সৰুপথাৰ/হোজাই, 9 আগষ্ট : বৃহস্পতিবাৰৰ পৰা ৰাজ্যত মুকলি হ'ল অভিলাষী ‘‘নিযুত মইনা আঁচনি’’ । ৰাজ্যৰ 10 লাখ ছাত্রীক সামৰি ল'বলগীয়া এই আঁচনিখনৰ প্ৰ-পত্ৰ সমগ্ৰ অসমৰ বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰীৰ মাজত ‘‘নিযুত মইনা’’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হয় ৷
সৰুপথাৰত প্ৰ-পত্ৰ বিতৰণ
বৃহস্পতিবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত ‘‘নিযুত মইনা’’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হয় ৷ এই আঁচনিৰ শুভাৰম্ভ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷ সৰুপথাৰ মহাবিদ্যালয়ৰ 628 গৰাকী ছাত্ৰীক সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আনুষ্ঠানিকভাৱে প্ৰ-পত্ৰ প্ৰদান কৰে ।

বাল্যবিবাহ ৰোধ কৰি তথা ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ যাত্ৰা যাতে অব্যাহত থাকিব পাৰে এই উদ্দেশ্যতেই ৰাজ্যত মুকলি কৰা হৈছে এই অভিলাষী আঁচনিখনৰ ৷ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰীয়ে এই আঁচনিৰ যোগেদি প্ৰতি মাহে ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় ।
দৰাচলতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰীসকলৰ বাবে এই আঁচনিখন আশাৰ ৰেঙনি হিচাপে পৰিলক্ষিত হৈছে । আঁচনিখনৰ অধীনত 10 লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে ধন আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় ।
সৰুপথাৰ মহাবিদ্যালয়ত আয়োজিত উক্ত অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকি ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিখন সন্দৰ্ভত কয়, "মুখ্যমন্ত্ৰীয়ে হাতত লোৱা এই আঁচনিখনে বাল্যবিবাহ ৰোধ কৰাৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো সহায় কৰিব । ছাত্ৰীসকলক আৰ্থিকভাৱে সহযোগিতা আগবঢ়োৱাৰ ফলত ছাত্ৰীসকল অৰ্থিকভাৱে শক্তিশালী হোৱাৰ লগতে সমাজখনো শক্তিশালী হ’ব ৷ নিযুত মইনা আঁচনিৰ দ্বাৰা সৰুপথাৰ সমষ্টিৰে নহয় সমগ্ৰ অসমৰ ছাত্ৰীসকল উপকৃত হ'ব । এই আঁচনিৰ দ্বাৰা উপকৃত ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ যাত্ৰা অব্যাহত থাকিব ।"
হোজাইত প্ৰ-পত্ৰ বিতৰণ
আনহাতে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডবকা হাজী আনফৰ আলী মহাবিদ্যালয়তো শুভাৰম্ভ হয় মুখ্যমন্ত্ৰীৰ ‘‘নিযুত মইনা’’ আঁচনি । শিক্ষানুষ্ঠানখনৰ শ-শ ছাত্ৰীৰ মাজত ‘‘নিযুত মইনা’’ আঁচনিৰ' প্ৰ-পত্ৰ বিতৰণ কৰা হয় ৷ সভাত হোজাইৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাস উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিৰ বিষয়ে অৱগত কৰে ।

উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ মামুন আজম বৰভূঞাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকল আৰু ছাত্ৰীসকল উপস্থিত থাকে ।