তেজপুৰ, ১৫ মে': বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্থাৎ কাজিৰঙাৰ নাম কেতিয়া প্ৰথম ছপা মাধ্যমত উল্লেখ কৰা হৈছিল, ইয়াৰ আগতে কি নামেৰে জনা গৈছিল, আকাশৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ লোকপিয়লৰ প্ৰচেষ্টা কেতিয়া আৰম্ভ কৰা হৈছিল জানেনে ? মেঘালয়, নাগালেণ্ড আৰু উত্তৰ-পূবৰ অন্যান্য ঠাইত গঁড়ৰ তথ্য আছিল নেকি, এই বিষয়ে জানিবলৈ আপুনি কৌতুহলী নেকি ?
জন পিটাৰ ৱেডে প্ৰথমবাৰৰ বাবে কাজিৰঙাৰ নাম ছপা মাধ্যমত উল্লেখ কৰিছিল । তেওঁ ১৭৯২ চনত সহকাৰী অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল । তেওঁ ভৌগোলিক স্কেচ্চ সংকলন কৰিছিল অসম নামৰ গ্ৰন্থত আৰু ১৮০৭ চনত গ্ৰন্থখন মৰণোত্তৰভাৱে প্ৰকাশিত হৈছিল , য’ত আজিৰ কাজিৰঙা নামটো কাছিৰুংগা বুলি আছিল (Casirunga) ।
একেখন গ্ৰন্থত ‘কেচিৰুংগা’ বানানৰে, ১৮৩৮ চনৰ ৰবাৰ্ট মণ্টগোমেৰী মাৰ্টিনৰ ভাৰতৰ সাধাৰণ ইতিহাসত পোৱা যায় । এডৱাৰ্ড থৰ্ণ্টনৰ গেজেটিয়াৰত বানান সলনি হয় কাজুৰাংগা হিচাপে ৷ য’ত অসমৰ এখন চহৰ, ব্ৰিটিছ জিলা নৌগং, ৪২ মাইল E.N.E. নৌগংৰ, লেট ২৬৹৩৭′, দীঘল হিচাপে উল্লেখ কৰা হয় । ১৮৫৯ চনত এডৱাৰ্ড ৱেলাৰে প্ৰস্তুত কৰা এখন মানচিত্ৰত ‘কুজুৰাংগা’ হিচাপে পোৱা যায় । বংগ থলুৱা পদাতিক বাহিনীৰ জন বাটলাৰে (১৮৪৭) প্ৰস্তুত কৰা মানচিত্ৰত ইয়াৰ বানান ‘কাজীৰাংগা’ বুলি লিখে ।
এই সকলোবোৰ দক্ষিণ এছিয়াৰ গঁড়ৰ ইতিহাসৰ বিষয়ে এল.চি. (কিছ) ৰুকমেকাৰ ‘দক্ষিণ এছিয়াৰ গঁড়’ নেদাৰলেণ্ডৰ ব্ৰিলৰ দ্বাৰা এখন গ্ৰন্থত প্ৰকাশ কৰিছে । ৰুকমেকাৰ প্ৰাণীবিজ্ঞানৰ এজন অৱসৰপ্ৰাপ্ত ইতিহাসবিদ আৰু তেওঁৰ বিভিন্ন গুৰুত্বপূৰ্ণ লেখা ২৬০খনতকৈও অধিক প্ৰকাশনত প্ৰকাশ পাইছে, য'ত তেওঁৰ ১২খন কিতাপ যেনে দ্য জুলজিকেল এক্সপ্ল'ৰেচন অৱ চাউদাৰ্ন আফ্ৰিকা (১৯৮৯), ফ্ৰান্সোৱা লেভেইলেণ্ট এণ্ড দ্য বাৰ্ডছ অৱ আফ্ৰিকা (২০০৪), আৰু দ্য ৰাইনোচেৰছ ইন কেপটিভিটি (১৯৯৮) । তেওঁ এটি অনলাইন ৰাইনো ৰিচ’ৰ্চ চেণ্টাৰৰ সম্পাদক ।
গ্ৰন্থখনৰ প্ৰধান লক্ষ্য হৈছে দক্ষিণ এছিয়াত গঁড়ৰ তিনিটা প্ৰজাতিৰ- গ্ৰেট ইণ্ডিয়ান গঁড়, জাভান গঁড় আৰু সুমাত্ৰা গঁড়ৰ বিতৰণৰ সঠিকভাৱে মূল্যায়ন কৰা । গ্ৰন্থখনত মুঠ ৩৭ খন নতুন মানচিত্ৰৰ জৰিয়তে দক্ষিণ এছিয়া অঞ্চলত গঁড়ৰ তিনিটা প্ৰজাতিৰ উপস্থিতিৰ বিষয়ে প্ৰকাশ কৰা হৈছে । প্ৰথমে ডব্লিউ ডব্লিউ এফৰ এছিয়ান এলিফেণ্ট এণ্ড ৰাইনো প্ৰগ্ৰেমৰ হৈ এ ক্ৰীষ্টি উইলিয়ামছে কমিছন কৰা প্ৰতিবেদন হিচাপে এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছিল ।
গ্ৰন্থখনত সন্নিৱিষ্টকৰা হৈছে ৮০০ ৰ অধিক পৃষ্ঠা, ৬৭ টা অধ্যায়, ৩৮ খন নতুন মানচিত্ৰ, ৭০৭ খন ফটো, ৮২ টা ডাটাছেট, ৭৫ খন টেবুল আৰু ৩০৬৫ টা অনুশীলন ৷ ১৫১৫ চনৰ পৰা গঁড়ৰ ইতিহাসৰ সন্ধান কৰা এই গ্ৰন্থখন বৰ্তমানলৈকে চলি আছে । গঁড় দেখা বা ধৰা, চিকাৰ কৰা, বশ কৰা বা পৰিবহন কৰা প্ৰতিটো ৰেকৰ্ড বিতংভাৱে নথিভুক্ত কৰা হৈছে গ্ৰন্থখনত । এই গ্ৰন্থখন অহা ১২ জুনত গ্ৰন্থখন পাঠকৰ বাবে উপলব্ধ হ’ব ।
গ্ৰন্থখনৰ সন্দৰ্ভত বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে ই টিভি ভাৰতক কয়, ‘‘এইখন এক উল্লেখ্যনীয় সংকলন, য’ত পদ্ধতিগতভাৱে অধ্যয়ন কৰি তথ্যসমূহ সন্নিৱিষ্ট কৰা হৈছে ।’’
আনহাতে এছিয়ান গঁড়ৰ বিশেষজ্ঞ ড৹ বিভৱ তালুকদাৰে ইউ এছ এৰ পৰা এক বাৰ্তাত ই টিভি ভাৰতক জনায়, ‘‘এই গ্ৰন্থখনৰ ই-ভাৰ্চনটো মই দেখিছোঁ ৷ যিয়ে দক্ষিণ এছিয়াত উপলব্ধ গঁড়ৰ সৈতে জড়িত মূল ঐতিহাসিক তথ্যসমূহ সামৰি লৈছে ৷ গ্ৰন্থখন ড৹ কিছ ৰুকমেকাৰৰ দ্বাৰা লিখা হৈছে । তেওঁ এই গ্ৰন্থখন ই-ভাৰ্চনেৰো প্ৰস্তুত কৰিছে, যাতে মানুহে অনলাইনযোগেও পঢ়িব পাৰে ৷’’
গঁড় এটা সকলোৰে পৰিচিত প্ৰাণী । এসময়ত ইয়াৰ তিনিটা প্ৰজাতি দক্ষিণ এছিয়াত বাস কৰিছিল, ইয়াৰে দুটা প্ৰজাতি এশ বছৰৰো অধিক পূৰ্বে বিলুপ্ত হৈছে । এই গ্ৰন্থখনত থকা ৭০০ৰো অধিক ছবি আৰু ৩৮খন মানচিত্ৰৰ জৰিয়তে গঁড়ৰ গুৰুত্ব সন্দৰ্ভত ৰুকমেকাৰে উল্লেখ কৰি কয় যে গঁড়ৰ গৱেষণাই তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো দিশতে প্ৰভাৱ বিস্তাৰ কৰি আহিছে ।
তেওঁ কয় যে গ্ৰন্থখনত জীৱ-জন্তুৰ সৈতে মানুহৰ পাৰস্পৰিক সম্বন্ধৰ অনুসন্ধান কৰি ঐতিহাসিক পৰিঘটনাৰ বুৰঞ্জী লিখা হৈছে আৰু সংস্কৃতিৰ ক্ষেত্ৰত ইয়াৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । গৱেষণামূলক গ্ৰন্থখনত প্ৰত্নতত্ত্ব, শিলাশিল্প, মোগলশিল্প, ৰাজস্থানী দেৱাল চিত্ৰ, অতীতত চিকাৰৰ অভিলেখ আদি অন্তৰ্ভুক্ত কৰা হৈছে ।
উল্লেখ্য যে কাজিৰঙাত গঁড়ৰ অৱস্থিতিৰ বিষয়ে প্ৰথম ১৭৫৫ চনত তথ্য উপলব্ধ হৈছিল ৷ সেই সময়ত প্ৰথমে আকাশী যানৰে গণনা কৰা হৈছিল ২৩ মাৰ্চত৷ সংৰক্ষিত বনাঞ্চলৰ ওপৰেৰে ছয়জনীয়া এখন বিমান এখন ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ সৰু আকাৰৰ বাবে ৪০০ ফুটৰ তললৈ নামিব পৰা নাছিল । বিমানখন অতি উচ্চতাত উৰাৰ বাবে ওখ ঘাঁহনিত নিশ্চিতভাৱে গঁড় বা অন্যান্য বন্যপ্ৰাণী চিনাক্ত কৰিব পৰা নাছিল । কিন্তু পিচত ৰুষ্টম ফিৰোজছাই সংৰক্ষিত বনাঞ্চলৰ প্ৰথম আকাশী ফটো তুলিবলৈ সক্ষম হয় ।
ড৹ কিছ ৰুকমেকাৰৰ গ্ৰন্থখনত উল্লেখ কৰা হৈছে যে ২০ শতিকাৰ আৰম্ভণিতে চিৰিয়াখানাত ভাৰতীয় গঁড় বিৰল প্ৰদৰ্শনী আছিল । কাজিৰঙাৰ পৰা ৱাশ্বিংটনৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা প্ৰথম গঁড়টো ১৯৩৯ চনৰ পৰা ১৯৫৯ চনলৈকে তাতেই ৰাখিছিল । অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ পিচত কাজিৰঙাই আমেৰিকা আৰু ইউৰোপৰ চিৰিয়াখানাত প্ৰদৰ্শনীৰ বাবে গঁড় ৰখাৰ অনুমতি দিছিল ।
গ্ৰন্থখনত উল্লেখ আছে- ‘‘ অসমৰ গঁড় প্ৰথমে গোৱালপাৰা আৰু ধুবুৰীৰ পশ্চিম অংশত আৰু পৰৱৰ্তী সময়ত পূব দিশত ব্ৰহ্মপুত্ৰৰ পাৰত অধিক অৱস্থিতি পোৱা যায় । কিন্ত অসমক কেতিয়াও বিশেষভাৱে গুৰুত্ব দিয়া হোৱা নাছিল ।’’ উদাহৰণস্বৰূপে, উত্তৰ বংগত আন্তঃগাঁথনি আৰু চিকাৰীৰ সহজ প্ৰৱেশৰ বাবে সেই সময়ত চিকাৰীসকলে কাজিৰঙা অঞ্চলত গঁড়ৰ সন্মুখীন হোৱাৰ বিষয়ে কোনোৱে লিখা নাছিল ৷ কিন্তু এই বিষয়ে ২০ শতিকাৰ আৰম্ভণিতে সংৰক্ষিত অৰণ্য হিচাপে গেজেটত উল্লেখ কৰা হোৱা নাছিল বুলি গ্ৰন্থখনত উল্লেখ আছে ।