ETV Bharat / state

ৰাইমনাত আছে চীনা বনৰৌ; কেমেৰাত বন্দী দৃশ্য - RAIMANA NATIONAL PARK

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চীনা বনৰৌৰ উপস্থিতি । সংৰক্ষণবিদ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা বনৰৌৰ প্ৰথমটো ফটোগ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰিছে ।

Endangered Chinese Pangolin have been detected in Raimana National Park
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌৰ উপস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 6:48 PM IST

গুৱাহাটী: অসমৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চীনা বনৰৌৰ উপস্থিতি ধৰা পৰিছে । সংৰক্ষণবিদ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা বনৰৌৰ প্ৰথমটো ফটোগ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰিছে । অসমৰ বন বিভাগৰ কচুগাঁও বন সংমণ্ডলৰ নেতৃত্বত অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু অন্য সংগঠনে চলোৱা অধ্যয়নৰ পাছত আন্তর্জাতিক স্বীকৃতিপ্ৰাপ্ত বৈজ্ঞানিক, সতীৰ্থ বিশেষজ্ঞ পৰ্যালোচিত জাৰ্নেল "জাৰ্নেল অৱ থ্ৰেটেণ্ড টেক্সা"ত প্ৰকাশিত গৱেষণা পত্ৰত এই তথ্য প্ৰকাশ কৰা হৈছে ।

উদ্যানখনৰ পশ্চিম ৰেঞ্জৰ অন্তৰ্গত ৰঙানদী অঞ্চলত স্থাপন কৰা কেমেৰাত ২০২২ চনৰ ৩০ জানুৱাৰী আৰু ২৮ ফেব্ৰুৱাৰীত চীনা বনৰৌৰ তিনিখন ফটো বন্দী হৈছিল । ৰঙানদীত লগ লগা আৰু শাল গছ থকা অৰ্ধপৰ্ণপাতী অৰণ্যৰে আবৃত এটা শুকান জুৰিত চীনা বনৰৌৰ ফটোকেইখন বন্দী কৰা হৈছিল ।

গৱেষণা পত্ৰখনৰ মূল লিখক, আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড৹ দীপাংকৰ লহকৰে কয়, “গৱেষণা পত্ৰখনে অসম আৰু উত্তৰ-পূব ভাৰতত পোৱা ভাৰতীয় বনৰৌৰ ক্ষেত্ৰত থকা এটা বিভ্ৰান্তিও দূৰ কৰিছে আৰ ই ‘আই ইউ চি এন ৰেডলিষ্ট’ৰ বিতৰণৰ মানচিত্ৰখনৰ সম্ভাব্য শুধৰণিত সহায় কৰিব” । আৰাণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড৹ এম ফিৰোজ আহমেদ, ভানু সিনহা, প্ৰাঞ্জল তালুকদাৰ, বিশ্বজিৎ বসুমতাৰী, টুনু বসুমতাৰী, ৰামি এইচ বেগম, নিবিড় মেধি, নিতুল কলিতা আৰু অভিষেক হৰিহৰেও এই গৱেষণা পত্ৰখন প্ৰস্তুত কৰাত সহায় কৰে ।

Endangered Chinese Pangolin have been detected in Raimana National Park
বিপন্ন চীনা বনৰৌৰ ফটো (ETV Bharat Assam)

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সংমাণ্ডলিক বন বিষয়া ভানু সিনহাই কয়,“ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টাৰ উত্তৰণৰ উদ্দেশ্যে চলি থকা নিৰন্তৰ গৱেষণাৰ অংশ হিচাপে উদ্যানখনত চীনা বনৰৌৰ উপস্থিতিৰ তথ্য লিপিবদ্ধ কৰা হৈছে । মোৰ বোধেৰে এই কাৰ্যই ৰাইমনাত সংৰক্ষণৰ উদ্যমক সবল কৰিব আৰু অতি সোনকালে অধিক অনাৱিষ্কৃত তথ্য লিপিবদ্ধ কৰাটো নিশ্চিত কৰাত সহায় কৰিব” ।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতত দুটা প্ৰজাতিৰ বনৰৌ-ভাৰতীয় বনৰৌ (Manis crassicaudata) আৰু চীনা বনৰৌ (Manis pentadactyla) পোৱা যায় ।

পৃথিৱীৰ কত কত পোৱা যায় চীনা বনৰৌ:

বৰ্তমান চীনা বনৰৌ ভাৰত, ভূটান, বাংলাদেশ, নেপাল, ম্যানমাৰ, থাইলেণ্ড, চীন, হংকং, টাইৱান, লাওছ, আৰু ভিয়েটনাম আদি পূব, উত্তৰ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত পোৱা যায় । ভাৰতত চীনা বনৰৌৰ আৱাসভূমি হিমালয়ৰ পাদদেশ, উত্তৰ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে সীমাবদ্ধ ।

আনহাতে চীনা বনৰৌৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে,"অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাৰ দিশত এক আনন্দদায়ক বাতৰি ৷ শেহতীয়াকৈ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত এক গুৰুতৰভাৱে বিপদাপন্ন বনৰৌ (Chinese Pangolin) দেখা পোৱা গৈছিল ৷ এই বাতৰিয়ে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ সম্প্ৰসাৰণক নিশ্চিতভাৱে প্ৰতিনিধিত্ব কৰিছে । আমি সুৰক্ষা আৰু সংৰক্ষণৰ জৰিয়তে এনে এক পৰিৱেশ সৃষ্টি কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ কৰি আছোঁ, য'ত প্ৰকৃতিৰ সম্পদ স্বৰূপ আপুৰুগীয়া জীৱকুলৰ প্ৰতিটো প্ৰজাতি বিকশিত হোৱাৰ বাবে নিৰ্ভৰযোগ্য আৱাসভূমিৰ সূচনা হ'ব পাৰে ।"

লগতে পঢ়ক: দুষ্প্ৰাপ্য বনৰৌ, উদৰ ছালসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Wildlife organ trafficking

Pangolin rescued: বিলাসীপাৰাত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.