ETV Bharat / state

চোকা অস্ত্রৰে মানৱ দেহ ছিৰাছিৰ কৰি জীৱনৰ ছন্দ বিচৰাসকলৰ জীৱনগাথা

Morgue Attendant: দুহাতত ধাৰাল অস্ত্ৰ ৷ ছিৰাছিৰ কৰি যায় মানুহৰ দেহ ৷ যুদ্ধক্ষেত্ৰত শত্ৰুৰ বিৰুদ্ধে নহয় ৷ জীয়াই থকাৰ যুঁজত নামি বিদীর্ণ কৰি যায় মানৱ শৰীৰ ৷ কেতিয়াবা ভাবি চাইছেনে তেওঁলোকৰ কথা ?

Morgue Attendant
অস্ত্রৰে মানৱ দেহ চিৰাচিৰ কৰি জীৱন সংগ্ৰাম কৰাসকল
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 8:47 PM IST

অস্ত্রৰে মানৱ দেহ চিৰাচিৰ কৰি জীৱন সংগ্ৰাম কৰাসকল

লখিমপুৰ, 16 ফেব্ৰুৱাৰী: মৃতদেহ লিৰিকি বিদাৰি থকা এজাক মানুহ । হেজাৰজনৰ দেহাত চলাই যায় চোকা অস্ত্ৰ ৷ এক ব্যতিক্ৰমী জীৱনশৈলী তেওঁলোকৰ । দুহাতত থাকে চোকা অস্ত্ৰ । ধাৰাল অস্ত্ৰ লৈ প্ৰতিদিনেই মানৱ দেহা বিদীৰ্ণ কৰে তেওঁলোকে । এবাৰলৈও কঁপি নুঠে তেওঁলোকৰ হৃদয় । অকণমানো শংকিত নহয় তেওঁলোক । চোকা অস্ত্ৰৰে মানৱ শৰীৰ কৰোঁতে হাত কঁপিলে নহ’ব তেওঁলোকৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

পিচে তেওঁলোকৰো হৃদয় ব্যথিত হয় । যেতিয়া কোনো নিস্পাপ শিশুৰ দেহত কৰিবলগীয়া হয় অস্ত্ৰাঘাত ৷ তেতিয়া কান্দি উঠে তেওঁলোকৰো মনবোৰে । আহত হৃদয়েৰেই শিশুৰ দেহত তেওঁলোকে চলায় ধাৰাল ছুৰী । কাৰণ, সেয়াই হৈছে তেওঁলোকৰ কৰ্ম । ভাতমুঠি মোকলোৱাৰ একমাত্ৰ সম্বল ।

তেওঁলোক হৈছে চিকিৎসালয়ৰ মৰ্গত নিয়োজিত কৰ্মী । বিভিন্ন কাৰণত প্ৰাণ হেৰুৱা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত তেওঁলোকে ছাৰ্জিকেল ব্লেড, চুৰি আদিৰে ফালি ছিৰাছিৰ কৰে মৃতদেহ । তেওঁলোকে ফালি ছিৰাছিৰ কৰা মৃতদেহ চাই চিকিৎসকে মৃত্যুৰ কাৰণ নিৰ্ণয় কৰে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰেৰণ কৰে । চিকিৎসালয়ৰ মৰ্গত নিয়োজিত সেইসকল কৰ্মীৰ জীৱন নিৰ্বাহ প্ৰণালী আনতকৈ পৃথক । তেওঁলোকে জীয়াই থাকিবৰ বাবে মৃতদেহৰে খেলা কৰিবলগীয়া হয় । যি মৃতদেহ প্ৰত্যক্ষ কৰিলে সাধাৰণতে সকলোৱে সচকিত হৈ পৰে, ভীতিগ্ৰস্ততাই মন আৱৰি ধৰে, তেনে মৃতদেহক তেওঁলোকে কোনো দ্বিধা সংকোচ নকৰাকৈ কাষত লৈ চোকা অস্ত্ৰৰে ছিৰাছিৰ কৰি যায় ।

আন আন চিকিৎসালয়ৰ দৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গতো নিয়োজিত হৈ আছে তেনে দুজন কৰ্মচাৰী । সুৰেশ বাছফৰ আৰু ছান আলী ৷ ২০০৬ চনৰ পৰাই মৃতদেহ কটা-চিঙাৰ কাম কৰি আহিছে সুৰেশ বাছফৰে । আপুনি হয়তো বিশ্বাস নকৰিব এই পৰ্যন্ত সুৰেশে ফালি ছিৰাছিৰ কৰিছে দহ হেজাৰৰো অধিক মৃতদেহ । একেদৰে ছান আলীয়েও প্ৰায় দহ সহস্ৰাধিক মৃতদেহ ইতিমধ্যে ফলাচিৰা কৰিছে । পিচে তেওঁলোকৰ জীৱনো কৰুণগাথাৰে ভৰা ।

এই পৰ্যন্ত সুৰেশহঁতৰ চাকৰিটোও স্থায়ী নহ’ল । চিকিৎসালয়ৰ তৰফৰ পৰা দিয়া মাত্ৰ ছহেজাৰ টকা মাননিৰেই তেওঁলোকে চলাই গৈছে অনুপমহীন জীৱনটো । কোনে কয়- জীৱন... জীৱন বৰ অনুপম ৷

লগতে পঢ়ক: কিতাপৰ সুবাস বিলাই পেটৰ ভাত মোকলোৱা এজন সাধাৰণ ব্যক্তিৰ অসাধাৰণ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.