ETV Bharat / state

ৰাজ্যত বানৰ ফলত ক্ষতিগ্ৰস্ত কৃষকে কিয় নাপায় উচিত ক্ষতিপূৰণ ? - Assam Flood 2024

Assam Flood 2024 : বছৰি ৰাজ্যত লাখ লাখ কৃষক বানৰ ফলত ক্ষতিগ্ৰস্ত হয় । বানৰ প্ৰভাৱত কৃষিভূমি নষ্ট হয় যদিও সেই ক্ষতিৰ তেওঁলোকে উচিত মূল্য নাপায় । ইয়াৰ কাৰণ চৰকাৰৰ বিভিন্ন বিভাগৰ বিসংগতিপূৰ্ণ নিয়ম !

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 7:07 PM IST

Assam Flood 2024
ৰাজ্যত বানৰ ফলত ক্ষতিগ্ৰস্ত কৃষকে কিয় নাপায় উচিত ক্ষতিপূৰণ (ETV Bharat)

বিশেষ প্ৰতিবেদন, ৮ জুলাই : ৰাজ্যত বান‌ পৰিস্থিতি জটিল‌ হৈ আহিছে । বছৰি বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ সংখ্যাৰ পৰা আৰম্ভ কৰি বানত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু শস্যৰ ক্ষতিসাধন‌ বৃদ্ধি পাই আহিছে । কৃষিপ্ৰধান ৰাজ্যখনত প্ৰতি বছৰে কেইবাটাও লহৰত অহা বানে কৃষিখণ্ডৰ বিস্তৰ ক্ষতিসাধন কৰে । চলিত বৰ্ষতো তাৰ ব্যতিক্ৰম হোৱা নাই । কিন্তু উদ্বেগজনক কথাটো হ'ল, প্ৰতি বছৰে ক্ষতিগ্রস্ত কৃষকসকলে সময় মতে ক্ষতিৰ ধন লাভ নকৰে ।

Assam Flood 2024
বানত মৃত্যুৰ সংখ্যা (ETV Bharat)

ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ তথ্য মতে, ২০১৫ চনৰ পৰা আজিৰ তাৰিখলৈ ৮৫৪ গৰাকীয়ে বানত প্ৰাণ হেৰুৱাইছে । তথ্য মতে, ২০১৫ চনত ৬৬ গৰাকী, ২০১৬ চনত ৬৪ গৰাকী, ২০১৭ চনত ১৬০ গৰাকী, ২০১৮ চনত ৫৩ গৰাকী, ২০১৯ চনত ১০১ গৰাকী, ২০২০ চনত ১৫০ গৰাকী, ২০২১ চনত ৩ গৰাকী, ২০২২ চনত ১৭৯ গৰাকী, ২০২৩ চনত ৭৮ গৰাকী আৰু চলিত বছৰত দেওবাৰৰ দিনটোলৈ ৬৬ গৰাকী লোকে বানত মৃত্যুক সাৱটি লৈছে ।

ইফালে ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষৰ হিচাপ অনুসৰি বিগত ৯ বছৰৰ বানৰ ফলত কৃষি খণ্ডৰ ক্ষয়-ক্ষতি এনে ধৰণৰ -২০১৫ চনত ১০৫ কোটি টকা, ২০১৬ চনত ৮৫ কোটি টকা, ২০১৭ চনত ১০০.১২ কোটি টকা, ২০১৮ চনত ২৩.৪৮ কোটি টকা, ২০১৯ চনত ১৫৭.৫৪ কোটি টকা, ২০২০ চনত ১৪৫.৮৬ কোটি টকা, ২০২১ চনত ৮.৫৫ কোটি টকা, ২০২২ চনত ১৫৪.৫৮ কোটি টকা আৰু ২০২৩ চনত ১৭.৯৯ কোটি টকা । চলিত বৰ্ষত এই পর্যন্ত ৬৮৪৩২.৭৫ হেক্টৰ কৃষিভূমিৰ ক্ষয়-ক্ষতি হৈছে ।

Assam Flood 2024
কৃষিখণ্ডৰ ক্ষতি (ETV Bharat)

উল্লেখ্য যে কৃষি বিভাগৰ ক্ষতিৰ পৰিমাণ আৰু দুৰ্যোগ প্রশমন বিভাগৰ ক্ষতিৰ পৰিমাণৰ তাৰতম্যৰ বাবেই ক্ষতিগ্রস্ত কৃষকসকল বঞ্চিত হৈ আছে । যাৰ বাবে বানত প্ৰতি বছৰে কৃষকৰ কৃষিভূমি ক্ষতিগ্ৰস্ত‌ হয় । বানে শস্যৰ ব্যাপক ক্ষতিসাধন কৰে । কিন্তু ক্ষতিগ্ৰস্ত কৃষকে সময় মতে আৰু সঠিকভাৱে ক্ষতিপূৰণ নাপায় । এনেদৰে বছৰ বছৰ ধৰি কৃষকে উপযুক্ত ক্ষতিপূৰণ নোপাৱাৰ বাবে কৃষকৰ আৰ্থিক অৱস্থা বেয়াৰ দিশে গতি কৰিছে ।

এই সন্দৰ্ভত কৃষি বিভাগ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য সদৰী কৰি নিখিল‌ ভাৰত কৃষক সভাৰ ৰাজ্যিক সভাপতি টিকেন দাসে কয় যে ২০২৩ চনত কৃষি বিভাগে সমস্ত ক্ষতিৰ তথ্য সামৰি প্ৰায় ১০০ কোটি টকা বিচাৰিছিল । কিন্তু দুৰ্যোগ প্রশমন বিভাগৰ হিচাপ মতে, ক্ষতিৰ পৰিমাণ মাত্র ১৭.৯৯ কোটি টকা । দুর্যোগ প্রশমন বিভাগৰ নিয়ম অনুসাৰে বানত প্লাৱিত এটা অঞ্চলৰ ৩৩ শতাংশতকৈ বেছি ক্ষতিসাধন হ'লেহে তাক ক্ষতিৰ তালিকাত সন্নিৱিষ্ট কৰা হয় । অন্যথা ক্ষতিৰ ধন লাভ নকৰে ।

তেওঁ লগতে কয় যে দুর্যোগ প্রশমন বিভাগৰ এই আসোঁৱাহপূর্ণ নিয়মৰ বাবেও বছৰি বহু লোক ক্ষতিৰ ধন লাভৰ পৰা বঞ্চিত হৈ আহিছে । কিয়নো ৩৩ শতাংশতকৈ কমকৈ প্লাৱিত হোৱা বহু অঞ্চলৰ ৰাইজৰো যথেষ্ট ক্ষতি সাধন কৰে বানে । দুৰ্যোগ প্রশমনৰ এই বিসংগতিপূৰ্ণ নিয়মৰ বাবে প্রতি বছৰে অসমত বানত কৃষি খণ্ডৰ হোৱা ক্ষয়-ক্ষতি যথেষ্ট কম পৰিমাণে দেখুওৱা হয় । সেই কম ধনো লাভ নকৰে কৃষকে ।

লগতে পঢ়ক :অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ প্ৰায় ২৪ লাখ লোক ক্ষতিগ্ৰস্ত, মৃত্যুৰ সংখ্যা ৫৮ লৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.