গুৱাহাটী, ১৮ জুন : তিনিচুকীয়া নিবাসী খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰিছে । সংবাদ মাধ্যমলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে ।

উল্লেখ্য যে, খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উক্ত শিক্ষা প্রতিষ্ঠানখনৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈছিল । ছাত্ৰজনৰ মৃতদেহ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হোৱা ঘটনাৰ প্রকৃত সত্য উদঘাটনৰ বাবে সমগ্ৰ বিষয়টোৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰাৰ বাবে আহ্বান জনাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ মুখ্যমন্ত্ৰী শৰ্মাই এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক : কেনেকৈ মৃত্যু হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ ? জানক সবিশেষ - IIT Kharagpur Assam Student Death
শেহতীয়া ফৰেনছিক প্রতিবেদনত প্রয়াত ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত মৃতক তথা শোকার্ত পিতৃ-মাতৃক ন্যায় প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে এই ভয়ানক অপৰাধ সংঘটিত কৰা অপৰাধী আৰু ইয়াৰ সৈতে জড়িত আন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো অত্যন্ত প্রয়োজনীয় বুলিও মুখ্যমন্ত্ৰীয়ে পত্ৰখনত উল্লেখ কৰে ।

স্মৰ্তব্য যে, এই মেধাৱী ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ তদন্তৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ ২০ অক্টোবৰতো পশ্চিম বংগৰ মুখ্যমন্ত্ৰীক এক পত্রযোগে অনুৰোধ জনাইছিল । পত্ৰখনত মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে প্ৰয়াত ফাইজান আহমেদক ২০২২ চনৰ ১৪ অক্টোবৰত ছাত্ৰাবাসৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । যদিও আই আই টি কর্তৃপক্ষই এয়া এক আত্মহত্যাৰ ঘটনা বুলি দাবী কৰিছিল ৷
লগতে পঢ়ক : ফাইজান আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰসংগত কি ক'লে মুখ্যমন্ত্ৰীয়ে - IIT Kharagpur Assam Student Death
কিন্তু প্ৰয়াত ফাইজানৰ শোকসন্তপ্ত পিতৃ-মাতৃয়ে তেওঁৰ শৰীৰত আঘাতৰ চিন পর্যবেক্ষণ কৰি এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছিল । পত্ৰখনত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰয়াত ফাইজান আহমেদৰ মৃতদেহ খনন কৰি দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ।
দ্বিতীয়টো ফৰেনছিক প্ৰতিবেদন অনুসৰি প্ৰয়াত ফাইজান আহমেদৰ ডিঙিৰ ওপৰৰ বাওঁফালে গুলীৰ আঘাত আৰু ডিঙিৰ সোঁফালে চুৰিৰ আঘাত আছিল । ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটোৰ চিবিআইৰ তদন্তৰ পোষকতা কৰিছে ।
লগতে পঢ়ক : বিস্ফোৰক তথ্য উদ্ঘাটনৰ পিচতো মিথ্যাত পৰিণত নহয়তো ‘ন্যায়’ শব্দটো ? - IIT Kharagpur Assam Student Death