গুৱাহাটী, 19 আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ 6 খন ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ ৷ ইয়াৰে তিনিখন ৰাজ্যত বৰষুণৰ পৰিমাণ ঘাটি হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত এই কথা প্ৰকাশ পাইছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত ঘাটি বৰষুণৰ হৈছে ৷
বতৰ বিজ্ঞান কেন্দ্ৰই বিগত 1 জুনৰ পৰা 15 আগষ্টলৈ চলোৱা এক অধ্যয়ন অনুসৰি, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত ঘাটি বৰষুণ হৈছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বিগত 1 জুনৰ পৰা 15 আগষ্টলৈ চলোৱা অধ্যয়ন অনুসৰি, নাগালেণ্ড 24 শতাংশ, মণিপুৰত 37 শতাংশ আৰু মিজোৰামত 33 শতাংশ ঘাটি বৰষুণ হৈছে ৷ অৰ্থাৎ এই সময়ছোৱাত নাগালেণ্ডত স্বাভাৱিকতে 697.5 মিলিমিটাৰ বৰষুণ হ’ব লাগিছিল, কিন্তু বৰষুণ হৈছে 524.4 মিলিমিটাৰ ৷ আকৌ এই সময়ছোৱাত মণিপুৰত স্বাভাৱিকতে 716.4 মিলিমিটাৰ বৰষুণ হ’ব লাগিছিল, কিন্তু বৰষুণ হৈছে 454.6 মিলিমিটাৰ ৷ আনহাতে এই সময়ছোৱাত মিজোৰামত স্বাভাৱিকতে 1050.7 মিলিমিটাৰ বৰষুণ হ’ব লাগিছিল, কিন্তু বৰষুণ হৈছে 708.6 মিলিমিটাৰ ৷
এই সন্দৰ্ভত বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী সুনীত দাসে কয়- বৰষুণৰ পৰিমাণৰ হ্ৰাস যদি 19 শতাংশৰ ভিতৰত থাকে তেতিয়া বৰষুণ স্বাভাৱিক বুলি ধৰা হয় ৷ বৰষুণৰ পৰিমাণ হ্ৰাস যদি 20 শতাংশৰ পৰা 59 শতাংশৰ ভিতৰত থাকে তেতিয়া ঘাটি বৰষুণ হোৱা বুলি চিহ্নিত কৰা হয় ৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বিগত 1 জুনৰ পৰা 15 আগষ্টলৈ উত্তৰ পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ , ত্ৰিপুৰাত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে যদিও ঘাটি বৰষুণ হোৱা নাই ৷ তথ্য মতে, এই সময়ছোৱাত অসমত 7 শতাংশ, অৰুণাচল প্ৰদেশত 14 শতাংশ আৰু ত্ৰিপুৰাত 4 শতাংশ বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে ৷
লগতে পঢ়ক : সপোনৰ ঘৰখন বালি-পলসৰ তলত; জোনাইৰ এখন গাঁৱৰ ৫০ টা পৰিয়ালৰ হিয়াভগা বিননি - Assam Flood 2024