নেলছন মেণ্ডেলাৰ কথা যদি বিশ্বই জানে, তেন্তে গান্ধীও তেওঁলোকৰ তুলনাত কম নাছিল আৰু সেইটো আপুনি মানি ল’ব লাগিব ।” মোদীয়ে সাক্ষাৎকাৰত কৈছিল ৷

মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখন:

ৰিচাৰ্ড এটেনব’ৰ’ৰ দ্বাৰা পৰিচালিত ভাৰত-ব্ৰিটেইনৰ সহযোগী প্ৰযোজনাত নিৰ্মিত ‘গান্ধী’ ছবিখন ১৯৮২ চনৰ ৩০ নৱেম্বৰত ভাৰতত মুক্তি দিয়া হৈছিল ৷ এই ছবিখনে ১১ টা অস্কাৰৰ মনোনয়ন লাভ কৰিছিল আৰু শ্ৰেষ্ঠ ছবিকে ধৰি ৮ টা বঁটা লাভ কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে এই মন্তব্যৰ যোগেদি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু মহাত্মা গান্ধীক বিশ্বত চিনাকী কৰি নিদিলে বুলি আটাইতকৈ পুৰণি দলটোক সমালোচনা কৰিছিল ৷

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে ! - Akhil gogoi on Narendra Modi

প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কংগ্ৰেছৰ:

প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিচতে ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ বহু নেতাই তেওঁক সমালোচনা কৰাৰ লগতে এই মন্তব্যৰ বাবে ধিক্কাৰ জনাইছে ৷ প্ৰধানমন্ত্ৰীক কঠোৰভাৱে সমালোচনা কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন কৰে । ছ’চিয়েল মিডিয়া চাইট এক্সত এটা পোষ্টত ৰাহুল গান্ধীয়ে লিখিছে, “মহাত্মা গান্ধীৰ বিষয়ে জানিবলৈ "সম্পূৰ্ণ ৰাজনীতি বিজ্ঞান"ৰ এজন ছাত্ৰইহে ছবিখন চাব লাগিব ।”

গান্ধী ভক্ত বনাম গড্ছে ভক্তৰ যুঁজ !

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও প্ৰধানমন্ত্ৰী মোদীক মহাত্মা গান্ধীৰ কৃতিত্ব ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচন “মহাত্মাভক্ত আৰু গড্ছেভক্ত’’ৰ মাজত হৈছে ।

‘‘মই নাজানো বিদায়ী প্ৰধানমন্ত্ৰীয়ে কোনখন পৃথিৱীত বাস কৰে য’ত ১৯৮২ চনৰ আগতে মহাত্মা গান্ধীক সমগ্ৰ বিশ্বতে স্বীকৃতি দিয়া হোৱা নাছিল, যদি কোনোবাই মহাত্মাৰ কৃতিত্ব ধ্বংস কৰিছে তেন্তে সেয়া হৈছে বিদায়ী প্ৰধানমন্ত্ৰী নিজেই । তেওঁৰ নিজৰ চৰকাৰে বাৰাণসী, দিল্লী আৰু আহমেদাবাদৰ গান্ধীবাদী প্ৰতিষ্ঠানসমূহ ধ্বংস কৰিছে ।’’-এক্সত এইদৰে লিখিছে জয়ৰাম ৰমেশে ।

“এইটোৱেই আৰ এছ এছৰ কৰ্মীৰ পৰিচয় যে তেওঁলোকে মহাত্মা গান্ধীৰ জাতীয়তাবাদ নাজানে । তেওঁলোকৰ মতাদৰ্শই সৃষ্টি কৰা পৰিবেশৰ বাবেই নাথুৰাম গড্ছেই গান্ধীজীক হত্যা কৰিছিল । ২০২৪ চনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে মহাত্মাভক্ত আৰু গড্ছেভক্তৰ মাজত । বিদায়ী প্ৰধানমন্ত্ৰী আৰু তেওঁৰ গড্ছেভক্তৰ সংগীসকলৰ পৰাজয় নিশ্চিত ।’’ ৰমেশে লগতে কয় ৷

লগতে পঢ়ক: এনেকুৱা শোচনীয় পৰাজয় হ'ব যে বিশ্ব স্তম্ভিত হ'ব; ইণ্ডি মহাজোঁটক তীব্ৰ আক্ৰমণ মোদীৰ

Last Updated : May 29, 2024, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.