তিনিচুকীয়া, ৯ অক্টোবৰ: ইতিমধ্যে ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাৰ আনন্দৰ ঢল বৈছে । জাকত-জিলিকাকৈ সাজু কৰি তোলা হৈছে প্ৰতিটো পূজা মণ্ডপ । সমান্তৰালভাৱে একাংশ পূজা মণ্ডপৰ জৰিয়তে উদ্যোক্তসকলে সমাজৰ হিতৰ বাবে কিছু যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে, যাৰ বাবে আকৰ্ষণীয় হৈ পৰিছে মণ্ডপসমূহ । ঠিক তেনে এক বাৰ্তাৰ জৰিয়তে ইতিমধ্যে তিনিচুকীয়াত চৰ্চিত হৈ পৰিছে এখন বিশেষ পূজা মণ্ডপ ।
তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়াৰ পূৰ্বাঞ্চল দুৰ্গা পূজা কমিটীয়ে কোনো ধৰণৰ থাৰ্ম'কল আদি ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা পূজা মণ্ডপত পথ সুৰক্ষা ব্যৱস্থা তথা নিয়মাৱলীসমূহ প্ৰদৰ্শন কৰি তিনিচুকীয়াবাসী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে । পূৰ্বাঞ্চল দুৰ্গা পূজাৰ মণ্ডপত প্ৰৱেশ কৰাৰ লগে লগেই সন্মুখভাগত দেখিবলৈ পাব এটা ট্ৰেফিক পইন্ট আৰু এটা গাড়ীৰ স্পীড মিটাৰ । তাৰ পাচতে ভিতৰলৈ প্ৰৱেশ কৰিলে প্ৰৱেশ পথটো দুভাগত বিভক্ত কৰি ৱান ৱে কৰি দিয়া দেখা পাব ৷ লগতে যান-বাহন আইনৰ প্ৰতিটো চিহ্ন অংকন কৰি প্ৰদৰ্শন কৰাৰ লগতে পথ সুৰক্ষা ব্যৱস্থাৰ প্ৰতিটো দিশ উপস্থাপন কৰা হৈছে ।
সমান্তৰালভাৱে পূজা মণ্ডপত প্ৰদৰ্শন কৰিছে এটা পৰিয়ালৰ এগৰাকী সদস্য যেতিয়া বাহন লৈ বাহিৰলৈ ওলাই যায় তেখেতৰ বাবে পৰিয়ালটো ৰৈ থকাৰ এক দৃশ্য । সেইবাবে দুচকীয়া বাহনত গ’লে হেলমেট পৰিধান আৰু চাৰিচকীয়া বাহনৰে গ’লে চিটবেল্ট পৰিধান কৰিব লাগে । লগতে সুৰাপান কৰি বাহন চলোৱা আৰু দ্ৰুতবেগত গাড়ী চলোৱাৰ পৰা বিৰত থাকিব লাগে । এইধৰণৰ সজাগতাৰ ছবিও ইয়াত দেখা পাব ৷
এই পূজা মণ্ডপৰ আৰ্হিৰ সন্দৰ্ভত উদ্যোক্তাসকলে কয়, ‘‘ৰাজ্যত এতিয়া সঘনাই বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এই দুৰ্ঘটনাত বহু লোক অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে । পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ নমনাৰ বাবেই সাধাৰণতে দুৰ্ঘটনাত বেছিসংখ্যক লোকৰ মৃত্যু ঘটিছে । গতিকে এই পূজা মণ্ডপৰ জৰিয়তে ভক্তসকলৰ লগতে সমাজলৈ পথ সুৰক্ষাৰ নিয়মাৱলীসমূহ পালন কৰিবলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছোঁ ।’’
পূজা মণ্ডপত ১৮০ টাকৈ হেলমেট আৰু টায়াৰৰ লগতে যানবাহনৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে । লগতে এখন মকৰাজাল প্ৰদৰ্শন কৰি বাহন চলালে মকৰাৰ দৰে নিজৰ লক্ষ্য নিৰ্দিষ্ট কৰি সেই লক্ষৰ দিশে সঠিকভাৱে আগুৱাই যাব লাগে কোনো অন্যমনস্ক নোহোৱাকৈ বুলি বুজালবলৈ চেষ্টা কৰিছে ।