ETV Bharat / state

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দুৰ্নীতি: দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীত স্মাৰকপত্ৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:44 PM IST

Batadrava than: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ । দুৰ্নীতিৰ অভিযোগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰাৰ দাবীত জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান । অভিযোগকাৰীক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ আশ্বাস জিলা আয়ুক্তৰ ৷

demand-for-a-magisterial-level-inquiry-of-alleged-corruption-against-batadrava-than-management-committee
স্থানীয় লোকৰ অভিযোগ
স্থানীয় লোকৰ ভাষ্য

নগাঁও, 26 ফেব্ৰুৱাৰী : গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ অভিযোগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ’ব । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে কিছুদিন পূৰ্বে উত্থাপন হৈছিল দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ । বটদ্ৰৱা থান পৰিচলানা সমিতিৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগে ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

স্থানীয় একাংশ লোকে থান পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপন কৰিছিল ধন, সোণ হৰলুকি কৰাৰ অভিযোগ । এই অভিযোগ উত্থাপন হোৱাৰ পিচতেই থান পৰিচালনা সমিতিয়ে নগাঁৱত সংবাদমেল আয়োজন কৰি সমগ্ৰ অভিযোগ নস্যাৎ কৰাৰ লগতে থান পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাতৰি সম্প্ৰচাৰ কৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ কথাও উল্লেখ কৰিছিল । বিষয়টোক লৈ চর্চা অব্যাহত থকাৰ মাজতে সোমবাৰে বটদ্ৰৱাৰ একাংশ স্থানীয় লোকে নগাঁও জিলা আয়ুক্তক সাক্ষাৎ কৰি থান পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে । স্মাৰকপত্ৰ প্ৰদানৰ পিচতেই এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিত জিলা আয়ুক্তই তদন্তৰ আশ্বাস দিয়ে বুলি সংবাদ মাধ্যমক অৱগত কৰে স্থানীয় লোকে ।

ইপিনে সংবাদ মাধ্যমৰ বিৰুদ্ধে থান পৰিচালনা সমিতিয়ে গোচৰ তৰিব বুলি পূৰ্বে উল্লেখ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় লোকে । সংবাদ মাধ্যমৰ বিৰুদ্ধে গোচৰ তৰাৰ বিপৰীতে সংবাদ মাধ্যমৰ সন্মুখত উত্থাপন হোৱাসমূহ অভিযোগ তথ্য সহকাৰে নস্যাৎ কৰিবলৈ আহ্বান জনায় স্থানীয় লোকে ।

লগতে পঢ়ক : বটদ্ৰৱা থানৰ কোনো ধন-সোণ হৰলুকি হোৱা নাই: থান পৰিচালনা সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.