ETV Bharat / state

সোণাপুৰৰ কচুতলীৰ পৰা বেদখলকাৰীৰ উভতনি যাত্ৰা - Sonapur Eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 10:36 PM IST

Sonapur Eviction incident: সোণাপুৰৰ উচ্ছেদক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে সেই স্থান এৰি অজ্ঞাত স্থানলৈ ৰাওনা হৈছে বেদখলকাৰী । দেওবাৰে সৰু-বৰ বাহনেৰে ঘৰৰ সা-সামগ্ৰী লৈ সেই স্থান ত্যাগ বেদখলকাৰীৰ ।

Sonapur Eviction incident
সোণাপুৰৰ কচুতলীৰ পৰা বেদখলকাৰীৰ উভতনি যাত্ৰা (ETV Bharat)

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : ৰক্তাক্ত ৰণথলীত পৰিণত হোৱা কামৰূপ জিলাৰ সোণাপুৰৰ কচুতলীৰ উচ্ছেদৰ আজি সপ্তম দিন । সপ্তম দিনা কচুতলী এৰি অজ্ঞাত স্থানলৈ বৃহৎ সংখ্যক বেদখলকাৰী আঁতৰি যোৱাৰ দৃশ্য বন্দী হ'ল সংবাদ মাধ্যমৰ কেমেৰাত ।

কচুতলীৰ পৰা উভতিছে বেদখলকাৰী :

প্ৰশাসনৰ কঠোৰ স্থিতিৰ পিচত এতিয়া সোণাপুৰৰ জনজাতিৰ বাবে সংৰক্ষিত ভূমিৰ বেদখলকৃত ভূমি এৰি কচুতলীৰ পৰা ওলাই গৈছে বহু লোক । মাটিৰ মোহত আহি বিভিন্ন স্থানৰ পৰা পমুৱা লোকে বেদখল কৰিছিল সোণাপুৰৰ কচুতলীকে ধৰি বহুকেইখন গাঁৱৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি ৷ যোৱা ৯ ছেপ্টেম্বৰৰ পৰা কচুতলীত আৰম্ভ হৈছিল উচ্ছেদ অভিযান । ১২ তাৰিখে বেদখলকাৰীৰ আকস্মিক আক্ৰমণত ২২ গৰাকী আৰক্ষী-প্ৰশাসনৰ লোক আহত হোৱাৰ লগতে আৰক্ষীৰ গুলীচালনাত ২ জন লোকৰ মৃত্যু আৰু আন ১৩ জন লোক আহত হয় ৷

ফলত কচুতলীৰ উচ্ছেদক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লাগে ৷ ইযাৰ বিপৰীতে যোৱা ১৩ ছেপ্টেম্বৰত বেদখলকাৰীক সেই ঠাই এৰি যাবলৈ জাননী জাৰি কৰা হৈছিল । বেদখলকৃত ভূমি এৰি যাবলৈ ৩ দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল লোকসকলক ৷ চৰকাৰী জাননী জাৰি কৰাৰ দেওবাৰে দ্বিতীয় দিন ৷ জাননী লাভ কৰাৰ পিচতে শাৰী পাতিব ধৰিছে সোণাপুৰৰ কচুতলীৰ পৰা প্ৰয়োজনীয় লামলাকটু সামৰি ওলাই অহা বাহন ৷ ঘৰৰ সামগ্ৰী লৈ নতুন ঠাইলৈ গমন ৷

বৰপেটা, মায়ং আদিত ঘৰ আছে বেদখলকাৰীৰ :

চৰকাৰী জাননীৰ পিচত অৱশেষত স্ব-ইচ্ছাই বৰপেটা, মায়ং, ধিং আদিত থকা নিজৰ ঘৰলৈ উভতিছে কচুতলীৰ উচ্ছেদিত লোকসকলে । দেওবাৰৰ পুৱাৰ পৰাই দেখা গ'ল তিনিচকীয়া আৰু চাৰিচকীয়া সৰু সৰু বাহনত বেদখলকাৰী কচুতলীৰ পৰা উভতি যোৱা দৃশ্য ৷ কিন্তু প্ৰশ্ন হয়, উচ্ছেদিত লোকসকল ইয়াৰ পৰা যাব ক'লৈ ? নে কোনো নতুন ঠাইত গৈ পুনৰ বেদখল কৰি বহিব ? ঘৰৰ সা-সামগ্ৰীৰ সৈতে উভতি গাড়ীত অহা কেইবাগৰাকীও বেদখলকাৰীৰ ভাষ্যৰ পৰা প্ৰকাশ পায় যে তেওঁলোকৰ বহুতে আন বহু ঠাইত নিজৰ ঘৰ আছে । কচুতলী এৰি উভতি যোৱা সকলৰ ভিতৰত এগৰাকীয়ে কয়, "বৰপেটাৰ ঘৰলৈ যাম ৷ যাবইতো লাগিব ।" আন এগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, "আমি আগৰ ঘৰলৈ উভতি যাম । মায়ঙত আমাৰ ঘৰ আছে ৷"

উল্লেখ্য যে ৯ ছেপ্টেম্বৰত উচ্ছেদ আৰম্ভ কৰাৰ ১১ দিনৰ পূৰ্বে মাইকযোগে প্ৰশাসনে ট্ৰাইবেল বেল্টৰ বেদখলকৃত ভূমি ত্যাগ কৰি আঁতৰি যাবলৈ বেদখলকাৰীক ৰাজহুৱা আহ্বান জনাইছিল । একাংশ লোকে স্ব-ইচ্ছাই কচুতলীৰ পৰা আঁতৰি গৈছিল ৷ কিন্তু বহুলোকে এৰি যোৱা নাছিল । ১২ তাৰিখে ৰক্তাক্ত পৰিৱেশ হোৱাৰ পিচত ১৩ ছেপ্টেম্বৰত পুনৰ ৩ দিনৰ সময়সীমা দি বেদখলকাৰীক আঁতৰি যাবলৈ সুবিধা দিয়া হয় ।

লগতে পঢ়ক :কৰ্পোৰেট গোষ্ঠীক দিবলৈহে সোণাপুৰত উচ্ছেদ ! - Sonapur Eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.