ETV Bharat / state

নগাঁৱত দেশভক্তি দিৱস পালন: দেশভক্ত তৰুণৰাম ফুকনক সশ্রদ্ধ সোঁৱৰণ - Desh Bhakti Divas

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 10:48 PM IST

Tarun Ram Phukan death anniversary : দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি নগাঁৱত পালন কৰা হ’ল দেশভক্তি দিৱস ৷ জিলা প্ৰশাসনৰ সৌজন্যত তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত এই দিৱস পালন কৰা হয় ৷

Tarun Ram Phukan death anniversary
নগাঁৱত দেশভক্তি দিৱস পালন (ETV Bharat Assam)

নগাঁও, 28 জুলাই : দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্য মৃত্যু তিথিটো দেশভক্তি দিৱস হিচাপে পালন কৰা হয় নগাঁৱত । নগাঁও জিলা প্ৰশাসনৰ সৌজন্যত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত পালন কৰা দেশভক্তি দিৱস উপলক্ষে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয় ।

জাতীয় সংগীতেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে লাওখোৱাৰ শিক্ষা প্ৰাথমিক খণ্ড বিষয়া মেহেবুব লস্কৰে ৷ দেশভক্তি দিৱসৰ লগত সংগতি ৰাখি জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত মুক্তিযোদ্ধা পেঞ্চনাৰ ও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি যতীন্দ্ৰ নাথ হাজৰিকা, মুক্তি যুঁজাৰু পেঞ্চনাৰ ডিম্বেশ্বৰ শইকীয়া, জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উপ সভাপতি তথা মুক্তি যুঁজাৰু সুমেশ্বৰ বৰাৰ পত্নী খৰ্গেশ্বৰী বৰাক সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানতেই জিলাভিত্তিত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বিচাৰকদ্বয়কো সম্বৰ্ধনা জনোৱা হয় ।

Tarun Ram Phukan death anniversary
নগাঁও জিলাত দেশভক্তি দিৱস পালন (ETV Bharat Assam)

সভাত মুক্তি যুঁজাৰু পেঞ্চনাৰ যতীন্দ্ৰ নাথ হাজৰিকাই নিজৰ বক্তব্যত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিনটো দেশভক্তি দিৱস হিচাবে পালন কৰিবলৈ লোৱা পদক্ষেপৰ শলাগ লয় । তেওঁ লগতে দেশভক্ত তৰুণৰাম ফুকনৰ ত্যাগ, দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা, নেতৃত্ব প্ৰদান কৰিব পৰা গুণৰাজি অবলোকন কৰি নৱপ্ৰজন্মক তেখেতে দেখুৱাই যোৱা আদৰ্শৰে নিজৰ জীৱন পৰিচালিত কৰি দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰাৰ আহ্বান জনায় ।

অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকি প্ৰদান কৰা বক্তব্যত কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰীৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই ৰাজ্য চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটি বিগত ২০২১ বৰ্ষৰ পৰা দেশভক্তি দিৱস হিচাবে পালন কৰি নৱপ্ৰজন্মৰ মাজত দেশভক্ত তৰুণৰাম ফুকনক চিনাকি কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ শলাগ লয় । লগতে ৰাজ্য চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাজ্যিকভিত্তিত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা প্ৰয়াসে তেওঁলোকক আমাৰ বৰ্ণিল অতীত অৱলোকনত বিশেষভাৱে সহায় কৰিব বুলি মন্তব্য কৰে ।

অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে দেশভক্তগৰাকীৰ জীৱন পৰিক্ৰমাৰ ওপৰত এক সাৱলীল ভাষণ আগবঢ়ায় আৰু উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকলৰ বিষয়ে ভালদৰে অধ্যয়ন কৰাৰ আহ্বান জনায় ৷ উক্ত সভাত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সম্পাদক নীলৰঞ্জন শৰ্মাই দেশভক্তগৰাকীক স্মৰণ কৰি তেখেতৰ দেশপ্ৰেম, ত্যাগ আৰু কৰ্মৰাজিৰ ওপৰত ভাষণ আগবঢ়ায় । এই অনুষ্ঠানত দেশভক্তি দিৱসৰ লগত সংগতি ৰাখি দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত জিলা পৰ্যায়ত পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক উপহাৰৰ টোপোলা আৰু প্ৰমানপত্ৰ প্ৰদান কৰা হয় ।

জিলাভিত্তিত অনুষ্ঠিত এই ৰচনা প্ৰতিযোগিতাত ‘কৱ শাখাত প্ৰথম স্থান লাভ কৰে ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দর্শনা কলিতা, দ্বিতীয় স্থান লাভ কৰে দক্ষিণ কৰৈগুৰি এম. ই. স্কুলৰ ৰুচিদা বেগম আৰু তৃতীয় স্থান লাভ কৰে ৰামানুজন এইচ.এছ, স্কুলৰ ময়ূৰশ্ৰী ডেকাৰজাই ৷ একেদৰে ‘খ’ শাখাত প্ৰথম স্থান লাভ কৰে কলিয়াবৰ এইচ, এছ. স্কুলৰ ৰাজ নাৰায়ণ বৰা, দ্বিতীয় স্থান লাভ কৰে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ছাত্ৰ যশ গৌৰৱ বৰদলৈ আৰু তৃতীয় স্থান লাভ কৰে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সম্প্ৰীতি ডেকাই ৷ ‘গ’ শাখাত নগাঁও মহাবিদ্যালয় (স্বায়ত্ব)ৰ ছাত্ৰী কাব্যৰূপা বৰা বিজয়ী হয় ।

উল্লেখযোগ্য যে, কাব্যৰূপা বৰাই দেশভক্তৰ ওপৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাত অসমীয়া ভাষা শাখাতো পুৰস্কৃত হৈছে । উক্ত অনুষ্ঠানটি আঁত ধৰে কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে । নগাঁও জিলা পুথিভঁৰালত আয়োজিত দেশভক্তি দিৱসত অতিৰিক্ত জিলা আয়ুক্ত ক্ৰমে প্ৰণৱ দত্ত গোস্বামী, মুনমী কলিতা, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া , জিলাৰ মুৰব্বী বিষয়াসকলৰ লগতে জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, জ্যেষ্ঠ নাগৰিক, পেন্সনাৰ সন্থা, স্বেচ্ছাসেৱী সংগঠন, সংবাদকৰ্মী, নেহেৰু যুৱ সংঘ, বিভিন্ন বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱসৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.