ETV Bharat / state

জোনাইত জিলা ভিত্তিক শিক্ষক দিৱস উদযাপন - Teachers Day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 10:51 PM IST

Teachers Day celebration: আজি শিক্ষক দিৱস । সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানতো উদযাপন কৰা হয় শিক্ষক দিৱস । অসম হাইস্কুল শিক্ষক সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাইত ধেমাজি জিলা ভিত্তিক শিক্ষক দিৱস উদযাপন ।

District-wise Teachers' Day celebrated in Jonai
জোনাইত জিলা ভিত্তিক শিক্ষক দিৱস উদযাপন (ETV Bharat Assam)

জোনাই,৫ ছেপ্টেম্বৰ: জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অসম হাইস্কুল শিক্ষক সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিক দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শিক্ষক দিৱস । অসম হাইস্কুল শিক্ষক সন্থা ধেমাজি জিলা সমিতি আৰু বিভিন্ন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমূহীয়াভাবে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ পিছতে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ১৩৬ সংখ্যক জন্মজয়ন্তী উপলক্ষে কেক কাটি জন্মজয়ন্তী পালন কৰা হয় । মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলকৰ দ্বাৰা কোৰাছ পৰিৱেশনেৰে মুকলি সভাৰ মঞ্চ মুকলি কৰা হয় । আনহাতে মঞ্চ মুকলি কৰাৰ পিছতে জীৱনজোৰা সাধনাৰে অক্লান্ত অৱদান আগবঢ়াই থৈ যোৱা অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বর্তমানে শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই থকা কৰ্মৰত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱা হয় ।

আনহাতে, জোনাই জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সোনোশ্বৰ বড়োৰ সভাপতিত্বৰ মুকলি সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জোনাই জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক অতুল পেগুৱে ।

জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়োৱা শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলক উদ্দ্যেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী - Teachers Protest in Assam

শিক্ষক দিৱসৰ দিনা বিয়পিল সমন্বয়ৰ বাৰ্তা: জেকিহ অচুমিক দিগন্ত শৰ্মা স্মাৰক বঁটা প্ৰদান - Teachers Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.