ETV Bharat / state

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা, দেশজুৰি 7 টা পৰ্যায়ত ভোটগ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 4:20 PM IST

Updated : Mar 16, 2024, 5:48 PM IST

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন । নিৰ্বাচন আয়োগে সংবাদমেল যোগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন । ইয়াৰ লগে লগে আজিৰে পৰা দেশত বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি । ৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ।

Lok Sabha Election 2024
লোকসভা নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক, ১৬ মাৰ্চ: অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত অসমত ভোটদান হ’ব ৷ ভাৰতৰ নিৰ্বাচন আয়োগে আজি অৰ্থাৎ শনিবাৰে সংবাদমেলত লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে । নিৰ্বাচন আয়োগে আজি ঘোষণা কৰা অনুসৰি এইবাৰ দেশৰ মুঠ ৫৪৩খন লোকসভা আসনৰ বাবে ৭টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । একেদৰে ৪খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ২৬টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

নিৰ্বাচনী আয়োগে ঘোষণা কৰা মৰ্মে, ১৯ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ২১ খন ৰাজ্যত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । একেদৰে ২৬ এপ্ৰিলত ১৩ খন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ, ৭ মে’ত ১২ খন ৰাজ্যত তৃতীয় পৰ্যায় আৰু ১৩ মে’ত ১০ খন ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ইফালে ২০ মে’ত 8 খন ৰাজ্যত পঞ্চম পৰ্যায়ৰ, ২৫ মে’ত 7 খন ষষ্ঠ পৰ্যায়ৰ আৰু ১ জুনত 8 খন ৰাজ্যত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আজি নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা দেশত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হয় ।

প্ৰথম পৰ্যায় নিৰ্বাচন:

অধিসূচনা জাৰি হ’ব- ২০ মাৰ্চ ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন- ২৭ মাৰ্চ ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ২৮ মাৰ্চ ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ৩০ মাৰ্চ ২০২৪

ভোট গ্ৰহণৰ দিন- ১৯ এপ্ৰিল

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচন:

অধিসূচনা জাৰি হ’ব- ২৮ মাৰ্চ ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন- ৪ এপ্ৰিল ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ৫ এপ্ৰিল ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ৮ এপ্ৰিল ২০২৪

ভোটগ্ৰহণৰ দিন- ২৬ এপ্ৰিল ২০২৪

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন:

অধিসূচনা জাৰি হ’ব- ১২ এপ্ৰিল ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন-১৯ এপ্ৰিল ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ২০ এপ্ৰিল ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ২২ এপ্ৰিল

ভোটগ্ৰহণৰ দিন- ৭ মে’ ২০২৪

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন:

অধিসূচনা জাৰি হ’ব- ১৮ এপ্ৰিল ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন- ২৫ এপ্ৰিল ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ২৬ এপ্ৰিল ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ২৯ এপ্ৰিল ২০২৪

ভোট গ্ৰহণৰ দিন- ১৩ মে’ ২০২৪

পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন:

অধিসূচনা জাৰি হ’ব- ২৬ এপ্ৰিল ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন- ৩ মে’ ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ৪ মে’ ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ৬ মে’ ২০২৪

ভোট গ্ৰহণৰ দিন- ২০ মে’ ২০২৪

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচন:

অধিসূচনা জাৰি হ’ব- ২৯ এপ্ৰিল ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন- ৬ মে’ ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ৭ মে’ ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ৯ মে’ ২০২৪

ভোট গ্ৰহণৰ দিন- ২৫ মে’ ২০২৪

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচন:

অধিসূচনা জাৰি হ’ব- ৭ মে’ ২০২৪

মনোনয়ন দাখিলৰ অন্তিম দিন- ১৪ মে’ ২০২৪

মনোনয়ন পৰীক্ষণৰ অন্তিম দিন- ১৫ মে’ ২০২৪

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন- ১৭ মে’ ২০২৪

ভোট গ্ৰহণৰ দিন- ১ জুন ২০২৪

মুখ্য নিৰ্বাচনী বিষয়াই সংবাদমেলত সদৰী কৰা মতে, ৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ।

লগতে পঢ়ক: নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে আদৰ্শ আচৰণ বিধি; কি এই আচৰণ বিধি ?

Last Updated : Mar 16, 2024, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.