ETV Bharat / state

গৈছিল কইনা আনিবলৈ; হ’লগৈ ৰঙাঘৰৰ আলহী - Child Marriage in Karimganj

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 8:50 PM IST

Child Marriage in Assam: বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ থকাৰ সময়তো যেন গা-লৰা নাই একাংশৰ । কিয়নো ৰাজ্যত পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা । এইবাৰ ৰভাতলীতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাল্যবিবাহ কৰিবলৈ অহা দৰাক ।

Child Marriage in Assam
ৰভাতলীতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দৰাক (ETV BHARAT ASSAM)

কৰিমগঞ্জ, ২১ মে': ৰাজ্য়ত বাল্যবিবাহ প্ৰতিৰোধৰ বাবে আছে কঠোৰ আইন । শক্তিশালীভাৱে আইনখন প্ৰয়োগ কৰি বাল্যবিবাহৰ দৰে ঘটনা প্ৰতিৰোধ কৰিবলৈ চৰকাৰে দিছে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা । কিন্তু তাৰ পিচতো ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অব্য়াহত বাল্য়বিবাহৰ ঘটনা । এইবাৰ কৰিমগঞ্জৰ পাথাৰকান্দিত বাল্য়বিবাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল আঠগৰাকী লোক ।

বাল্যবিবাহ কৰিবলৈ যোৱা দৰাৰ লগতে কাজি, আত্মীয়, আলহীসহ মুঠ আঠগৰাকী লোক‌ক পাথাৰকান্দি থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ঘটনা সংঘটিত হৈছে পাথাৰকান্দিৰ কাবাৰিবন্দ গাঁৱত । এই অঞ্চলটোৰ জহৰুল ইছলামৰ পুত্ৰৰ পাঁচ কিলোমিটাৰ আঁতৰৰ এখন গাঁৱৰ এগৰাকী কিশোৰীৰ সৈতে প্ৰেম সূত্ৰে বিয়াৰ বন্দোবস্তি কৰা হৈছিল । নিৰ্দিষ্ট দিনত তেওঁলোকে বিয়াৰ বাবে কন্য়াৰ ঘৰলৈ ওলায় । কন্য়াগৰাকী প্ৰাপ্ৰবয়স্ক নোহোৱাৰ পিচতো বিবাহৰ বাবে আগবাঢ়ি যায় জহৰুল ইছলামৰ পুত্ৰ । কাজীৰ উপস্থিতিত কবুল পঢ়ি সম্পন্ন হয় বিবাহ । কিন্তু এই বাল্যবিবাহৰ সময়তেই খবৰ লাভ কৰে পাথাৰকান্দি থানাৰ আৰক্ষীয়ে ।

লগে লগে পাথাৰকান্দি থানাৰ আৰক্ষীয়ে উপস্থিত হয় বিবাহথলীত । আৰক্ষীৰ তদন্তত পোহৰলৈ আহে কন্য়াগৰাকী নাবালিকা বুলি । বিয়াঘৰৰ পৰাই আৰক্ষীয়ে দৰা বিলাল উদ্দিন, কাজী, নাৱালিকাৰ পিতৃ, দৰাৰ মোমায়েক, নাৱালিকাৰ মোমায়েক, গাড়ীৰচালকসহ আঠগৰাকী লোক‌ক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচত তেওঁলোকক আদালতত হাজিৰ কৰোৱাত আদালতে আটাই কেইগৰাকীকে জেললৈ প্ৰেৰণ কৰে । এই ঘটনাত আটক হোৱা সকল হৈছে বিলাল উদ্দিন, ছাব্বিৰ উদ্দিন, দিলোয়াৰ হুছেইন, আছাব উদ্দিন, নিজাম উদ্দিন, ছাদ উদ্দিন, আলি হুছেইন আৰু মাহতাবুৰ ৰহমান ।

লগতে পঢ়ক:লখিমপুৰত বাল্যবিবাহৰ পয়োভৰ: উদ্বিগ্ন সচেতন সমাজ

আহিছিল বিয়া পাতিবলৈ, পালেহি ৰঙাঘৰ

বাল্যবিবাহ কৰিবলৈ গৈ দুই সন্তানৰ পিতৃ সোমাল ৰঙাঘৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.