মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বঞ্চিত জনতাৰ প্ৰতিবাদ - PEOPLE PROTESTED DURING CMS SPEECH
বানত ক্ষতিগ্ৰস্ত পৰিয়ালে মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়তে সাব্যস্ত কৰিলে প্ৰতিবাদ- "আমাক ন্যায় লাগে ৷"
Published : Dec 14, 2024, 6:37 PM IST
গোলাঘাট: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অসম চৰকাৰে আয়োজন কৰা বিকাশৰ ১২ দিন শীৰ্ষক অনুষ্ঠানত অথন্তৰ । শনিবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰিবলৈ অনুষ্ঠিত কৰা উক্ত সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰিলে বানত ক্ষতিগ্ৰস্ত নৈ-পৰীয়া ১৯ টা পৰিয়ালৰ লোকে । ফলত অপ্ৰস্তুত হৈ পৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
মঞ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু মহিলাসকলৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ওপৰত নিজৰ ভাষণ প্ৰদান কৰি আছিল ৷ ঠিক সেই সময়তে দৰ্শকৰ মাজৰ পৰা বানত ক্ষতিগ্ৰস্ত ১৯ টা পৰিয়ালৰ লোকে "মামা আমাক ন্যায় লাগে" বুলি চিঞৰি বিভিন্ন ধৰণৰ প্লে’ কাৰ্ড প্ৰদৰ্শন কৰে ৷ ফলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাষণ বন্ধ কৰি মঞ্চৰ পৰা প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি কয়, "অলপ পাছত কথা পাতিম, আপোনালোক বহি দিয়ক ৷"
কিন্তু তাৰ পাছতো প্ৰতিবাদকাৰীসকল নবহাত পুনৰ মুখ্যমন্ত্ৰীয়ে কয়, "আপোনাক বহি দিয়ক নহ'লে, পাছত কথা পাতিবলৈ ভাল নালাগিব ৷ মই মাতি আনি কথা পাতিম । আয়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰীসকলক মাতি আনি ইয়াত বহিবলৈ দিয়ক মই কথা পাতিম ।" তাৰ পিছত পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ আৰম্ভ কৰে ।
প্ৰতিবাদকাৰীসকলৰ এজনে কয়, "বানত ক্ষতিগ্ৰস্ত হোৱা তালিকাত নাম নহাৰ বাবে ইয়ালে আহিছোঁ ।" আন এজন লোকে কয়, "আমাৰ বংকোৱাল অঞ্চলত যি প্ৰকৃততে বানত ক্ষতিগ্ৰস্ত হৈছে তাৰ এজনৰো নাম নাই । আপোনাকে তদন্ত কৰিলে গম পাব যে আমাৰ ঘৰ এতিয়াও ২০ ফুট তলত পৰি আছে ৷ কিন্তু ক্ষতিগ্ৰস্তৰ লোকৰ তালিকাত আমাৰ নাম নাই আৰু সেই ক্ষোভ উজাৰিব কাৰণে আজি আমি মুখ্যমন্ত্ৰীৰ ওচৰত আহিছোঁ ৷ আমাৰ প্ৰশ্ন হৈছে- প্ৰকৃত ঘৰ ভগা মানুহৰ কিয় নাম নাহিল ? যিসকলক চেক প্ৰদান কৰা হৈছে তেওঁলোকৰ একোৱে হোৱা নাই ।"
লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথে অন্ধকাৰ মাতিছে এজাক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ