ETV Bharat / state

ব্যৱসায়িক প্ৰতিষ্ঠানক এসপ্তাহৰ সময় ধৰি দি গুৰুত্বপূৰ্ণ নিৰ্দেশ ডিব্ৰুগড় পৌৰ নিগমৰ - Dibrugarh Municipal Corporation

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 4:15 PM IST

DMC orders on signboards : খিলঞ্জীয়াৰ অস্তিত্ব আৰু ভাষা-সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকি অহা বুলি বিভিন্ন মঞ্চত চৰ্চা চলি থকাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে জাতীয় সংগঠনবোৰে বিভিন্ন সময়ত মাত মাতি আহিছে । তেনে সময়তে ডিব্ৰুগড় পৌৰ নিগমে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত । আনহাতে, অসমীয়া ভাষাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ডিব্ৰুগড় পৌৰ নিগমে জাৰি কৰা এই নিৰ্দেশক বিভিন্ন মহলে আদৰণি জনোৱাৰ লগতে মন্ত্ৰী যোগেন মহনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

DMC Orders on Signboards
ডিব্ৰুগড়ত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ঐতিহাসিক নিৰ্দেশ পৌৰ নিগমৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ১০ ছেপ্টেম্বৰ : অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী হোৱা ডিব্ৰুগড় পৌৰ নিগমে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত । ১৮৭৩ চনতেই গঠন হোৱা ডিব্ৰুগড় পৌৰসভা পৌৰ নিগমলৈ উন্নীত হোৱাৰ পাচতেই ডিব্ৰুগড় চহৰ উন্নয়নৰ বাবে তৎপৰ হৈছে মেয়ৰ ডঃ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকনৰ নেতৃত্বত ডিব্ৰুগড় পৌৰ নিগম । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ দল-সংগঠনৰ দাবীৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়‌ পৌৰ নিগমে জাৰি কৰিলে এক ঐতিহাসিক নিদেৰ্শনা ।

পৌৰ নিগমৰ নিদেৰ্শ অনুসৰি, পৌৰ নিগমৰ অন্তৰ্গত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে নামফলকসমূহ ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাতো লিখিব লাগিব । ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰৰ স্বাক্ষৰিত নিৰ্দেশনা পত্ৰখনত উল্লেখ থকা অনুসৰি, "ডিব্ৰুগড় পৌৰ নিগম এলেকাত থকা দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সন্মুখত ওলোমাই ৰখা নামফলকসমূহ অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰা হৈছে । গতিকে ডিব্ৰুগড় পৌৰ নিগমৰ ১নং ৱাৰ্ডৰ পৰা ২২নং ৱাৰ্ডলৈকে অৱস্থিত দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ নামফলকসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত লিখিব লাগিব ।"

DMC Orders on Signboards
ডিব্ৰুগড় পৌৰ নিগমৰ জাননী (ETV Bharat Assam)

যিহেতু ৯ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰে এই নিৰ্দেশনা প্ৰদান কৰিছে, গতিকে নিৰ্দেশনা প্ৰদান কৰাৰ ৭ দিনৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । আনহাতে, ডিব্ৰুগড় পৌৰ নিগমৰ এই ঐতিহাসিক সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে ।

উল্লেখ্য যে ৰাজ্যত অসমীয়া-অনা অসমীয়াৰ প্ৰসংগ আৰম্ভ হোৱাৰ পাচতে অসমীযা ভাষা ৰক্ষাৰ বাবে তৎপৰ হৈছে দল- সংগঠন । বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ লগতে শিৱসাগৰত অসমীযা যুৱতীক অনা অসমীয়াই আক্ৰামণ কৰা পাচতে উজনি অসমত অসমীয়া-অনা অসমীয়া প্ৰসংগ এটাই মূৰ দাঙি উঠিছিল ।

ইয়াৰ ফলস্বৰূপেই মিঞা মুছলমানক উজনি এৰিবলৈ দাবী জনোৱাৰ লগতে উজনিত অসমীয়া ভাষা ৰক্ষাৰ বাবে আন্দোলন আৰম্ভ কৰিছে দল-সংগঠনে । ইতিমধ্যে বিভিন্ন জিলাত অসমীয়া ভাষাত নামফলক লিখিবলৈ বাধ্য কৰোৱা হৈছে । দল-সংগঠনসমূহে ইংৰাজীত লিখা নামফলকসমূহত ক'লা ৰঙ সানি দিছে ।

আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাতো আৰম্ভ হৈছে ভাষা ৰক্ষাৰ আন্দোলন । ডিব্ৰুগড়ত আছুৱে অসমীয়া ভাষাত নামফলক লগাবলৈ ১০ দিনৰ সময়সীমা বান্ধি দিছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ । ডিব্ৰুগড় চহৰৰ সকলো অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত পৌৰ নিগমৰ মেয়ৰক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলা সাহিত্য সভাই একেটা বিষয়ত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল । ইয়াৰ পিচত সোমবাৰে ডিব্ৰুগড় পৌৰ নিগমে ৭ দিনৰ ভিতৰত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক নামফলক অসমীয়া আৰু ইংৰাজীত লিখিবলৈ নিদেৰ্শ দিয়ে ।

আনহাতে, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷ মৰাণত এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাক লৈ কি কয় মন্ত্ৰী যোগেন মহনে

মন্ত্ৰী যোগেন মহনে কয়, "অসমীয়াতে হ'ব লাগে নামফলকবিলাক । বৰ্তমান বিজেপি চৰকাৰখনে অসমীয়া ভাষাক গুৰুত্ব প্ৰদান কৰিছে । নামফলক অসমীয়াত লিখাটো জাতীয় আৱেগৰ কথা । অসমত থাকি ব্যৱসায়-বাণিজ্য কৰাসকলে অসমীয়া ভাষাটো হৃদয়েৰে গ্ৰহণ কৰিব লাগে ৷ বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সকলোৱে অৰিহণা যোগাব লাগে ৷"

লগতে পঢ়ক :কিয় পদত্যাগ কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে ? - Cotton University
লগতে পঢ়ক :চাহ শ্ৰমিকৰ পূজা বোনাছক লৈ নিৰ্দেশনা, ১৫ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব ঘোষণা - Durga Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.