ETV Bharat / state

ৰকিবুলৰ পুত্রৰ বিৰুদ্ধে চামগুৰিত ৭ নৱেম্বৰত ৰণদুন্দুভি বজাব মুখ্যমন্ত্রীয়ে, পাঁচটা সমষ্টিতে চলাব প্ৰচাৰ - ASSAM BYE ELECTION 2024

ঝাৰখণ্ডত নিৰ্বাচনত ব্যস্ত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৭ নৱেম্বৰত চামগুৰি, বিহালীত, ৫ নৱেম্বৰত ধলাই আৰু ৬ নৱেম্বৰত বঙাইগাঁও, চিদলীত নিৰ্বাচনী প্ৰচাৰ চলাব ।

ASSAM BYE ELECTION 2024
পাঁচটা সমষ্টিতে প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 7:22 PM IST

Updated : Nov 3, 2024, 8:53 PM IST

গুৱাহাটী: ৰাজ্যত এতিয়া তুংগত উঠিছে উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান । ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । পাঁচটা সমষ্টিত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ । শাসক-বিৰোধী উভয়ে এঘড়ী যুঁজাৰ বাবে সাজু হৈছে । পাঁচটা সমষ্টিৰ ভিতৰত বিশেষভাৱে লক্ষণীয় হৈ পৰিছে চামগুৰি সমষ্টি । দীৰ্ঘ সময়ে কংগ্ৰেছৰ দখলত থকা সমষ্টিটো উদ্ধাৰ কৰাৰ বাবে উঠিপৰি লাগিছে শাসকীয় দল বিজেপি । যাৰবাবে একপ্ৰকাৰ ৰণক্ষেত্রত পৰিণত হৈছে চামগুৰি সমষ্টি ।

লগতে পঢ়ক: চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?

চামগুৰিত বিজেপিৰ হৈ প্ৰচাৰত নামিছে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক । কেন্দ্ৰীয় মন্ত্রী পৱিত্র মাৰ্ঘেৰিটায়ো সমষ্টিটোত চলাইছে প্ৰচাৰ । ইফালে দীৰ্ঘ সময় ধৰি প্ৰতিনিধিত্ব কৰি অহা চামগুৰি সমষ্টিটো এইবাৰ পুত্রৰ দখললৈ অনাৰ বাবে পূৰ্ণোদ্যমে উঠি পৰি লাগিছে সাংসদ ৰকিবুল হুছেইনে । দীঘলীয়া সময় চামগুৰিক প্ৰতিনিধিত্ব কৰা ৰকিবুল হুছেইনে পুত্র তাঞ্জিল হুছেইনক জয়ী কৰোৱাৰ বাবে দিন-ৰাতি একাকাৰ কৰি পেলাইছে।

লক্ষণীয় বিষয় যে ঝাৰখণ্ডৰ নিৰ্বাচনৰ বাবে অত্যন্ত ব্যস্ত হৈ থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই একালৰ বন্ধু তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ বিৰুদ্ধে চামগুৰিত প্ৰচাৰ চলাবলৈ আহিব নে নাহে তাক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । ২০০১ চনৰ পৰাই কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টিটো পুনৰ কংগ্ৰেছ দলৰ হৈ পুত্ৰ তাঞ্জিল হুছেইনৰ নামত দখল কৰিবলৈ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন উঠি পৰি লগাৰ বিপৰীতে কংগ্ৰেছৰ পৰা সমষ্টিটো উদ্ধাৰৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে ।

লগতে পঢ়ক: বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজেপি দলৰ নেতা, মন্ত্ৰী-বিধায়কসকলে ব্যাপক প্ৰচাৰ চলাইছে । চামগুৰিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ প্রার্থী তাঞ্জিল হুছেইনৰ বিৰুদ্ধে বিজেপি প্রার্থী দিপুৰঞ্জন শৰ্মাৰ হৈ অহা ৭ নৱেম্বৰত নিৰ্বাচনী প্ৰচাৰ চলাব ।

বিজেপি দলৰ ৰাজ্যিক নেতৃত্বই জনোৱা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযানে সমষ্টিটোত যথেষ্ট প্ৰভাৱ পেলাব । ঝাৰখণ্ডত নিৰ্বাচনৰ বাবে ব্যস্ত হৈ থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৭ নৱেম্বৰত চামগুৰিৰ লগতে বিহালী সমষ্টিত প্ৰচাৰ চলাব । আনহাতে ৫ নৱেম্বৰত ধলাই সমষ্টিত আৰু ৬ নৱেম্বৰত বঙাইগাঁও আৰু চিদলীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাব । উল্লেখ্য যে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে পাঁচটা সমষ্টিত ৩৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক: এসময়ৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে চামগুৰিত প্ৰচাৰ চলাবনে হিমন্ত বিশ্ব শৰ্মাই ?

Last Updated : Nov 3, 2024, 8:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.