ETV Bharat / state

NEET-NET পৰীক্ষাৰ কেলেংকাৰীক কেন্দ্ৰ কৰি লখিমপুৰ-চিলাপথাৰত জ্বলিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা - NEET UG 2024 ROW

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:00 PM IST

Protest Over NEET Scam : লখিমপুৰ-চিলাপথাৰত প্ৰতিবাদৰ ঢৌ ৷ নীট আৰু নেট পৰীক্ষাৰ বিসংগতিৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে জাতীয় যুৱ বাহিনীৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ পঢ়ক সবিশেষ ...

NEET UG 2024 ROW
প্ৰতিবাদ (Etv Bharat Assam)

লখিমপুৰ, 23 জুন: নীট আৰু নেট পৰীক্ষাৰ বিসংগতিৰ বিৰুদ্ধে চৌদিশে উঠিছে প্ৰতিবাদৰ ধ্বনি ৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে শনিবাৰৰ দিনটোত প্ৰতিখন জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে লখিমপুৰত দেওবাৰে ৰাইজৰ দলৰ ভাতৃ সংগঠনস্বৰূপ জাতীয় যুৱ বাহিনীয়েও সাব্যস্ত কৰে প্ৰতিবাদ ।

লখিমপুৰ-চিলাপথাৰত জ্বলিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা (Etv Bharat Assam)

লখিমপুৰৰ মাজমজিয়াত প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী দুগৰাকীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তদুপৰি শিক্ষামন্ত্ৰী গ’ বেক, ধৰ্মেন্দ্ৰ প্ৰধান গ’ বেক, শিক্ষামন্ত্ৰী হায় হায় আদি ধ্বনিৰে লখিমপুৰৰ আকাশ-বতাহ কঁপাই তোলে ৷

লগতে পঢ়ক: NEET UG বিতৰ্ক : তদন্তৰ ভাৰ অৰ্পণ চি বি আইক - NEET UG 2024

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতেই National Testing Agency য়ে আয়োজন কৰা দেশৰ দুটাকৈ বৃহৎ পৰীক্ষা NEET আৰু NET ত ব্যাপক অনিয়ম তথা পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই দেশৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী তথা নাগৰিকক হতভম্ব কৰিছে । সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাৰ অৱনতি ঘটিছে ৷ পিছে দেশত এয়া অতি সাধাৰণ ঘটনাহে ঘটাৰ দৰে চৰকাৰে নীৰৱে আছে ৷

লগতে পঢ়ক: পিছুৱাই দিয়া হ’ল NEET-PG পৰীক্ষা, শীঘ্ৰেই ঘোষণা হ’ব নতুন তাৰিখ - NEET PG examination

বিগত ৫ টা বৰ্ষত ৪১ টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হোৱাৰ কথা ইতিমধ্যে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বুলিও পায়েঙে সদৰী কৰে ৷ এনেকৈ সঘনাই প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ পুনৰাবৃত্তিৰ ফলত দেশৰ পৰীক্ষা অনুষ্ঠিত কৰা অনুষ্ঠানসমূহৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে বিশ্বাসযোগ্যতা হেৰুৱাই পেলাব ৷ যাৰ সুদুৰপ্ৰসাৰী প্ৰভাৱ দেশৰ সৰ্বাংগীণ উন্নয়নৰ ওপৰত পৰিব বুলি পায়েঙে মন্তব্য কৰে । প্ৰতিবাদকাৰীসকলে তিনিটাকৈ দাবীও উত্থাপন কৰে ৷ সেইকেইটা হৈছে-

  • NTA ৰ মূল দায়িত্বত থকা বিষয়াসকলক আৰু NEET, NET পৰীক্ষা অনুষ্ঠিত কৰা বিষয়াসকলক তৎকালে নিলম্বনৰ দাবী
  • প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত অপৰাধীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী
  • NET পৰীক্ষা শীঘ্ৰে পুনৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী

এইখিনি যদি কৰিব নোৱাৰে, তেন্তে চৰকাৰৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই বুলি উল্লেখ কৰি পদত্যাগৰ দাবী উত্থাপন কৰে প্ৰতিবাদী দলটোৱে ৷ তদুপৰি প্ৰতিবাদকাৰীসকলে কেন্দ্রীয় শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ ৷ এই কাৰ্যসূচীত জাতীয় যুৱ বাহিনীৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দেৱজিৎ শইকীয়াসহ ভালেমান কৰ্মীয়ে অংশগ্রহণ কৰে ।

জোনাই:

NEET আৰু NET পৰীক্ষাত হোৱা বিসংগতিক লৈ সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰতো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে প্ৰতিখন জিলাৰ সদৰতো সংগঠনটোৱে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে পঢ়ক: অসমৰ শিক্ষামন্ত্ৰীক পুতলা শিক্ষামন্ত্ৰী আখ্যা ছাত্র সন্থাৰ - NEET UG 2024 ROW

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.