ETV Bharat / state

অসাৰ প্ৰতিশ্ৰুতি: দুৰ্নীতিৰ গ্ৰাসত গুৱাহাটী পানী যোগান প্ৰকল্প ! পুঁজি নাই চৰকাৰৰ - Guwahati Water Supply Project

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 9:48 PM IST

Water Supply Projects: গুৱাহাটীৰ খোৱাপানী প্ৰকল্প ৰূপায়ণৰ নামত কি চলি আছে ? গুৱাহাটীৰ পানী যোগান আঁচনি সম্পূৰ্ণ কৰাৰ বাবে বিভাগৰ হাতত এতিয়া পুঁজিয়েই নাই ৷ উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিত উন্মোচন হৈছে চৰকাৰৰ ফোঁপোলা স্বৰূপ ৷ এই সন্দৰ্ভত বিশিষ্ট অভিযন্তা সত্যব্ৰত শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিক ভৱেশ মেধিৰ বিশেষ সাক্ষাৎকাৰ-

Water Supply Projects
GUWAHATI WATER SUPPLY PROJECT (ETV Bharat Assam)

গুৱাহাটী, 12 জুন : 2024 চনৰ মাৰ্চৰ ভিতৰত গুৱাহাটীৰ প্ৰতিঘৰ লোককে পানী যোগান ধৰা হ'ব বুলি পৌৰ নিগমৰ মেয়ৰৰ পৰা বিভাগীয় মন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰীলৈ বিভিন্নজনে বিভিন্ন সময়ত দিয়া প্ৰতিশ্ৰুতিৰ দৰাচলতে কোনো ভিত্তি নাছিল ৷ ইতিমধ্যে গুৱাহাটী মহানগৰীৰ খোৱা পানীৰ সমস্যা সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিত চৰকাৰৰ ফোঁপোলা স্বৰূপ উন্মোচন হৈছে ৷

বিশিষ্ট অভিযন্তা সত্যব্ৰত শৰ্মাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV BHARAT ASSAM)

প্ৰকৃততে গুৱাহাটীৰ খোৱাপানী প্ৰকল্প ৰূপায়ণৰ নামত কি চলি আছে সেয়া জানিবৰ বাবে গুৱাহাটী খোৱা পানী প্ৰকল্পৰ সৈতে দীৰ্ঘদিন জড়িত থকা তথা এই বিষয়ে বিশেষভাৱে অৱগত বিশিষ্ট অভিযন্তা সত্যব্ৰত শৰ্মাৰ কাষ চপিছিল ই টি ভি ভাৰত ৷ ই টি ভি ভাৰতৰে হোৱা বিশেষ সাক্ষাৎকাৰত গুৱাহাটী পানী যোগান প্ৰকল্পৰ ব্যৰ্থতা তথা ৰূপায়ণৰ অনিয়মৰ সন্দৰ্ভত বহুত গুৰুত্বপূৰ্ণ কথা তেওঁ প্ৰকাশ কৰে ৷

প্ৰকল্পৰ বাৰ্থতাৰ আঁৰত দিছপুৰৰ শীৰ্ষ বিষয়াৰ ন্যস্ত স্বাৰ্থ:

বিশিষ্ট অভিযন্তা সত্যব্ৰত শৰ্মাই আঙুলিয়াই দিয়ে যে প্ৰকল্প ৰূপায়ণত চৰম অব্যৱস্থাপনা, দিছপুৰৰ শীৰ্ষ একাংশ বিষয়াৰ ন্যস্ত স্বাৰ্থ, ঠিকাদাৰৰ ওপৰত অধিক নিৰ্ভৰশীল আৰু চৰকাৰৰ অনীহাৰ বাবে গুৱাহাটী পানী যোগান প্ৰকল্প আজিলৈকে সম্পূৰ্ণ হোৱা নাই ৷ উল্লেখ্য যে অসম চৰকাৰে গুৱাহাটীত পানী যোগানৰ বাবে চাৰিটা প্ৰকল্পৰ কাম হাতত লৈছিল ৷ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প, কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্প, পূব গুৱাহাটী পানী যোগান প্ৰকল্প আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প ৷

শৰ্মাই কয় যে পশ্চিম গুৱাহাটী প্ৰকল্পটো 2009 চনত আৰম্ভ কৰি 2012 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷ 2015 চনত প্ৰকল্পটো আৰম্ভ কৰা হৈছিল ৷ বিধানসভাত 2016-17 চনলৈ বিভাগীয় মন্ত্ৰীয়ে প্ৰকল্পটো 95 শতাংশ পৰ্যন্ত সম্পূৰ্ণ হোৱাৰ কথা সদৰী কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত আচৰিতভাৱে চৰকাৰে ভুল স্বীকাৰ কৰি এই প্ৰকল্পটো 75 শতাংশ সম্পূৰ্ণ হোৱা বুলি সদৰী কৰে ৷ এই প্ৰকল্পটোত ব্যাপক অনিয়ম সংঘটিত ‌হৈছে ৷

এতিয়া এই প্ৰকল্পটো ৰূপায়ণৰ বাবে এন এল টিক 300 কোটি টকাৰ নিবিদাযোগে কামৰ দায়িত্ব দিছে ৷ শৰ্মাই কয় যে পূব গুৱাহাটী আৰু কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ বাবে কামৰ দায়িত্ব থকা আই ভি চি আৰ এল কোম্পানীৰ দুৰ্নীতিৰ তদন্ত আজিলৈকে নহ'ল ৷ এই কোম্পানীটোৱে 20 কোটি টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ কিন্তু ইয়াৰ‌ কোনো তদন্ত নহ'ল ৷

লগতে পঢ়ক : বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অত্যাৱশ্যকীয় খাদ্য় সামগ্ৰী মজুতৰ নিৰ্দেশ - Assam Flood 2024

চৰকাৰৰ হাতত পুঁজি নাই, 2035 চনলৈ অপেক্ষা:

গুৱাহাটীৰ পানীযোগান আঁচনি সম্পূৰ্ণ কৰাৰ বাবে বিভাগৰ হাতত এতিয়া পুঁজিয়েই নাই ৷ গুৱাহাটী মহানগৰীৰ এটা বিশাল এলেকাত পানীযোগান ধৰিব লগা দক্ষিণ-পূব গুৱাহাটী পানী যোগান প্ৰকল্প সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিত্তীয় প্ৰতিষ্ঠান নেচনেল ডেভেলপমেন্ট বেংক (এন ডি বি)ৰ ঋণলৈ অপেক্ষা কৰি আছে ৷ এই কথা আদালতত শেহতীয়াকৈ চৰকাৰে অবগত কৰা বুলি তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে এন ডি বিৰ পৰা ঋণ লাভ কৰাৰ পাচত চলিত বৰ্ষৰ শেষত এই প্ৰকল্প সম্পূর্ণ কৰিব পৰা যাব ৷ গুৱাহাটীৰ পানী যোগান আঁচনিৰ অগ্ৰগতিৰ এই অৱস্থা ৰাজ্য চৰকাৰে আদালতত জনোৱা তথ্যত প্ৰকট হৈছে ৷

তেওঁ জনায় যে গুৱাহাটী মহানগৰীৰ খোৱা পানীৰ সমস্যা সন্দৰ্ভত চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সংস্থাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিত আজি ৰাজ্য চৰকাৰৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ক জনায় যে ইতিমধ্যে গেমন ইণ্ডিয়াই কাম এৰি যোৱা ‘দক্ষিণ-পূব গুৱাহাটী পানী যোগান প্ৰকল্প'ৰ দায়িত্ব অসম নগৰীয়া আন্তঃগাঁথনি বিনিয়োগ কার্যসূচী (এ ইউ আই আই পি)ৰ অধীনত ৰূপায়ণ কৰিবলৈ লোৱা হৈছে ৷

গুৱাহাটীৰ এই পানীযোগান প্ৰকল্পৰ বাবে পুঁজি ঋণ ল'বলৈ এন ডি বিৰ কাষ চপা হৈছে ৷ এন ডি বিয়ে প্ৰকল্পৰ প্ৰতিবেদনত সন্মতি জনাইছে ৷ যোৱা ছেপ্টেম্বৰ মাহত এন ডি বিৰ প্ৰতিনিধি আহি প্ৰকল্পথলী ভ্ৰমণ কৰি গৈছে ৷ প্ৰকল্পৰ বাবে ঋণ অনুমোদনৰ বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে এন ডি বিৰ এটা দল জুলাই মাহত পুনৰ গুৱাহাটীলৈ আহিব ৷ এন ডি বিৰ ঋণৰ ধনেৰে দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্প-II সম্পূর্ণ কৰিব পৰা যাব ৷

তেওঁ কয় যে যে চৰকাৰে প্ৰায় এবছৰ পূৰ্বে এই প্ৰকল্পৰ কাম 24 শতাংশ সম্পূর্ণ হোৱা বুলি আদালতক জনাইছিল ৷ 9 জুনত আদালতত এই প্ৰকল্পৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লগা আছিল ৷ অৱশ্যে চৰকাৰে আজি প্ৰকল্পটো চলিত বৰ্ষৰ শেষত সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুত কৰাৰ সময় নিৰ্দিষ্ট কাৰ্যসূচীৰ বিষয়ে আদালতক জনায় ৷ আদালতে ৰাজ্য চৰকাৰ তথা এ ইউ আই আই পিক দুসপ্তাহৰ ভিতৰত প্ৰকল্পটোৰ সন্দৰ্ভত বিতং শপতনামা দাখিলৰ নিৰ্দেশ দিছে ৷

শৰ্মাই কয় যে আৰ টি আইৰ জৰিয়তে পোৱা তথ্য মতে পূব গুৱাহাটী পানী যোগান‌ প্ৰকল্পৰ দায়িত্বত থকা পি এম চিয়ে 2029 চনৰ ভিতৰত এই প্ৰকল্পটো ৰূপায়ণ কৰাৰ কথা সদৰী কৰিছে ৷ গতিকে পূব গুৱাহাটীবাসীয়ে খোৱা পানীৰ বাবে 2035 চনলৈ অপেক্ষাৰ বাহিৰে অন্য উপায় নাই ৷

চাৰিটা প্ৰকল্পৰ মাত্ৰ 10 শতাংশ লোকেহে পানী পাইছে:

শৰ্মাই জনায় যে এতিয়ালৈকে চাৰিওটা প্ৰকল্পৰ ভিতৰত মাত্ৰ কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে 121 টা মিটাৰিং জ'নৰ ভিতৰত 35 টা মিটাৰিং জ'নত খোৱাপানী যোগান ধৰি আছে ৷ অৰ্থাৎ 12 বছৰৰ পিচত মাত্ৰ 10 শতাংশ মানুহকহে পানী যোগান ধৰিবলৈ চৰকাৰ সমৰ্থ হৈছে ৷

লগতে পঢ়ক : শিলচৰত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন: ক্ষোভ প্ৰকাশ জলসম্পদ বিভাগৰ বিৰুদ্ধে - Artificial flood in Silchar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.