ETV Bharat / state

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি অসমৰপৰা উভতিল নিৰ্বাচন আয়োগৰ দল - ECI team two day Assam visit

ECI Team Visits Assam : লোকসভা নিৰ্বাচনৰ বাবে অসমত প্ৰস্তুতিৰ বুজ লৈ দুদিনীয়া ভ্ৰমণ সামৰি উভতিল ভাৰতৰ নিৰ্বাচন আয়োগৰ দল ৷ উপ-নিৰ্বাচন আয়ুক্তগৰাকীয়ে অসমৰ নিৰ্বাচন যাতে অধিক ভোটাৰৰ ভোটদানৰ সৈতে মুক্ত আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হয় তাৰ বাবে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ৷

ECI Team Visits Assam
অসমৰপৰা উভতিল নিৰ্বাচন আয়োগৰ দল
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:54 PM IST

গুৱাহাটী, 6 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমত প্ৰস্তুতিৰ বুজ লৈ দুদিনীয়া ভ্ৰমণ সামৰি উভতিল ভাৰতৰ নিৰ্বাচন আয়োগৰ দল ৷ মঙলবাৰে অসমলৈ অহা দলটোৱে আজি ৰাজ্যখনৰ সকলো জিলা নিৰ্বাচনী বিষয়া (ডি ই অ’), গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, সকলো জিলাৰ আৰক্ষী অধীক্ষক (এছ পি), ডি আই জি আৰু অন্যান্য উচ্চপদস্থ বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত এই বৈঠকত আগন্তুক লোকসভাৰ সাধাৰণ নিৰ্বাচন, 2024 ৰ পূৰ্বে ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় আয়োগৰ দলটোৱে ৷ উপ-নিৰ্বাচন আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত অহা দলটোৰ জ্যেষ্ঠ প্ৰধান সচিব এন.এন. বুটোলিয়া, সঞ্চালক পংকজ শ্ৰীবাস্তৱ আৰু সচিব এন.টি. ভূটিয়াই বৈঠকত ভাগ লোৱা বিষয়াসকলৰ সৈতে অসমৰ জিলাসমূহত নিৰ্বাচনৰ প্ৰস্তুতিৰ প্ৰসংগত মত-বিনিময় কৰে ৷ নিৰ্বাচনৰ বাবে ই পি আই চিৰ বিতৰণৰ অৱস্থা, ভোটকেন্দ্ৰত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা, ইভিএম/ভিভিপিএট আৰু জনশক্তিৰ ব্যৱস্থা, ভোটাৰৰ ভোটদান বৃদ্ধিৰ বাবে চলি থকা এছ ভি ই ই পিৰ কাম-কাজ, জনশক্তিৰ প্ৰশিক্ষণ, নিৰাপত্তা বাহিনী নিয়োগ, নিৰ্বাচনী ব্যয়ৰ বিষয়ে বৈঠকত আলোচনা কৰা হয় ৷

উপ-নিৰ্বাচন আয়ুক্তগৰাকীয়ে অসমৰ নিৰ্বাচন যাতে অধিক ভোটাৰৰ ভোটদানৰ সৈতে মুক্ত আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হয় তাৰ বাবে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ৷ আনহাতে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা নিৰ্বাচনী আয়োগৰ দলটোৱে মঙলবাৰে সন্ধিয়া অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ আয়ুক্ত সকলৰ সৈতে বৈঠকত মিলিত হয় ৷ দলটোৱে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল, আই জি পি (এল এণ্ড অ’), ৰাজ্যিক আৰক্ষীৰ ন’ডেল বিষয়া পি.কে. ভূঞাৰ লগত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৷ তেওঁলোকৰ ভ্ৰমণৰ প্ৰথম দিনাই দলটোৱে বিভিন্ন কেন্দ্ৰীয় বলবৎকাৰী সংস্থাৰ প্ৰতিনিধিৰ সৈতেও সাক্ষাৎ কৰি ৰাজ্যখনত মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৷

লগতে পঢ়ক : অসমত নিৰ্বাচন আয়োগৰ দল, বিহুৰ আগেয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.