ETV Bharat / state

গলব্লাডাৰত পাথৰ ধৰা পৰাৰ পাছতেই চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ মহিলাৰ পৰিয়ালৰ ! - FIR LOGGED AGAINST DOCTOR

এগৰাকী মহিলাৰ স্বাস্থ্য পৰীক্ষাত গলব্লাডাৰত পাথৰ ধৰা পৰে ৷ তাৰ পাচতেই অপাৰেশ্যনৰ বাবে চেন্নাই এপ’ল’লৈ যায় ৷ ঘূৰি আহি পৰিয়ালে গোচৰ তৰিলে চিকিৎসকৰ বিৰুদ্ধে ৷

FIR against diagnostic center
চিকিৎসকৰ বিৰুদ্ধে গোচৰ দাখিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 9:35 PM IST

শিলচৰ: চিকিৎসাখণ্ডত বিভিন্ন অনিয়মৰ অভিযোগ, চিকিৎসকৰ গাফিলতিৰ অভিযোগ, স্বাস্থ্য পৰীক্ষাৰ নামত হেমাহিৰ অভিযোগ আপুনি প্ৰায়ে শুনা পায় ৷ সাধাৰণ লোকৰ বাবে চিকিৎসক হৈছে দেৱতাস্বৰূপ আৰু চিকিৎসালয় বা চিকিৎসা বিভাগটো হৈছে আশাৰ এক উজ্জ্বল শিখাৰ দৰে ৷ কিন্তু কেতিয়াবা এনে কেতবোৰ ঘটনা সংঘটিত হয়, যিয়ে এই অমল বিশ্বাসকণ নোহোৱা কৰি পেলায় মানুহৰ মনৰ পৰা ৷ তেনে এক ঘটনাকে সামৰি এই প্ৰতিবেদন-

এগৰাকী মহিলা, নাম তেওঁৰ ৰেজিয়া বেগম ৷ শাৰীৰিক অসুস্থতাত ভুগি থকা মহিলাগৰাকীয়ে যোৱা 2 অক্টোবৰ তাৰিখে তেওঁৰ চিকিৎসক ডাঃ পুলক দাসৰ (এম.ডি) পৰামৰ্শ মতে স্বাস্থ্য পৰীক্ষাৰ বাবে শিলচৰৰ মেহেৰপুৰত থকা শিলচৰ হেল্থ কেয়াৰ নামৰ ডায়েগনষ্টিক চেন্টাৰটোলৈ আহে ৷ তাতেই ডাঃ নৱনিতা পালে (ৰেডিঅ’ল’জিষ্ট) তেওঁৰ কেইটামান স্বাস্থ্য পৰীক্ষা (Sonography) কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ যি ৰিপ’ৰ্ট তেওঁলোকে ৰেজিয়াক দিলে, তাত উল্লেখ কৰা হৈছিল যে তেওঁৰ গলব্লাডাৰত এটা 13.7 মিঃমিঃ পাথৰ ধৰা পৰিছে ৷ চিকিৎসকে তেওঁক ততাতৈয়াকৈ চিকিৎসা আৰু অপাৰেশ্যনৰ সহায় ল’বলৈ পৰামৰ্শ দিয়ে ৷

চিকিৎসকৰ বিৰুদ্ধে গোচৰ দাখিল (ETV Bharat)

স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্ট দেখি চিন্তিত হৈ পৰিল ৰেজিয়া আৰু পৰিয়াল ৷ অপাৰেশ্যনৰ বাবে চেন্নাইৰ এপ’ল’ হাস্পতাললৈ যোৱাৰ সিদ্ধান্ত ল’লে তেওঁলোকে ৷ কথামতেই আহি পালেহি চেন্নাই এপ’ল’ ৷ চিকিৎসকক দেখুৱাই কৰালে স্বাস্থ্য পৰীক্ষা ৷ কিন্তু এয়া কি ? শিলচৰত ৰেজিয়াৰ গলব্লাডাৰত যিটো পাথৰ ধৰা পৰিছিল, চেন্নাইত কৰা পৰীক্ষাত সেই পাথৰ নোহোৱা হৈ গ’ল ৷ চেন্নাইৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্ট চাই নিচিন্তে থকাৰ পৰামৰ্শ দি ৰেজিয়াক বিদায় দিলে ৷

চেন্নাইৰ চিকিৎসকৰ কথা শুনি ৰেজিয়াৰ লগতে পৰিয়ালে বুজি পালে যে শিলচৰৰ ডায়েগনষ্টিক চেন্টাৰত ভুল ৰিপ’ৰ্ট দিছিল তেওঁলোকক ৷ চেন্নাইৰ পৰা আহিয়েই ৰেজিয়াৰ পৰিয়াল কাষ চাপিল শিলচৰ সদৰ আৰক্ষীৰ, দাখিল কৰিলে এজাহাৰ ৷ তেওঁলোকে ভুল স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্ট দিয়াৰ অভিযোগ তুলি এজাহাৰত শিলচৰ হেল্থ কেয়াৰ নামৰ ডায়েগনষ্টিক চেন্টাৰৰ গৰাকী, ডাঃ পুলক দাস আৰু ডাঃ নৱনিতা পালৰ নাম উল্লেখ কৰে ৷

এজাহাৰত ওপৰত বৰ্ণনা কৰা সমস্ত ঘটনা উল্লেখ কৰিছে ৰেজিয়াৰ পৰিয়ালে ৷ এতিয়া আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

ইপিনে এই সমগ্ৰ অভিযোগ খণ্ডন কৰি শিলচৰ হেল্থ কেয়াৰ নামৰ ডায়েগনষ্টিক চেন্টাৰটোৰ ৰেডিঅ’লজিষ্ট গৰাকীয়ে কয় যে তেওঁলোকৰ ৰিপ’ৰ্ট ভুল নহয় । চেন্নাইৰ এপ’ল’ হাস্পতালত ৰোগীৰ জনৰ CT Scan কৰা হৈছিল আৰু CT Scan ত গলব্লাডাৰ ষ্ট’ন ধৰা নপৰে । CT Scan আৰু Sonography দুটা বেলেগ বেলেগ বিষয় বুলি কয় ৰেডিঅ’লজিষ্টগৰাকীয়ে ।

লগতে পঢ়ক: বাস্তৱত দৃশ্যম ! মহিলাক হত্যা কৰি পুতি থ’লে জিলা দণ্ডাধীশৰ আৱাসৰ কাষত

চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.