ETV Bharat / state

প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক হৈও পানীত হাঁহ নচৰা হৈছে 8904 জন জলমিত্ৰৰ - MISERABLE LIFE OF JAL MITRA

চৰকাৰক অনুনয়-বিনয় কৰাৰ পিছতো সমস্য় সমাধান নহ'ল জলমিত্ৰৰ । ১০/১৫ বছৰে বিভাগটোত তেওঁলোক অস্থায়ী হিচাপে কৰ্মৰত ।

Jal Mitra of Assam
জলমিত্ৰসকলৰ মাজত হাহাকাৰ অৱস্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 12:06 PM IST

Updated : Nov 13, 2024, 4:24 PM IST

ধেমাজি: ‘‘হৰ ঘৰ নল হৰ ঘৰ জল’’ শ্ল’গান দিয়া ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ ৰেট্ৰ ফিটিং আঁচনিৰ অধীনৰ জলমিত্ৰসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ বিগত ১০/১৫ বছৰে বিভাগটোত অস্থায়ী হিচাপে কৰ্মৰত পূৰ্বৰ জলমিত্ৰসকলে বৰ্ধিত মূল্যবৃদ্ধিৰ দিনতো 6,500 টকাৰে পৰিয়াল পোহপাল দিবলগীয়া পৰিস্থিতি হৈছে । সেয়েহে এইসকল জলমিত্ৰৰ মাজত সৃষ্টি হৈছে ক্ষোভ ।

সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত এইক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতি দেৱ কুমাৰ শৰ্মাই ৷ সংগঠনটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, "আমাৰ দাবীসমূহৰ বাবে চৰকাৰক অনুনয়-বিনয় কৰি আন্দোলন কৰি আহিছো ৷ মন্ত্ৰীসকলে বিভিন্ন কথা কৈ আহিছে যদিও আমাৰ দাবীসমূহ কাৰ্যকৰী কৰা নাই ৷’’

জলমিত্ৰসকলৰ মাজত হাহাকাৰ অৱস্থা (ETV Bharat Assam)

‘‘আমি প্ৰস্তাৱ লৈছিলো যদি ডিচেম্বৰলৈকে আমাৰ সমস্যা সমাধান নকৰে তেন্তে বিধানসভাৰ শীতকালীন অধিৱেশন আৰু উপ-নিৰ্বাচনৰ সময়তে বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিম । এই প্ৰস্তাৱ চৰকাৰক জনাইছিলো ৷ ইয়াৰ পিছতে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে যে আগন্তুক ২০২৫ চনৰ জানুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ বাবে বৃহৎ ঘোষণা কৰিব ৷ সেয়ে ঘোষিত আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিছো ।" তেওঁ কয় ৷

তেওঁ পুনৰ কয়, "হাজাৰ হাজাৰ জলমিত্ৰই আশা কৰি আছে চৰকাৰে আমাক কিবা এটা সিদ্ধান্ত দিব পৰিয়ালবোৰ চলিবলৈ । এটা ৰাজনৈতিক দল আৰু আমাৰ মাজত বৃহৎ পাৰ্থক্য আছে ৷ আমাৰ শ্ল’গানতে আছে যে হৰ ঘৰ নল হৰ ঘৰ জল ৷ আমাৰ জলমিত্ৰসকল প্ৰতিটো পৰিয়ালতে জড়িত । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক অনুৰোধ জনাইছো যাতে ৰাজনৈতিক কথা নাপাতিব ৷ আগন্তুক 2025 বৰ্ষৰ পহিলা জানুৱাৰীত নতুন খবৰ পাম বুলি আশাবাদী ৷"

অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতিগৰাকীয়ে পুনৰ কয়, “এতিয়ালৈকে তিনিজন জলমিত্ৰৰ মৃত্যু হৈছে ৷ সেইসকলৰ পৰিয়ালৰ প্ৰতি চৰকাৰৰ কোনো সঁহাৰি নাই । আমি জীৱনৰ সৈতে খেলি সু-উচ্চ বিদ্যুত পৰিবাহীৰ বিভিন্ন সামগ্ৰী চোৱাচিতা কৰিব লাগে ৷ আমাক জীৱন বীমা লাগে ৷ আমি থাকি যোৱা জলমিত্ৰসকলক পুনৰ নিযুক্তি দিয়ক ।’’

‘‘আমি 6500 টকা দৰমহাত পৰিয়াল চলাব নোৱাৰো ৷ আমি প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক হয় । দক্ষ শ্ৰমিক হিচাপে আমাক মজুৰি দিয়ক ৷ ইমান সেৱা কৰি অহাৰ পিছতো আমাক ফুটবল খেলাৰ দৰে খেলিব ধৰিছে । জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ কৰ্মচাৰী হোৱা সত্বেও অন্যান্য বিভাগত কাম কৰিব দিয়া বাবে প্ৰকৃততে আমি কোন বিভাগৰ মানুহ নিজে নজনা হৈছো ৷ আমি জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ মানুহ হয় । আমাক তালৈ ঘুৰাই নিব লাগে ৷’’ সভাপতিগৰাকীয়ে কয় ৷

উল্লেখ্য যে ৰাজ্যত পূৰ্বৰ বা ৰেট্ৰ ফিটিং আঁচনিৰ অধীনত 8904 জন জলমিত্ৰ আছে ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰতিগৰাকীয়ে আবেদনসহ মুঠ 8904খন স্মৰকপত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:জল জীৱন মিছন আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ মাজত বুজাবুজি চুক্তি

জল জীৱন অভিযানত স্থবিৰতা: কংগ্ৰেছক সমালোচনাৰ প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - JJM scheme standstill

Last Updated : Nov 13, 2024, 4:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.