ETV Bharat / state

মৰঙিৰ ফুলনি গাঁৱৰ ঘাইপথত বন্যহস্তীৰ মুক্ত বিচৰণ - Man elephant conflict in Assam

Elephant menace in Assam: গোলাঘাটৰ নুমলীগড়ত বন্য়হস্তীয়ে টোপনি হৰিছে ৰাইজৰ । ইয়াৰ মাজতেই নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীয়ে সৃষ্টি কৰিছে সন্ত্ৰাসৰ । ফুলনি গাঁৱৰ মাজেৰে গৈ বগীঢলাৰ দিশে গমন কৰিলে হাতীৰ জাকে ।

Man elephant conflict in Assam
হাতী মানুহৰ সংঘাত
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 3:40 PM IST

হাতী-মানুহৰ সংঘাত

গোলাঘাট, ৫ মাৰ্চ: ৰাজ্য়ত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । বনাঞ্চল সংকুচিত আৰু খাদ্যৰ অভাৱত এতিয়া জনাঞ্চল হৈ পৰিছে বন্যহস্তীৰ বিচৰণস্থলী ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বিভিন্ন গাৱঁত নিশা হ'লেই উপদ্ৰৱ চলাই হাতীৰ এটা বৃহৎ জাকে ৷ আজি এনেদৰে লেটেকুজান চাহ বাগিচাৰপৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ফুলনি গাঁৱৰ মাজেৰে গৈ বগীঢলাৰ দিশে গমন কৰিলে হাতীৰ জাকটোৱে ৷ ৰাজপথত হাতীৰ জাকটোৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি পথৰ দুয়োপাৰে জুম বান্ধে স্থানীয় লোকে ৷ বন্যহস্তীৰ জাকটো ৰাজপথত বিচৰণ কৰাৰ ফলত বহু সময় ধৰি যান-বাহনো কিছু সময় আৱদ্ধ হৈ পৰে ৷

উল্লেখযোগ্য যে বনাঞ্চল সমূহত বন্যহস্তীৰ খাদ্যৰ নাটনি হোৱাৰ ফলতে দৈনিক জাকে জাকে বন্যহস্তী জনাঞ্চলত প্ৰবেশ কৰি সৃষ্টি কৰে সন্ত্ৰাস । নিশাতো বাদেই, দিনৰ পোহৰতো বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন গাঁৱত প্ৰবেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ । ইয়াৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ ।

স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধিক হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই আহিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । গোলাঘাট জিলাৰ জামুগুৰি, ওৱাটিং গাড়ীগাঁও, আইটননিয়া মিৰি গাঁও, থুৰামুখ, বেবেজীয়া, দৈগ্ৰং, ধলাগুৰি, পুৰাবাংলা, আদিকে ধৰি বিভিন্ন অঞ্চলত এতিয়া বন্যহস্তীৰ মুক্ত বিচৰণৰ দৃশ্য় অতি সহজলভ্য হৈ পৰিছে ।

লগতে পঢ়ক:ৰঙাপৰাত পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ধৰ্ণা আছা-আটছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.