ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী ‌উপাচাৰ্যৰ বিশেষ পোষ্ট : ৰাজনীতিৰ প্ৰসংগ টানি ভিন্নজনৰ মতামত - VC of Gauhati University

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 6:48 PM IST

Pratap Jyoti Handique facebook post : এগৰাকী উপাচাৰ্যৰ কাৰ্যকাল শেষ নৌহওতেই নিযুক্তি দিয়া হ’ল নতুন উপাচাৰ্যক ৷ তাক লৈ চৰ্চা চলি থকাৰ মাজতে বিদায়ী উপাচাৰ্যৰ ক্ষোভভৰা ফেচবুক পোষ্ট ৷ বিদায়ী পোষ্টটোত কোনো কোনোৱে ৰাজনৈতিক হস্তক্ষেপৰ প্ৰসংগৰেও মতামত প্ৰদান কৰিছে ৷

Pratap Jyoti Handique facebook post
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী ‌উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ (Pratap Jyoti Handique FB account)

গুৱাহাটী, ১ আগষ্ট : গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী ‌উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে‌‌ বিদায়ী বেলাত সামাজিক মাধ্যমত কৰা এক বিষোদ্গাৰে বিশেষ চৰ্চা লাভ কৰিছে । ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে ড৹ ননীগোপাল‌ মহন্তক নিযুক্তি দিছে ৷

বিশ্ববিদ্যালয়খন বিদায়ী ‌উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল শেষ নোহোৱাকৈ একপ্ৰকাৰ ক্ষমতা খটুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে ড৹ ননীগোপাল‌ মহন্তক নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপিত হৈ আহিছিল । অৱশেষত শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী ‌উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে‌ সামাজিক মাধ্যমত দিয়া পোষ্টটোৱে এই‌ কথা এক প্ৰকাৰে প্ৰমাণিত কৰিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী ‌উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে‌ সামাজিক মাধ্যমত দিয়া পোষ্টটোত কয়, ‘‘ ২০১৯ চনৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলো । মোৰ জীৱনৰ সমগ্ৰ সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব ৷ মোৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ ৷ মই আতঁৰি যাবলৈ সাজু হৈছো । জীৱনে মোক নিৰ্মোহ হ’বলৈ শিকাইছে । মনৰ মাজত নিসংগ অহং । গুৱাহাটী বিশ্ববিদ্যালয় উজলি থাকক সৰ্বকাল ৷’’

উল্লেখ্য যে ২০১৯ চনৰ ২১ আগষ্টত প্ৰতাপজ্যোতি সন্দিকৈক ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীয়ে নতুন উপাচাৰ্যৰূপে নিযুক্তি দিছিল । প্ৰতাপ জ্যোতি সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয় জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ অধ্যাপক তথা জৈৱ প্ৰযুক্তি গৱেষণাৰ ভালেমান ৰাষ্ট্ৰীয় সংস্থাৰ লগতো জড়িত আছিল ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে যোৱা ২৯ জুলাইত ড৹ ননীগোপাল মহন্তক নিযুক্তি দি শপতগ্ৰহণ কৰোৱা হৈছে ৷ তেওঁ অসম চৰকাৰৰ শিক্ষা উপদেষ্টাকে ধৰি শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা ব’ৰ্ডৰ উপৰিও অসমৰ বিভিন্ন চৰকাৰী সংস্থাৰ বিশেষজ্ঞ হিচাপে বিভিন্ন সময়ত পৰামৰ্শ প্ৰদান কৰি আহিছে ৷

ইপিনে প্ৰতাপজ্যোতি সন্দিকৈ কয় যে এনেধৰণে আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি হোৱা নাছিল ।‌ তেওঁৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দিছে । এয়া তেওঁৰ বাবে অস্বস্তিকৰ কথা ৷ তেওঁ কয়, ‘‘ আনন্দৰে যাব পৰাহেঁতেন ভাল‌ লাগিলহেঁতেন ৷ ৪২ বছৰ‌ মোৰ বিশ্ববিদ্যালয়ৰ লগত সম্পৰ্ক আছিল । নতুন উপাচাৰ্য সোনকালে আহক, মই তেওঁক দায়িত্ব দিবলৈ সাজু আছো ।’’

লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী নতুন উপাচাৰ্য ড৹ ননীগোপাল মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.