ETV Bharat / state

অসমত উপস্থিত নিৰ্বাচন আয়োগৰ দল - ECI Team Visit Assam

ECI Team Visit Assam : দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় এটা তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দল। এয়াৰ ইণ্ডিয়া বিমানযোগে কলকাতাৰ পৰা আহি মঙলবাৰে দিনৰ 11.05 বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হয় দলটো ।

ECI Team Visit Assam
অসমত উপস্থিত নিৰ্বাচন আয়োগৰ দল
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:16 PM IST

Updated : Mar 5, 2024, 2:23 PM IST

মিৰ্জা, 5 মাৰ্চ : দেশৰ লগতে ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন ৷ গুৱাহাটীত উপস্থিত হয় এটা তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দল। এয়াৰ ইণ্ডিয়া বিমানযোগে কলকাতাৰ পৰা আহি মঙলবাৰে দিনৰ 11.05 বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হয় দলটো । দুদিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হোৱা দলটোৱে ৰেডিচন ব্লুত বাহৰ পাতিব বুলি জানিব পৰা গৈছে ।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবেই অহা তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দলটোৱে জনতা ভৱনত আভ্যন্তৰীণ দিশবোৰ পৰ্যালোচনা কৰাৰ বাবেই গুৱাহাটীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। দলটোৱে বিমান বন্দৰৰ ৰেডিচন ব্লুলৈ গতি কৰিছে ৷ ইয়াৰ পিচতে বিয়লিলৈ তেওঁলোকে জনতা ভৱনত উপস্থিত হৈ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে ৷

দলটোৰ নেতৃত্ব দিয়ে নিৰ্বাচন আয়োগৰ উপ মুখ্য নিৰ্বাচন আয়ুক্ত হৃদেশ কুমাৰে । লগতে দলটোত আছে নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল । নিৰ্বাচনী আয়োগৰ দলটোৱে দুদিনৰ ভিতৰত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে । উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে । নিৰ্বাচনী আয়োগৰ দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব, নিৰ্বাচন সম্পৰ্কীয় নিৰাপত্তা ব্যৱস্থা, ভোটকেন্দ্ৰৰ প্ৰস্তুতি, ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধি অনুষ্ঠান, আইনী ব্যৱস্থা, দূৰৱৰ্তী ভোট কেন্দ্ৰসমূহত টেলিকম ব্যৱস্থাৰ পৰ্যালোচনা কৰিব ৷

আয়োগৰ পেনেলে দুদিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়া, ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু অসমৰ কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ নোডেল বিষয়াসকলৰ সৈতে সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব । একেদৰে, অসমৰ সকলো জিলা দণ্ডাধীশ আৰু জিলা নিৰ্বাচনী বিষয়াসকলৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষক আৰু আয়ুক্তও আয়োগৰ দলটোৱে অংশগ্ৰহণ কৰাৰ কথা আছে ।

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

Last Updated : Mar 5, 2024, 2:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.