তেজপুৰ, 22 মে’ : কোন দিশে গতি কৰিছে আমাৰ সমাজ ব্যৱস্থা ? সভ্য সমাজৰ পৰিচয় প্ৰকৃততে এয়াই নেকি ? বৰ্তমান সময়ত আমি প্ৰায়েই এনেধৰণৰ প্ৰশ্নৰ মুখামুখি হৈ আহিছো ৷ তাৰ পিছতো সলনি হৈছে জানো আমাৰ মানসিকতা !
ৰাজ্যজুৰি এখন সুস্থ সমাজ গঠনৰ হকে অসম আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ লোৱাৰ পিছতো পিছ হোহকা নাই একাংশ লোক ৷ এইবাৰ ড্ৰাগছ সৰবৰাহৰ অভিযোগত মৰেল পুলিচিঙৰ বলি হ’ল এগৰাকী বৃদ্ধ ৷
ঘটনাৰ সবিশেষ :
শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বগীজুলিত সোমবাৰে বিয়লি যথেষ্ট পৰিমানৰ গাঞ্জা উদ্ধাৰ হয় ৷ এই গাঞ্জা বিক্ৰীৰ অভিযোগত এজন বৃদ্ধক কৰায়ত্ত্ব কৰে আৰক্ষীয়ে ৷ ধৃত লোকজনৰ নাম প্ৰসাদ বৰ্মন (70) ৷ পৰৱৰ্তী সময়ত চাৰিদুৱাৰ আৰক্ষীয়ে গাঞ্জাসহ অভিযুক্ত বৰ্মনক আটক কৰি চাৰিদুৱাৰ থানালৈ লৈ আহে ৷
মৰেল পুলিচিঙৰ অভিযোগ : এই ঘটনাৰ পিছতে আটকাধীন প্ৰসাদ বৰ্মনৰ আত্মীয়ই একাংশ যুৱকৰ বিৰুদ্ধে মৰেল পুলিচিগিৰিৰ অভিযোগ উত্থাপন কৰিছে ৷ অভিযোগ অনুসৰি অঞ্চলটোত বহু দিনৰ পৰাই পূজাৰ সামগ্ৰীৰ দোকান দি আহিছে বৰ্মনে ৷ সোমবাৰে দুপৰীয়া ভাত খাই ঘৰতে বহি থকা বৰ্মনৰ বাসগৃহলৈ মটৰচাইকেলৰে প্ৰায় আঠজনমান যুৱক আহে আৰু কিবা সামগ্ৰী লাগে বুলি কৈ বৰ্মনক দোকানলৈ লৈ যায় ৷ দোকানখন খোলাৰ পাছতে যুৱকৰ দলটোৱে দোকানৰ ভিতৰৰ পৰা এটা টোপোলা উলিয়াই আৰু ইয়াতে গাঞ্জা থকা বুলি চিঞৰ বাখৰ কৰে ৷ লগে লগে যুৱকৰ দলটোৰ লগতে পূৰ্বৰে পৰা সেই স্থানত থকা একাংশ লোকে বৃদ্ধগৰাকীক মাৰধৰ কৰে ৷ প্ৰহাৰত বৰ্মন গুৰুতৰভাৱে আহত হয় ৷
এই ঘটনাক এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি আখ্যা দিছে বৰ্মনৰ পৰিয়ালৰ লোকে ৷ বৰ্মনৰ পৰিয়ালে গণপ্ৰহাৰৰ অভিযোগ উত্থাপন কৰি ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ আনহাতে পিতৃক প্ৰহাৰ কৰা বুলি শুনি ঘটনাস্থলীত উপস্থিত হোৱা বৰ্মনৰ জীয়াৰীকো লোকসকলে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷
কোন কোন জড়িত ?
বৃদ্ধ বৰ্মনক প্ৰহাৰ কৰা দলটোৰ মূল অভিযুক্ত হিচাপে উল্লেখ কৰা হয় জনৈক বসুমতাৰী উপাধিৰ এজন ব্যক্তিৰ নাম ৷ জনৈক বসুমতাৰী উত্তৰ ঢেকিয়াজুলি মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ কোষাধ্যক্ষ । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পঞ্জীয়ন কৰা ৮৪/২০২৪ নম্বৰ গোচৰৰ ভিত্তিত আজি বসুমতাৰীক আটক কৰি পিছলৈ তেওঁক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে গাঞ্জা ব্যৱসায়ৰে জড়িত অভিযুক্ত বৰ্মনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ দুয়োকে ইতিমধ্যে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷
ইফালে বসুমতাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই চাৰিদুৱাৰ থানাত বহুসংখ্যক লোক উপস্থিত হৈ তেওঁক তৎকালেই মুক্তি দিবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক: বিদ্যালয়ৰ পৰা ক'লৈ গ'ল জিতু ? সন্ধান নাই আজিও - Student Missing In Bongaigaon