ETV Bharat / state

কাৰ ভুলৰ ফল ভুগিলে ডালমিয়া চিমেন্ট ফেক্টৰীত কৰ্মৰত শ্ৰমিকে ? - Dalmia Cement plant in Umrongso

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 7:18 AM IST

Umrangso Dalmia Cement plant Accident : নিৰ্মাণৰত অৱস্থাতে শ্ৰমিকৰ মৃত্যুৰ আশংকা ৷ ডিমা হাছাও জিলাৰ উমৰাংচুস্থিত ডালমিয়া চিমেন্ট ফেক্টৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ সংবাদ মাধ্যমৰ আগত মত প্ৰকাশৰ পৰা বিৰত থাকে ডালমিয়া চিমেন্ট ফেক্টৰী কৰ্তৃপক্ষ ৷

feared  of several dead and injured in tower crane collapse at Dalmia Cement plant in Umrangso Dima Hasao
ডালমিয়া চিমেন্ট ফেক্টৰীত ভয়ংকৰ দুৰ্ঘটনা (ETV Bharat Assam)

হাফলং, 4 আগষ্ট : ডিমা হাছাও জিলাৰ উমৰাংচু ডালমিয়া চিমেন্ট ফেক্টৰীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোত 5 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে । লগতে সাতগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । লক্ষণীয় বিষয় যে, বাতৰি যুগুত কৰা পৰলৈকে ডালমিয়া চিমেন্ট কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

জানিব পৰা মতে, উমৰাংচু ডালমিয়া চিমেন্ট ফেক্টৰীৰ দ্বিতীয়টো লাইনত নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে । শনিবাৰে বিয়লি ভাগত ডালমিয়া চিমেণ্টৰ নতুনকৈ কাম আৰম্ভ হোৱা দ্বিতীয়টো লাইনত ক্ৰেং টাৱাৰ ভাঙি যায় ৷ ফলত 5 গৰাকী শ্ৰমিকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে । ইয়াৰ লগতে আন সাতগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনা : দুগৰাকী যাত্ৰী নিহত - Jharkhand train accident

ঘটনা সংঘটিত হোৱাৰ পাচতে ততাতৈয়াকৈ আহতসকলক হোজাইৰ হাম হাস্পতালত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে, পাইলেন নামৰ এটা সংস্থাৰ অধীনত উমৰাংচুৰ ডালমিয়া চিমেন্ট দুই নম্বৰ লাইনৰ নতুন প্ৰকল্পৰ কাম চলি আছে ৷ এই কাম দিনে-নিশাই চলি আছে বুলি জানিব পৰা গৈছে ।

কিন্তু ইয়াৰ মাজতে শনিবাৰে সন্ধিয়া সংঘটিত হয় এই অঘটনটো ৷ ইফালে এই সমগ্ৰ ঘটনাটো ডালমিয়া চিমেন্ট ফেক্টৰীয়ে গাপ দিবলৈহে চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ।

উল্লেখনীয় বিষয় যে, এই দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পাচতে স্থানীয় সংবাদকৰ্মীসকল সংবাদ সংগ্ৰহৰ বাবে ডালমিয়া চিমেন্ট ফেক্টৰীটোত উপস্থিত হয় ৷ কিন্তু ডিমা হাছাও আৰক্ষীয়ে সংবাদকৰ্মীসকলক ডালমিয়া চিমেন্ট ফেক্টৰী চৌহদত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰে ৷

বিতং খবৰৰ অপেক্ষাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.