ETV Bharat / state

চক্ৰবৃদ্ধি হাৰত অৱনতি ঘটিছে অসমৰ অৰ্থনীতিৰ: অজাপৰ অভিযোগ - ECONOMIC DOWNTURN

নিৰ্দিষ্ট এমুঠিমান ঠিকাদাৰৰ দখলত গৰিষ্ঠ সংখ্যক চৰকাৰী প্ৰকল্পৰ কাম ৷ বহুসংখ্যক ঠিকাদাৰৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে বিজেপি চৰকাৰৰ দিনত ৷ অজাপৰ অভিযোগ ৷

Economic downturn
অজাপৰ সংবাদমেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 5:14 PM IST

গুৱাহাটী: বিজেপি চৰকাৰে ঠিকাদাৰসকলক কাম আৰু বিলৰ ধন আৱন্টন দিয়াৰ ক্ষেত্ৰত পক্ষপাতিত্ব আৰু বঞ্চনাৰ নীতি গ্ৰহণ কৰাৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদে ।

দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ কৰি কয় যে ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে ।

অজাপৰ সংবাদমেল (ETV Bharat)

তেওঁ কয়, ‘‘আনুমানিক হিচাপ অনুসৰি, অসম চৰকাৰৰ ৫৪ টা বিভাগৰ অধীনত ১ লাখৰো অধিক ঠিকাদাৰ আছে ৷ তাৰে নগণ্য অংশ এটাক বাদ দিলে বাকী সকলো অসমৰে থলুৱা ঠিকাদাৰ ৷ পূৰ্বে এই ঠিকাদাসকলে সৰু-ডাঙৰ চৰকাৰী যোগান বা নিৰ্মাণৰ কাম কৰি সংস্থাপনৰ পথ মুকলি কৰিছিল ৷ কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত উক্ত ঠিকাদাৰসকল কামৰ অভাৱত লাহে লাহে নিবনুৱা হ’বলৈ লৈছে ৷’’

‘‘জলসম্পদ বিভাগৰ অধীনত যদি এটা প্ৰকল্প/কাম/আঁচনিৰ নিৰ্মাণ ব্যয় ৫ কোটি টকা হয়, সেইটোক ৫জন ঠিকাদাৰক ভাগ কৰি দিয়া হৈছিল, যাতে সেই পাঁচজন ঠিকাদাৰৰ লগত জড়িত হৈ থকা এশ এশকৈ পাঁচশজন মানুহ উপকৃত হয় ৷ কিন্তু এতিয়া তেনে ৫ কোটি টকীয়া ১০ টা প্ৰকল্প/কাম/আঁচনি একেলগ কৰি তাৰ নিৰ্মাণ ব্যয় ৫০ কোটি টকা বনাই এজন নিৰ্দিষ্ট ঠিকাদাৰ বা ঠিকাদাৰী প্ৰতিষ্ঠানক আৱন্টন দিয়ে ৷’’ উদাহৰণ দি ভূঞাই কয় ৷

তেওঁ অভিযোগ কৰি কয়, ‘‘দেখা গৈছে যে দিছপুৰৰ আশিস থকা কেইগৰাকীমান নিৰ্দিষ্ট ঠিকাদাৰে সৰহভাগ কাম আৰু লগতে বিলৰ ধন সময়মতে আদায় পাই আছে ৷ উদাহৰণ স্বৰূপে, মুখ্যমন্ত্ৰীৰ লোকনিৰ্মাণ (পথ) বিভাগত মাত্ৰ ৩ গৰাকী ঠিকাদাৰে সৰহভাগ কামৰ আৱন্টন আৰু বিলৰ ধন আদায় পাই আহিছে ৷ তাৰে দাস, শৰ্মা আৰু সিংঘী উপাধিৰ উক্ত তিনিগৰাকী ঠিকাদাৰে ২০১৬ চনৰ ১ মে’ৰ পৰা চলিত ২০২৪ বৰ্ষৰ মাৰ্চ মাহলৈ মুঠ ৮,৭৯৮ কোটি টকাৰ ঠিকা লাভ কৰিছে ৷ দাস উপাধিৰ ঠিকাদাৰগৰাকীয়ে ২,১৭১.৪৩ কোটি, শৰ্মা উপাধিৰ ঠিকাদাৰগৰাকীয়ে ১,৮২২.২৫ কোটি আৰু সিংঘী উপাধিৰ ঠিকাদাৰগৰাকীয়ে ৪,৮০৪.৬২ কোটি টকাৰ ঠিকা লাভ কৰিছে ৷’’

২০১৬ চনৰ পৰা এতিয়ালৈকে ৰাজ্যৰ কোনটো চৰকাৰী বিভাগত কি কি কাম/আঁচনি/প্ৰকল্পৰ ঠিকা আৱন্টন দিয়া হৈছে, কোন কোন ঠিকাদাৰ বা ঠিকাদাৰী প্ৰতিষ্ঠানক কামবোৰ আৱন্টন দিয়া হৈছে আৰু কোনটো কামৰ নিৰ্মাণ ব্যয় আৰম্ভণিত (প্ৰাককলন মতে) কিমান আছিল আৰু শেষলৈ কিমান হৈছেগৈ এই সকলো বিষয়ৰ এক ন্যায়িক তদন্তৰ তেওঁ দাবী কৰে ৷

লগতে পঢ়ক: পৰীক্ষা দিলেও চাকৰিৰ বাবে ছমাহ সময় অপেক্ষা কৰিব লাগিব ৰাজ্যৰ নিবনুৱাই !

ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.