বাক্সা, ১১ আগষ্ট: মৰিশালিসদৃশ এটা বাসগৃহ । ২৬ টা বছৰ পূৰ্বে ঘৰটোলৈ আহিছিল এটা ঘাতকৰ দল । তেতিয়াৰে পৰা ঘৰটোলৈ কোনো নাহে । নাই এজনো সদস্য । এই ঘৰটোত এসময়ত চৰ্চা চলিছিল সাহিত্য-সংস্কৃতিৰ । কিন্তু এতিয়া বিৰাজ কৰে কেৱল নিস্তব্ধতা । ভূতবাংলালৈ পৰিণত হোৱা ঘৰখনলৈ যাবলৈ এতিয়া মানুহে ভয় কৰে ।
এটা নাম, এটা ক'লা দিন । ১৯৯৮ চনৰ ১১আগষ্ট, ধাৰাসাৰ গুলী চলিছিল ঘৰখনত, ধৰাশায়ী হৈছিল ঘৰখনৰ চাৰি সদস্য । সাৰি নগ'ল গৰ্ভৱতী মহিলা । সেয়া আছিল মিথিংগা দৈমাৰীৰ পৰিয়াল ।
অসমৰ ইতিহাসত ক'লা অধ্যায় হিচাপে খোদিত হৈ ৰ'ল ১৯৯৮ চনৰ ১১ আগষ্টৰ দিনটো । এই দিনটোতেই নিঃশেষ কৰি দিয়া হৈছিল এটা পৰিয়ালক । গুপ্তহত্যাৰ বলি হ'ব লগা হৈছিল বৰমাৰ নিজ জুলুকি গাঁৱৰ সেই পৰিয়ালটো । ১৯৯৮ চনৰ ১১আগষ্টৰ নিশা দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলিচালনাত প্ৰাণ গৈছিল চিকিৎসক, সাহিত্যিক, সমাজকৰ্মী ডাঃ ধৰণীধৰ দাস, গৰ্ভৱতী পত্নী ৰূপজ্যোতি শইকীয়া, মাতৃ ফুলেশ্বৰী দাস আৰু ভগ্নী লতিকা কছাৰী । তেওঁলোকৰ অপৰাধ আছিল তেওঁলোক একালৰ আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ পৰিয়ালৰ সদস্য ।
একেৰাহে চলিছিল ৪৭ জাঁই গুলী । শুকাল তেজৰ চেকুৰা । নুশুকাল ঘাঁ, নাপালে ন্যায় । নৃশংস ঘটনাৰ ন্যায়ৰ দাবীত সমগ্ৰ অসমতে সাব্যস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ । ৰাইজৰ প্ৰতিবাদত সেও মানি তদন্তৰ বাবে অৱশেষত তেতিয়াৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰে তিনিখনকৈ তদন্ত কমিটি গঠন কৰি দিছিল । কিন্তু তদন্ত তদন্ত হৈয়ে থাকিল । ২৬ বছৰ উকলি যোৱাৰ পিচতো কোনো এখন চৰকাৰে নিদিলে গুৰুত্ব । যাৰবাবে নিৰ্দোষী পৰিয়ালটোয়ে আজি পৰ্যন্ত নাপালে ন্যায় ।
গুপ্তহত্যাকাৰীৰ নিৰ্বিচাৰ বুলেটৰ আঘাতত নিঃশেষ হোৱা পৰিয়ালটোৰ ঘৰৰ বেৰত থকা কেঁচা তেজৰ চেকুৰাবোৰ শুকাই ক'লা দাগ হৈ সাক্ষী হৈ থাকিল । এতিয়াও ন্যায়ৰ অপেক্ষাত আশাবাদী হৈ ৰ'ল বৰমাবাসী ৰাইজ । ন্যায় কেতিয়ালৈ ?