ধিং,১৮ ছেপ্টেম্বৰ: বিজ্ঞান-প্ৰযুক্তিৰ উত্তৰণে মানুহক নি চন্দ্ৰ পোৱালেগৈ । কৃত্ৰিম বুদ্ধিমত্তাৰে নোহোৱাটোকো হোৱা, অসম্ভৱকো সম্ভৱ কৰি তুলিব পৰা হ'ল । কিন্তু বৰ্তমানো যেন একাংশৰ গোৰামি এৰিবলৈ সময় নহ'ল । জীৱিকাৰ বাবে কৰা কামক অস্পৃশ্য জ্ঞান কৰাটো আজিকোপতি সলনি নহ'ল । পুনৰ তাৰেই ফল ভুগিলে মৰিগাঁৱৰ এজন উদ্যমী যুৱকে । গাহৰি পালন কৰাৰ বাবে পুনৰ এঘৰীয়া হ'ব লগা হ'ল উচ্চ শিক্ষিত এজন যুৱক ।
যুৱকজনৰ নাম দিপাংকৰ নাথ । ঘৰ মৰিগাঁৱৰ হাবিবৰঙাবাৰিত । বেংগালুৰুৰ পৰা উচ্চ শিক্ষাগ্ৰহণ কৰি ঘূৰি আহিছিল স্ব-গৃহলৈ । আন দহজনৰ দৰে চৰকাৰী চাকৰিৰ পিচত হাবাথুৰি নাখাই, কৰ্ম-সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি নেমেলি নিজৰ ঠাইতে কিবা এটা কৰাৰ হেঁপাহ লৈ গাঁৱতেই খুলি লৈছিল এখন গাহৰিৰ ফাৰ্ম । কিন্তু তাতেই লাগিল কেনা ।
ৰাইজৰ ৰোষত পৰিব লগা হ'ল উচ্চ শিক্ষিত যুৱক দিপাংকৰ নাথ । মঙলবাৰে দিপাংকৰ নাথৰ ঘৰত আয়োজন কৰিছিল বিশ্বকৰ্মা পূজাৰ । মাহ-প্ৰসাদ, কল, মিঠাই, পায়স, সকলো সাজু । কিন্তু যুৱকজনৰ ঘৰত উপস্থিত নহ'ল ৰাইজ । নাহিল নামতিৰ দল । কাৰণ যুৱকজনে কৰিছিল গাহৰি পালন । ফলত এঘৰীয়া কৰিলে যুৱকজনক । আশ্চৰ্যজনকভাৱে গাৱ খনত ৯০% মানুহে গাহৰি খায় । গাঁৱবাসীৰ মতে গাহৰি খাব পাৰিব কিন্তু পুহিব নোৱাৰিব ।
এই সন্দৰ্ভত যুৱকজনৰ মাতৃয়ে আক্ষেপ কৰি কয়, "মোৰ ল'ৰাটোৱে কোনো বেয়া কাম কৰা নাই । চুৰি কৰিবলৈ যোৱা নাই, ডকাইতি কৰিবলৈ যোৱা নাই । সি কিবা এটা ব্যৱসায়হে কৰিব বিচাৰিছে । ৰাইজে হঠাৎ এনে সিদ্ধান্ত গ্ৰহণ কৰিব নালাগিছিল ।" স্বাধীনতাৰ ৭৮ টা বছৰ পাৰ হৈ যোৱাৰ পিচত, পথাৰ আমাৰ বজাৰ আমাৰ শ্ল'গানেৰে অসমীয়াগিৰি দেখুৱাৰ সময়ত এনে কাৰ্য কিমান গ্ৰহণযোগ্য ? ৰঘুমলা শিপাৰ দৰে বাঢ়ি যোৱা নিবনুৱা সমস্যাক নাশ কৰিবলৈ স্বাৱলম্বিতাৰ বাট বোলা এনে একাংশ যুৱকৰ বাবে এনে সমাজ বাধাৰ প্ৰাচীৰ নহয়নে ?