ETV Bharat / state

উৰুখা পঁজাত চলিছে অংগনৱাড়ী কেন্দ্রৰ শিক্ষাদান - Dilapidated Anganwadi centre

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 6:31 PM IST

Dilapidated anganwadi centre: কণ কণ শিশুৰ শাৰীৰিক মানসিক বিকাশৰ হকে সমাজ কল্যাণ বিভাগৰ অধীনত স্থাপন কৰা অংগনৱাড়ী কেন্দ্রসমূহ কেনে পৰিৱেশত আছে । নগৰ-চহৰৰ অংগনৱাড়ী কেন্দ্রসমূহ জাকত জিলিকা কৰাৰ বিপৰীতে গ্ৰামাঞ্চলৰ কেন্দ্রসমূহৰ অৱস্থা দেখিলে চকু কঁপালত উঠে সকলোৰে । লখিমপুৰৰ গ্ৰামাঞ্চলত সুলভ এনে দৃশ্য । এক প্ৰতিবেদন ।

Dilapidated condition of the Anganwadi centre in Lakhimpur
উৰুখা পঁজাত চলিছে অংগনৱাড়ী কেন্দ্রৰ শিক্ষাদান (ETV Bharat Assam)

লখিমপুৰ,৩ আগষ্ট: লখিমপুৰত অংগনৱাড়ী কেন্দ্রৰ জৰাজীৰ্ণ ৰূপ । উৱলি যোৱা কেন্দ্রত ৰ'দ বৰষুণৰ মাজত কণ কণ শিশু । শিশুৰ শাৰিৰীক মানসিক বিকাশ সাধন কৰি একোজন সু-নাগৰিক হিচাপে গঢ় দিবলৈ চৰকাৰৰ আছে অনেক আঁচনি । পিচে বাস্তৱত কিমান দুৰ সফল হৈছে এনে আঁচনি ? লখিমপুৰ জিলাৰ বিভিন্ন স্থানত থকা অংগনৱাড়ী কেন্দ্রৰ জৰাজীৰ্ণ ৰূপে এতিয়া তেনে প্ৰশ্ন উদয় কৰিছে ।

জৰাজীৰ্ণ অংগনৱাড়ী কেন্দ্ৰ:

সমাজ কল্যাণ বিভাগৰ অধীনত চলে অংগনৱাড়ী কেন্দ্রসমূহ । কণ কণ শিশুসকলক এনে কেন্দ্রসমূহৰ আঁওতালৈ আনি পুষ্টিকৰ খাদ্য প্ৰদানৰ লগতে খেলা-ধুলাৰ জৰিয়তে মানসিক পুষ্টি প্ৰদান কৰাৰ লগতে অংগনৱাড়ী কেন্দ্রসমূহত এক নিকা, সুস্থ তথা পৰিচ্ছন্ন পৰিৱেশত শিশুসকলক এনেদৰে শাৰিৰীক মানসিক উৎকৰ্ষ সাধন কৰি বিদ্যালয়মুখী কৰা হয় । পিচে কণ কণ শিশুসকলে ওমলা অংগনৱাড়ী কেন্দ্রসমূহৰ একাংশৰ অৱস্থা দেখিলে সকলো হতবাক হয় ।

কিয়নো বাঁহৰ ভগাছিগা বেৰ, মাটিৰ মজিয়া, উৰুখা চাল আদিৰে চলি আছে বহু অংগনৱাড়ী কেন্দ্র । লখিমপুৰ জিলাৰ বিভিন্ন গ্ৰাম্যাঞ্চলত সুলভ এনে দৃশ্যপট । বিশেষকৈ জিলাখনৰ ঘুনাসূতি অঞ্চলত গাঁৱে গাঁৱে এনে জৰাজীৰ্ণ ৰূপৰ অংগনৱাড়ী কেন্দ্রই সমাজ কল্যাণ বিভাগক উপহাস কৰিছে । অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জিলাৰ সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত ঘুনাসূঁতিত থকা বহু অংগনৱাড়ী কেন্দ্রৰ জৰাজীৰ্ণ অৱস্থা ।

২০১৩ চনতে স্থাপিত হোৱা এটা অংগনৱাড়ী কেন্দ্র:

২০১৩ চনতে স্থাপন কৰা গমিৰাম চুক অংগনৱাড়ী কেন্দ্রটো এইক্ষেত্ৰত অন্যতম উদাহৰণ । খেৰ বাঁহেৰে এটা দশকৰ পূৰ্বে নিৰ্মাণ কৰা অংগনৱাড়ী কেন্দ্রটো এতিয়া উৱলি গৈছে । বাঁহৰ বেৰ ভাগি-ছিগি বাহিৰ ভিতৰ একাকাৰ পৰিৱেশ । চালৰ ওপৰত সামান্য খেৰ থকাৰ বাবে বৰষুণ দিলে পানীৰে কেন্দ্রটোৰ মাটিৰ মজিয়া উপচি পৰি বোকাময় অৱস্থাৰ সৃষ্টি হয় ।

এনেদৰে ৰ'দ বৰষুণ অথবা বোকাৰ মাজত কুৰিটামান শিশুৱে উমলিবলগীয়া হয় । এনে পৰিৱেশতে খাদ্য খাবলগীয়া হয় কণ কণ শিশুৱে । এয়া মাত্র এটা উদাহৰণহে । ঘুনাসূঁতিত বহু জৰাজীৰ্ণ অৱস্থাৰ অংগনৱাড়ী কেন্দ্র আছে । য'ত শিশুসকলে এক শোচনীয় পৰিবেশত উমলি, খাদ্যগ্রহণ কৰিবলগীয়া হৈছে । লক্ষ্যণীয় যে নগৰ-চহৰ এলেকা বা দাঁতিকাষৰীয়া এলেকাৰ অংগনৱাড়ী কেন্দ্রসমূহৰ অৱস্থা সুন্দৰ ।

আদৰ্শ অংগনৱাড়ী কেন্দ্রও স্থাপন কৰা হৈছে । পিচে ভিতৰুৱা অঞ্চলৰ কেন্দ্রসমূহৰ অৱস্থা চাব নোৱাৰি । ভিতৰুৱা অঞ্চলৰ অংগনৱাড়ী কেন্দ্রসমূহলৈ সমাজ কল্যাণ বিভাগৰ চকুত নপৰে । কণ কণ শিশুসকলে কেনে পৰিৱেশত খাইছে অথবা খেলিছে সেয়া চাবলৈ সংশ্লিষ্ট বিভাগৰ আহৰি নাই । কেৱল নগৰ-চহৰ অথবা দাঁতিকাষৰীয়া এলেকাৰ অংগনৱাড়ী কেন্দ্রসমূহ জাকত জিলিকা কৰি গ্ৰাম্যাঞ্চলৰ কেন্দ্রসমূহ এলাগী কৰি ৰখা হৈছে । অসমীয়া সমাজত প্ৰচলিত "বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী" বোলা আপ্তবাক্যফাঁকি এই ক্ষেত্ৰত বাৰুকৈয়ে খাটে ।

লগতে পঢ়ক: চৰ্চালৈ আহিছে তেজপুৰৰ এটা বিশেষ অংগনৱাড়ী কেন্দ্ৰ - Anganwadi Center

মাননি বৃদ্ধিৰ দাবীত ৰহাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.